ETV Bharat / bharat

জনা-নজনা : বছৰৰ 42 দিন মৌনব্ৰত পালন কৰা গাঁওখন

বছৰৰ 42 দিন কথা মৌনব্ৰত পালন কৰা গাঁওখন ক'ত জানেনে ? এইখন ভাৰততে আছে এনে এখন গাঁও য'ত 42 দিনৰ বাবে বাসিন্দা সকলে মৌনব্ৰত পালন কৰে ৷

জনা-নজনা
জনা-নজনা
author img

By

Published : Nov 2, 2020, 8:42 PM IST

নিউজ ডেস্ক, 2 নৱেম্বৰ: অদ্ভুত যদিও এইয়াই সত্য ৷ ভাতৰত এখন গাঁৱৰ বাসিন্দাসকলে বছৰৰ 42 টা দিনে কথা নকয় ৷ এইয়া হিমাচল প্ৰদেশৰ ঘটনা ৷ মানালিৰ কুল্লু জিলাৰ সেই আচৰিত গাঁওখনৰ নাম হ'ল গোশাল ৷ গাঁওখনত বাসিন্দা সকলে 42 দিনৰ মৌনব্ৰত ৰাখে ৷ আনকি কথা নোকোৱাৰ বাবে তেওঁলোকৰ নিৰ্দিষ্ট তাৰিখো আছে ৷

জানুৱাৰী মাহৰ 14 তাৰিখৰ পৰা ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখ পৰ্যন্ত তেওঁলোকৰ মৌনব্ৰত ৷ এই বিষয়ত গোশাল পৰিচিত হলেও হিমাচলৰ বুৰুৱা, শানাগ, পালচান, কোঠি, ৰুৱাৰ আৰু কুলাং নামৰ গাঁওসমূহতো প্ৰচলিত আছে এনে নিয়ম ৷ শানাগ আৰু ৰুৱাৰত লোকে নিশ্চুপ হৈ থকাৰ লগতে সেই দিনকেইটাত তেওঁলোকে কৃষিকাৰ্যও স্থগিত কৰি ৰাখে ৷ প্ৰশ্ন হ'ল তেওঁলোকে 42 দিন কিয় মনে মনে থাকে ?

স্থানীয় লোক সকলৰ বিশ্বাস অনুসৰি, এই সময়খিনিত ঈশ্বৰ ধ্যানমগ্ন হয় ৷ তেওঁলোকে স্বৰ্গৰ পথ অতিক্ৰম কৰে ৷ সেই সময়ত যাতে বতাহতো কোনো লোকৰ শব্দ বা ট্ৰাফিক জাম নাথাকে, তাৰ বাবেই তেওঁলোকে পালন কৰি আহিছে এনে নিৰৱতা ৷ এই বিষয়ত আৰু এটা পৌৰাণিক মত আছে ৷ সেইয়া হ'ল বিপাশা নদীৰ পাৰত ঋষি গৌতমে আজিও তপস্যা কৰে ৷ তেওঁৰ তপস্যা যাতে ভংগ নহয় তাৰ বাবে তেওঁলোকে এনে নীতি-নিয়ম পালন কৰি আহিছে ৷ উল্লেখ্য যে, সেই স্থানত এটা প্ৰাচীন শিৱ মন্দিৰ আছে ৷ মকৰ সংক্ৰান্তিৰ দিনা পূজা কৰাৰ পাচত বন্ধ কৰি দিয়া হয় সেই মন্দিৰটো ৷ বাসিন্দা সকলে নিৰৱতা ভংগ কৰাৰ দিনাই খোলা হয় মন্দিৰৰ দুৱাৰ ৷ লোকবিশ্বাসৰ ওপৰিও এই ক্ষেত্ৰত বিজ্ঞানীসকলেও কিছুমান যুক্তি প্ৰদান কৰিছে ৷

বিজ্ঞানীসকলৰ মতে, শীতকালত তীব্ৰ শীত পৰে গোশালসহ হিমাচলৰ পাহাৰীয়া গাঁওসমূহত ৷ তুষাৰপাতত বগা হৈ যায় সেই প্ৰান্তসমূহ ৷ সেই শীতকালত কোনো কাম কৰিব নোৱাৰে ৰাইজে ৷ ঠাণ্ডাত কষ্ট পায় সমগ্ৰ গাঁৱৰ লোকে ৷ ক্লান্তবোধ কৰে বাসিন্দাসকলে ৷ এনে অৱস্থাত ঘৰৰ পৰা বাহিৰ হোৱাৰ কথা ক'লেই শক্তি নোহোৱা হয় বাসিন্দা সকলৰ ৷ অকাৰণতে যাতে শক্তি ক্ষয় নহয় তাৰ বাবে 42 দিনৰ মৌনব্ৰত ৷ যদিও তেওঁলোকে কথা নকয়, সেই সময়খিনিত তেওঁলোকে গীত শুনে, ইংগিতেৰে কৰে ঘৰৰ কাম ৷ জানিব পৰা মতে, সেই সময়ত যদি গোশালত কোনো পৰ্যটক আহে তেতিয়াও মনে মনে থাকে তেওঁলোক ৷

লগতে পঢ়ক: জনা-নজনা: 12 বছৰ বয়সৰ পাচত ল'ৰালৈ পৰিৱৰ্তন হয় ছোৱালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.