ETV Bharat / bharat

এইচ ১ বি ভিছা আৰু গ্ৰীণ কাৰ্ডক লৈ অনিশ্চয়তা !

author img

By

Published : May 3, 2020, 11:21 AM IST

Updated : May 3, 2020, 12:03 PM IST

“ভাৰতৰ দেশজোৰা লক্ ডাউন যথেষ্ট ফলপ্ৰসূ, কিন্তু জীৱিকা আৰু অৰ্থনীতি ৰক্ষা আৰু পুনৰুদ্ধাৰ কৰিবলৈ এতিয়া শিথিল কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।” এই মন্তব্য ইউ এছ ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰ্শ্বিপ ফৰাম চমুকৈ ইউ এছ আই এছ পি ইৰ সভাপতি আৰু মুখ্য কাৰ্যবাহী বিষয়া ডঃ মুকেশ আঘীৰ ।

Uncertainty Looms Over H1B Visas & Green Cards

জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰে হোৱা আছুতীয়া বাৰ্তালাপত নিউয়ৰ্কত থকা আঘীয়ে ট্ৰাম্প চৰকাৰৰ লক্ ডাউন ৰূপায়ণৰ ব্যৱস্থাক তীব্ৰ সমলোচনা কৰে । তেওঁৰ মতে ট্ৰাম্পৰ লক্ ডাউন সম্পৰ্কীয় ভুল নীতিৰ বাবে আমেৰিকাত ভিয়েটনাম যুদ্ধতকৈ কৰ’ণা ভাইৰাছত অধিক লোকৰ মৃত্যু হৈছে । লগতে তেওঁ উল্লেখ কৰে যে, অৰ্থনীতি নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতে ঘাটি পূৰণৰ বাবে ৰেহাই দিয়াৰ লগতে আমেৰিকাৰ দৰে বিত্তীয় সাহায্য প্ৰদান কৰিব লাগিব ।

ডঃ আঘীয়ে কয় যে,“প্ৰতিগৰাকী মানুহৰ জীৱনেই গুৰুত্বপূৰ্ণ । কিন্তু ১.৩ বিলিয়ন লোকৰ দেশ হিচাপে মৃত্যুৰ সংখ্যা বহুত নহয় । নাগৰিকক জীৱিকাৰ উপায় কেনেদৰে প্ৰদান কৰা হ’ব এতিয়া সেয়াহে গুৰুত্বপূৰ্ণ হৈ উঠিছে? ভাৰতৰ সাহায্যৰ পেকেজবোৰ চালে তাৰ পৰিমাণ একেবাৰে কম । লাহে লাহে অৰ্থনীতি স্বাভাৱিক কৰাৰ বাবে নাগৰিক, ব্যৱসায়িক সামাজ এম এছ এম ই আৰু খুচুৰা ব্যৱসায়ীসকলৰ আস্থা লাভ কৰিবলৈ কিবা পেকেজ ঘোষণা কৰা হয়নে নাই সেয়া হ’ব লক্ষণীয় । ডঃ আঘীয়ে কয়, যদি এই ক্ষেত্ৰবোৰ নিম্নগমী হ’বলৈ লয় তেন্তে সেয়া পুনৰুদ্ধাৰ কৰাটো পৰৱৰ্তী ছমাহ-এবছৰৰ বাবে কঠিন হ’ব ।

ভাৰতক হঠাতে দেশজোৰা কঠোৰ লক্ ডাউনৰ প্ৰয়োজন আছিল নে আৰু কিমান দিনলৈকে ই চলা উচিত বুলি কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চমকপ্ৰদ কাম কৰিছে । আমোলা-বিষয়াই কামত জঁপিয়াই পৰিছে । আটাইতকৈ গুৰুত্বপূৰ্ণ কথা নাগৰিকসকলে আহ্বান মানি লক্ ডাউন সফল কৰিছে । এয়া যথেষ্ট ফলপ্ৰসূ আৰু ইতিবাচক ফলাফল । কিন্তু এতিয়া শিথিলকৰণ আৰম্ভ কৰিব লাগে । নাগৰিক আৰু অৰ্থনীতিক দীৰ্ঘকালৰ বাবে লক্ ডাউনত ৰাখিব নোৱাৰি । কাৰণ ভাৰত হৈছে ৬০ শতাংশ ভোগ নিৰ্ভৰশীল অৰ্থনীতি । যদি সেয়া বন্ধ কৰা হয়, অৰ্থনীতি লাহে লাহে নিম্নগামী হৈ পৰিব । গতিকে ক্ৰমশঃ শিথিলকৰণৰ ব্যৱস্থা কৰিব লাগিব । লক্ ডাউনৰ ক্ষেত্ৰত আমেৰিকাৰ ব্যৱস্থা পুতৌজনক । আমি তাৰ সলনি যথেষ্ট ভাল কাম কৰিছোঁ । আমেৰিকাত এতিয়া ভিয়েটনাম যুদ্ধতকৈ কৰ’ণা ভাইৰাছত মৃত্যুৰ সংখ্যা অধিক । গতিকে ভাৰতৰ লগত তুলনা কৰিলে আমেৰিকাই লক্ ডাউনৰ ক্ষেত্ৰত এফ-গ্ৰেড কাৰ্ডহে লাভ কৰিব।”

তেওঁ লগতে কয় যে, অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাত অধিক সামগ্ৰী অন্তৰ্ভুক্ত কৰিব পৰাটো ভাল লক্ষণ আৰু আশা কৰে যে অহা দুই-চাৰি সপ্তাহৰ ভিতৰত ভাৰতে লক্ ডাউন খুলিবলৈ সক্ষম হ’ব ।

Uncertainty Looms Over H1B Visas & Green Cards
এইচ ১ বি ভিছা আৰু গ্ৰীণ কাৰ্ডক লৈ অনিশ্চয়তা !

চীনক কৰ’ণা ভাইৰাছ মহামাৰীৰ ক্ষেত্ৰত জগৰীয়া কৰাৰ ক্ষেত্ৰত সোধা এক প্ৰশ্নৰ উত্তৰত ডঃ আঘীয়ে কয় যে, আমেৰিকাৰ মিছৌৰি ৰাজ্যই চীনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা কাৰ্যই প্ৰমাণ কৰে যে সমগ্ৰ বিশ্বই চীনক দায়বদ্ধ প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিব । কিন্তু ভাৰতে এই সংকট ইতিবাচকভাৱে গ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় যোগান ব্যৱস্থা সঠিকভাৱে ৰখাটো দৰকাৰ বুলি তেওঁ মন্তব্য কৰে ।

“নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত ভাৰতবৰ্ষ স্বচ্ছ আৰু আশানুৰূপ হ’ব লাগিব । যেতিয়া ৱালমাৰ্টে ফ্লিপকাৰ্টক কিনে তেতিয়া কি হ’ব? দুসপ্তাহতে নীতি সলনি কৰা হ'ব । অন্ধ্ৰ প্ৰদেশত চৰকাৰ সলনি হোৱাৰ পাছতে সকলো চুক্তি সলনি কৰা হয় । এই ক্ষেত্ৰত দায়বদ্ধতা থাকিব লাগে । ভাৰতে কৰ্পৰেট কৰ হ্ৰাস কৰি এক নিদৰ্শন দেখুৱাইছে । কিন্তু শ্ৰমৰ সংস্কাৰ, ভূমি সংস্কাৰ আদিৰ ক্ষেত্ৰতো নজৰ দিব লাগিব । আমি যদি ভিয়েটনাম, কাম্বোডিয়া আদিৰ লগত তুলনা কৰোঁ তেতিয়া এইবোৰ দিশৰ গুৰুত্ব উপলব্ধি কৰিম।” ডঃ আঘীয়ে এনেদৰে কয় ।

পূৰ্বতে এল এণ্ড টি ইনফ’টেক আৰু আই বি এন ইণ্ডিয়াৰ শীৰ্ষ পদত কাৰ্যনিৰ্বাহ কৰা ডঃ আঘীয়ে ক্ৰমবৰ্দ্ধমান নিবনুৱা সমস্যাক এক প্ৰত্যাহ্বান হিচাপে গণ্য কৰে ।

“বিগত দুসপ্তাহত আমেৰিকাত নিবনুৱাৰ সংখ্যা ২৬ মিলিয়ন হয়গৈ । এই সংখ্যা নাটকীয়ভাৱে অধিক বৃদ্ধি পাব । যাৰ অৰ্থ যে বৰ্তমান পৰিস্থিতিত নিবনুৱাৰ হাৰ দহ শতাংশ পৰ্যন্ত বৃদ্ধি পাব । মাত্ৰ তিনি সপ্তাহলৈকে আমেৰিকাত নিবনুৱাৰ হাৰ আছিল শূন্য । গতিকে এয়া ডাঙৰ সমস্যা ।” তেওঁ এনেদৰে উদ্বিগ্নতা প্ৰকাশ কৰে ।

“ব্যৱসায়ী আৰু গ্ৰাহকৰ আস্থা নোহোৱা হৈ পৰিছে । ব্যৱসায়সমূহ স্তব্ধ হৈ পৰিছে,সামগ্ৰীবোৰ সৰবৰাহ কৰিব পৰা নাই কাৰণ গুদামবোৰ বন্ধ আছে । এই সকলোবোৰ পুনৰুদ্ধাৰৰ বাবে বহু কষ্টৰ প্ৰয়োজন হ’ব । এয়া ২০২২ বা তাৰ পাচলৈকে অব্যাহত থাকিব । গতিকে ইতিমধ্যে ৪.৫ শতাংশ হাৰত থকা ভাৰতীয় অৰ্থনীতিৰ ওপৰত লক্ ডাউনৰ প্ৰভাৱ চিন্তনীয় । চৰকাৰৰ পৰা ব্যাপক হাৰত সহায়ৰ প্ৰয়োজন হ’ব । কিন্তু প্ৰত্যক্ষ বিদেশী বিনিয়োগেৰে সংস্থাপনৰ সৃষ্টি কৰা কথাটো আলোচ্য বিষয় । দেশখনক আগবঢ়াই নিবলৈ অহা দহ বছৰৰ বাবে ১০০ বিলিয়ন আমেৰিকান ডলাৰৰ বিনিয়োগ নিশ্চিত কৰাটো দৰকাৰী ।” ডঃ আঘীৰ মন্তব্য এয়া ।

অৰ্থনীতিৰ মন্দাৱস্থাই এইচ ১ বি ভিছাধাৰী লোকসকলৰ ক্ষেত্ৰত পেলাব পৰা প্ৰভাৱৰ বিষয়ে মন্তব্য কৰি ডঃ আঘীয়ে কয় যে গ্ৰীণ কাৰ্ড থকাসকলৰ বাবেও বিষয়টো চিন্তনীয় ।

তেওঁ কয় “এইচ ১বি ৰ বিষয়টো চিন্তনীয় । যদি তেওঁলোকে চাকৰি হেৰুৱায় তেন্তে আন এটা চাকৰি বিচাৰিবলৈ তেওঁলোকৰ হাতত ৬০ দিন পায় । অন্যথা তেওঁলোকে দেশখন ত্যাগ কৰিব লাগে । বৰ্তমান এইচ ১ বি ভিছা থকা লাখ লাখ লোক আছে । তেওঁলোকে চাকৰি বিচৰা কামটো বহু পৰিমাণে প্ৰত্যাহ্বানেৰে ভৰা । তদুপৰি গ্ৰীণ কাৰ্ডৰ বাবে অপেক্ষা কৰি থকা আঠ লাখ ভাৰতীয়ও আহিব । ৰাষ্ট্ৰপতিৰ কাৰ্যকৰী নিৰ্দেশৰ ফলত এই প্ৰক্ৰিয়াও ন্যূন্যতম ষাঠি দিনৰ বাবে স্থগিত ৰখা হৈছে । এয়াও এক সমস্যা । ইয়াৰ লগতে মধ্য প্ৰাচ্যত যি ঘটি আছে সেয়াও ভাৰতৰ অৰ্থনীতিত প্ৰভাৱ পেলাব ” । ইউ এছ আই এছ পি এফৰ সভাপতিগৰাকীৰ মতে তেলৰ দাম হ্ৰাস পোৱাটো ভাৰতৰ বাবে আশীৰ্বাদ স্বৰূপ ।

তেওঁৰ মতে, “তেলৰ দাম হ্ৰাস পোৱাটো ভাৰতৰ বাবে আশীৰ্বাদ । প্ৰতিটো বেৰেলৰ বিপৰীতে বৃদ্ধি পোৱা ডলাৰৰ মূল্যই ভাৰতীয় অৰ্থনীতি তথা বিদেশী বিনিয়োগত যথেষ্ট প্ৰভাৱ পেলায় ।ভাৰতবৰ্ষ তেলৰ ক্ষেত্ৰত পৃথিৱীৰ বৃহৎ আমদানীকাৰী দেশসমূহৰ ভিতৰত অন্যতম । গতিকে তেলৰ দাম হ্ৰাস পোৱাটোৱে ইয়াৰ অৰ্থনীতিক সকাহ দিব ” ৷

লেখিকা : স্মিতা শৰ্মা, সাংবাদিক, নতুন দিল্লী

লগতে পঢ়ক : হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত শংকৰদেৱ সম্বন্ধীয় এক প্ৰৱন্ধ

Last Updated : May 3, 2020, 12:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.