ETV Bharat / bharat

ভাল খবৰঃ কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে "আনলক- 1" ৰ নিয়মাৱলী

author img

By

Published : May 30, 2020, 10:08 PM IST

অহা 1 জুনৰ পৰা কাৰ্যকৰী হৈ 30 জুনলৈকে বাহাল থাকিব "আনলক- 1" ৷ চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰিছে "আনলক- 1" ৰ নতুন নিয়মাৱলী ৷

Union Ministry of Home Affairs announced Unlock 1 guidelines
কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে "আনলক- 1" ৰ নিয়মাৱলী

নিউজ ডেস্ক, 30 মে': দেশজুৰি বাহাল থকা চতুৰ্থ পৰ্যায়ৰ লক ডাউনৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰিছে "আনলক- 1" ৰ নতুন নিয়মাৱলী ৷ অহা 1 জুনৰ পৰা কাৰ্যকৰী হৈ 30 জুনলৈকে বাহাল থাকিব "আনলক- 1" ৷ গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা "আনলক- 1"ৰ নিয়মাৱলী সমূহ হ'ল এনেধৰণৰ-

1) 8 জুনৰ পৰা খোলা থাকিব ধৰ্মীয় স্থান, হোটেল, ৰেষ্টুৰেণ্ট, শ্বোপিং মল আদি ৷ আনহাতে, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লগত আলোচনা কৰি বিদ্যালয়, কলেজ, কোচিং চেণ্টাৰ আদি খোলাৰ নিৰ্দেশ দিব চৰকাৰে ৷

2) পৰিস্থিতি ওপৰত নিৰ্ভৰ কৰি আন্তৰাষ্ট্ৰীয় বিমান সেৱা, মেট্ৰ' ৰেল, চিনেমা হল, জিম, চুইমিং পুল, এণ্টাৰটেইনমেণ্ট পাৰ্ক আদি খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিব গৃহ মন্ত্ৰণালয়ে ৷ কিন্তু Containment zone সমূহত 30 জুনলৈকে বাহাল থাকিব লকডাউন ৷

3) লকডাউন শিথিল কৰিলেও নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈকে কোনো ব্যক্তিয়ে ঘূৰা ফুৰা কৰিব নোৱাৰিব বুলি গৃহ মন্ত্ৰণালয়ে গাইডলাইনত উল্লেখ কৰে ৷ ইয়াৰ বিপৰীতে আন্তঃৰাজ্যিক ভ্ৰমণত এতিয়াৰে পৰা নাথাকিব কোনো বাধা ৷ লগতে, ভ্ৰমনৰ বাবে কোনো অনুমতি অথবা e-permitৰ প্ৰয়োজন নহয় ৷

4) 65 বছৰৰ উৰ্দ্ধৰ লোক, গৰ্ভৱতী মহিলা আৰু 10 বছৰৰ তলৰ শিশুক ঘৰত থকাৰ নিৰ্দেশ গৃহ মন্ত্ৰণালয়ৰ ৷ স্বাস্থ্যজনিত কাৰণত চৰকাৰে জাৰী কৰে এই নিৰ্দেশনা ৷

5) বহু লোকৰ সমাৱেশেৰে ৰাজহুৱা অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব ৷ বিবাহত ৫০, শেষকৃত্যত ২০জন লোকহে উপস্থিত থাকিব পাৰিব ৷

লগতে পঢ়কঃ যোৰহাটত পুনৰ 5 জনৰ শৰীৰত কৰ’ণা পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.