ETV Bharat / bharat

অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ সিদ্ধান্ত উবেৰৰ - অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ সিদ্ধান্ত উবেৰৰ

লক ডাউনৰ বাবে সংকটত পৰা জনসাধাৰণক সহায়ৰ বাবে আগবাঢ়ি আহিছে জনপ্ৰিয় এপ উবেৰ ৷ উবেৰে লক ডাউনৰ সময়ছোৱাত জনসাধাৰণক ঘৰতে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ বাবে ইতিমধ্যে বিগ বাস্কেটৰ লগত এক ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰিছে ৷

Uber to deliver household essentials to consumers, ties up with bigbasket
অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ সিদ্ধান্ত উবেৰৰ
author img

By

Published : Apr 3, 2020, 2:17 PM IST

নতুন দিল্লী,3 এপ্ৰিলঃ জনপ্ৰিয় ৰাইড সম্পৰ্কীয় এপ উবেৰ এতিয়াৰ পৰা আপোনাৰ দুৱাৰমুখত ! দীৰ্ঘদিনে ভ্ৰমণৰ সময়ত সংগ দিয়া উবেৰে এতিয়া প্ৰতিঘৰ লোকৰ বজাৰ-সমাৰতো সহায় আগবঢ়াব ৷ লক ডাউনৰ সময়ছোৱাত সৃষ্টি হোৱা সমস্যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ট্ৰেভেল এপ উবেৰে ৷ জন সাধাৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ বাবে উবেৰে ইতিমধ্যে বিগ বাস্কেটৰ সৈতে এক ব্যৱসায়িক চুক্তি স্বাক্ষৰিত কৰিছে ৷

চুক্তি অনুসৰি উবেৰে দেশৰ বিভিন্ন প্ৰান্তৰ চুপাৰমাৰ্কেট আৰু ঔষধৰ হোম ডেলিভাৰী কৰিব ৷ এই সেৱাত দুচকীয়া উবেৰ বাহন (উবেৰ ম’ট’) আৰু চাৰিচকীয়া বাহন (উবেৰ গ’ আৰু উবেৰ এক্সএল) ব্যৱহাৰ কৰি গ্ৰাহকৰ দুৱাৰমুখত সামগ্ৰী যোগান ধৰা হ’ব ৷ উবেৰৰ ভাৰত আৰু দক্ষিণ এছিয়াৰ নিৰ্দেশক তথা মুখ্য পৰিচালন সঞ্চালক আৰু চহৰসমূহৰ দায়িত্বত থকা প্ৰভজিৎ সিঙে এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷ বিশেষকৈ উবেৰ চালকসকলৰ মজুৰি আৰু জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি উবেৰে এই কাৰ্যপন্থা হাতত লোৱা বুলি সিঙে উল্লেখ কৰে ৷ ইয়াৰ বাবে কোনো অতিৰিক্ত ধন ভৰিব নালাগে গ্ৰাহকসকলে ৷ অত্যাৱশ্যকীয় সামগ্ৰী ডেলিভাৰীৰ বৃহৎ প্ৰতিষ্ঠান বিগ বাস্কেটৰ সৈতে উবেৰে চুক্তিবদ্ধ হোৱাৰ কথা প্ৰকাশ কৰে উবেৰৰ দায়িত্ববাহী বিষয়াগৰাকীয়ে ৷

চৰকাৰে আৰোপ কৰা 21 দিনীয়া লক ডাউনৰ সময়ছোৱাত জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহয় বুলি ইতিমধ্যে ঘোষণা কৰিছে ৷ লগতে বেংক আৰু মিডিয়া সম্বোধনৰ ক্ষেত্ৰত এই নিয়ম শিথিল কৰিছে ৷ তদুপৰি এই সময়ত ভ্ৰমণৰ বাবে কোনো বাহন নোহোৱাৰ পৰিপ্ৰেক্ষিতত চালকসকলৰ মজুৰীৰ প্ৰতি লক্ষ্য ৰাখি এই বিকল্প ব্যৱস্থা গ্ৰহণ কৰে উবেৰে ৷ যানবাহন আইন মানি চলাৰ লগতে গুণগত মানদণ্ড অটুট ৰাখি উবেৰে গ্ৰাহকক সামগ্ৰী যোগান ধৰিব ৷ প্ৰথমাৱস্থাত দেশৰ কেইখনমান উল্লেখনীয় চহৰ যেনে- বাংগালুৰু, হাইদৰাবাদ, চণ্ডীগড় আৰু নয়দাত এই সেৱা মুকলি কৰা হ’ব ৷ এই সেৱাত অংশ ল’বলৈ তথা ডেলিভাৰী প্ৰশিক্ষণৰ বাবে আৱশ্যক ই-পাছৰ ব্যৱস্থা কৰিব বিগ বাস্কেটে ৷ বিগ বাস্কেটৰ ৰাষ্ট্ৰীয় খাদ্য সংশোধনৰ দায়িত্বত থকা বিষয়া ললিতা আগৰৱালাই উবেৰৰ লগত সম্পন্ন হোৱা চুক্তি সম্পৰ্কে সন্তুষ্টি প্ৰকাশ কৰি ইয়াৰ দ্বাৰা বহু লোক উপকৃত হোৱাৰ কথা প্ৰকাশ কৰে ৷

দেশত হোৱা কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি উবেৰৰ প্ৰতিজন চালকক হেণ্ড গ্ল’ভছ, চেনিটাইজাৰ, মাস্ক প্ৰদানৰ লগতে বিশেষ সুৰক্ষামূলক ব্যৱস্থাৰ প্ৰশিক্ষণ দিয়া হ’ব ৷ 25 মাৰ্চৰ পৰা দেশজুৰি লক ডাউন ঘোষণা হোৱাৰ পাছত প্ৰতিটো ই-বাণিজ্যিক সেৱাৰ ব্যৱসায়ত অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হৈছে ৷ যদিয়ো চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী যোগানৰ বাবে ই-বাণিজ্যিক সেৱাসমূহক অনুমতি প্ৰদান কৰিছে, কিন্তু পূৰ্বে সামগ্ৰী ডেলিভাৰীৰ বাবে যোৱা লোকক আৰক্ষীয়ে আতিশয্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইয়াৰ লগতে সকলো উদ্যোগ আৰু আন্তঃৰাজ্যিক ৰাজ্য়সমূহ সুৰক্ষাৰ স্বাৰ্থত বন্ধ কৰি দিয়াৰ বাবে বৰ্তমান ই-বাণিজ্য়িক সেৱাসমূহো স্থগিত ৰখা হৈছে ৷ কিন্তু লাহে লাহে পুনৰ চহৰসমূহত এই সেৱা আৰম্ভ কৰিছে ই-বাণিজ্যিক কেন্দ্ৰসমূহে ৷ কিন্তু পূৰ্বৰ ৰৈ থকা অৰ্ডাৰসমূহৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰাহকৰ নতুন কোনো অৰ্ডাৰ গ্ৰহণ কৰা নাই একাংশ ই-বাণিজ্যিক কেন্দ্ৰই ৷

লগতে চাওকঃ কৰ’ণা ভাইৰাছত মৃত্য়ুবৰণ কৰাসকল শ্বহীদঃ ওৱেছী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.