নিউজ ডেস্ক, ২ জুনঃ অনলাইন পাঠদানত অংশ গ্ৰহণ কৰিবলৈ অসমৰ্থ হোৱা বাবেই সোমবাৰে কেৰালাৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে আত্মহত্যাৰ পথ বাছি লয় বুলি জানিবলৈ দিয়ে ছাত্ৰী গৰাকীৰ পিতৃ-মাতৃয়ে ।
কেৰালাৰ মালাপ্পুৰামৰ ৱালনেছেৰী দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰী গৰাকীৰ ঘৰত থকা দূৰদৰ্শনটো বেয়া হৈ থকাৰ উপৰিও ঘৰত থকা একমাত্ৰ ম'বাইলটো ঘৰত চাৰ্জ দিব পৰা ব্যৱস্থা নাছিল। যাৰ বাবে অনলাইন পাঠগ্ৰহণ কৰিব নোৱাৰিলে ছাত্ৰী গৰাকীয়ে । পঢ়াৰ প্ৰতি ধাউতি থকা ছাত্ৰী গৰাকী হতাশাত ভুগিছিল বুলি জানিবলৈ দিয়ে ছাত্ৰী গৰাকী পিতৃ-মাতৃয়ে ।
তাৰ পাচৰ পৰাই সন্ধানহীন হৈ আছিল ছাত্ৰী গৰাকী । পিতৃ-মাতৃয়ে বহু সময় ধৰি বিচাৰ-খোচাৰ কৰাৰ অন্তত ২০০ মিটাৰ নিলগত উদ্ধাৰ হয় ছাত্ৰী গৰাকীৰ মৃতদেহ । গাত কেৰাচিন ধালি জুই জ্বলাই আত্মহত্যা কৰে ছাত্ৰী গৰাকীয়ে ।
লগতে চাওকঃ নয়দাত নাটকীয় কায়দাৰে গ্ৰেপ্তাৰ "মষ্ট ৱান্টেড" মনু