ETV Bharat / bharat

জনা-নজনা: পৃথিৱীৰ ভিন্ন প্ৰান্তত মৃতদেহ সৎকাৰৰ ভিন্ন নিয়ম

ক'ৰবাত যদি স্বজাতি ভক্ষণ, ক'ৰবাত আকৌ নতুন পোছাক পৰিধান কৰি আহাৰ গ্ৰহণ কৰা মেজত বহুওৱা হয় মৃতকক ৷ পৃথিৱীৰ কোন প্ৰান্তত কেনেদৰে মৃতদেহ সৎকাৰ কৰা হয় আপুনি জানেনে ?

জনা-নজনা
জনা-নজনা
author img

By

Published : Oct 12, 2020, 8:35 PM IST

নিউজ ডেস্ক, 12 অক্টোবৰ: সমগ্ৰ পৃথিৱীতে মৃতকৰ শেষকৃত্যক লৈ সংবেদনশীল লোক ৷ জীৱনৰ গুৰুত্ব যিমান হয়, কোনো কোনো সময়ত তাতোকৈয়ে অধিক গুৰুত্ব পায় শেষকৃত্যই ৷ ধৰ্মটো বাদেই, এলেকা, দেশ, মহাদেশ অনুপাতে সৎকাৰৰ পদ্ধতিও হয় ভিন ভিন ৷ যাৰ ভিতৰত এনে কিছুমান নিয়মো আছে, যিবোৰ জানিলে হতবাক হ'ব সকলো ৷

নতুন পোছাক পৰিধান কৰি আহাৰ গ্ৰহণ কৰা মেজত মৃতক

প্ৰতি 5 ৰ পৰা 7 বছৰৰ অন্তত মাদাগাস্কাৰত পালন হৈ আহিছে অদ্ভত প্ৰথা ৷ বিশেষ এটা দিনত কবৰ খান্দি মৃত ব্যক্তিৰ দেহাৱশেষ বাহিৰ কৰে আত্মীয়সকলে ৷ মৃতকক নতুন পোছাক পৰিধান কৰোৱা হয় ৷ খোৱা টেবুলত পাৰিবাৰিক ভোজত বহুওৱা হয় মৃত ব্যক্তিজনক ৷ মৃত ব্যক্তিজনক লৈ গানৰ তালে তালে নৃত্য কৰাও দেখিবলৈ পোৱা যায় আত্মীয়সকলক ৷ এনেধৰণৰ পাৰিবাৰিক পুনৰ মিলনৰ উৎসৱ ইন্দোনেছিয়াৰ আন এটা জনজাতিৰ মাজতো দেখিবলৈ পোৱা যায় ৷

তিব্বতৰ আকাশ সৎকাৰ

তিব্বত মালভূমিৰ গড় উচ্চতা 16 হাজাৰ ফুট ৷ যাৰ বাবে সেই অঞ্চলত পৃথিৱীৰ ছাদ বুলি কোৱা হয় ৷ তিব্বতৰ শিলাময় ভূমিত মৃতকক কবৰ দিয়াটো অতি কঠিন ৷ সেইবাবে তিব্বতৰ বাসিন্দা সকলৰ সৎকাৰ পদ্ধতিও পৃথক ৷ তিব্বতৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে মৃত্যুৰ পাচত মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি শগুনজাতীয় পক্ষীক খাবলৈ দিয়ে ৷ মানুহত মৃতদেহ খাই আকাশত উৰা পক্ষী, সেইবাবেই এনে ধৰণৰ সৎকাৰৰ নাম আকাশ সৎকাৰ ৷

স্বজাতি ভক্ষণ

ভেনিজুৱেলা আৰু ব্ৰাজিলৰ ইয়ানোমামোৰ অধিবাসীসকলৰ মাজত প্ৰচলিত হৈ আহিছে এক কুৎসিত প্ৰথা ৷ এই সমাজত কোনো লোকৰ মৃত্যু হ'লে তেওঁৰ মাংস ভক্ষণ কৰা হয় ৷ তেওঁলোকৰ বিশ্বাস, মৃত ব্যক্তিগৰাকীৰ মাংসৰ জৰিয়তে সেই ব্যক্তি গৰাকীৰ সকলো ভাল গুণ, জ্ঞান, সাহস, বুদ্ধি আদি ভক্ষণ কৰা লোক গৰাকীৰ দেহত সঞ্চাৰিত হয় ৷ দক্ষিণ আমেৰিকা আৰু পাপুৱা নিউ গিনিৰ কিছু অঞ্চলটো প্ৰচলিত হৈ আছে এই নিয়ম ৷

দেহ সংৰক্ষণ

প্ৰাচীন মিছৰত মামী আকাৰত সংৰক্ষণ কৰা হৈছিল মৃতদেহ ৷ এই পদ্ধতিত প্ৰথমে শৰীৰৰ আভ্যন্তৰীণ যাৱতীয় অংগ-প্ৰত্যংগ বাহিৰ কৰা হয় ৷ তাৰ পাচত দেহত আৰ্দ্ৰতা অপসাৰিত কৰা হয় ৷ শেষত দীঘল আকৃতিৰ লাইনিনৰ কাপোৰেৰে মেৰিওৱা হয় সমগ্ৰ দেহ ৷ নৃতাত্বিক সকলে হাজাৰ বছৰ পাচতো অবিকল অৱস্থাত জেহ উদ্ধাৰ কৰিছে ৷

লগতে পঢ়ক: জনা-নজনা: 400 বছৰে এই গাঁৱৰ লোকে শুনা নাই সদ্যোজাতৰ প্ৰথম কান্দোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.