ETV Bharat / bharat

পশ্চিমবংগত U ফৰ UGLY পাঠদান কৰাই নিলম্বন ২ শিক্ষকক - পশ্চিম বংগত U ফৰ UGLY পাঠদান কৰাই নিলম্বন ২ শিক্ষকক

পশ্চিমবংগত প্ৰাক-প্ৰাথমিকৰ ছাত্ৰ-ছাত্ৰীক কমপ্লেকছন শব্দৰ অৰ্থ বুজাবলৈ ক'লা ৰঙৰ ছবি থকা ব্যক্তিক কুৎচিত আৰু বগা ৰঙৰ এগৰাকী মহিলাক ধুনীয়া বুলি পাঠদান কৰোৱা অভিযোগতে নিলম্বন কৰা হয় দুগৰাকী শিক্ষকক ।

পশ্চিম বংগ
পশ্চিম বংগত U ফৰ UGLY পাঠদান কৰাই নিলম্বন ২ শিক্ষকক
author img

By

Published : Jun 12, 2020, 3:15 PM IST

নিউজ ডেস্ক, ১২ ডেস্কঃ পশ্চিমবংগৰ চৰকাৰে বৃহস্পতিবাৰে নিলম্বন কৰে পূৰ্ব বৰ্ধবান জিলাৰ দুগৰাকী মহিলা শিক্ষকক । এখন ইংৰাজী বৰ্ণমাৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত বৰ্ণবৈষ্যমৰ সন্দৰ্ভত প্ৰাক-প্ৰাথমিকৰ ছাত্ৰ-ছাত্ৰীক ভূল উদাহৰণ দাঙি ধৰি শিক্ষাদান কৰা অভিযোগতে নিলম্বন কৰে শিক্ষক দুগৰাকীক ।

পশ্চিম বংগ
পশ্চিম বংগত U ফৰ UGLY পাঠদান কৰাই নিলম্বন ২ শিক্ষকক

উল্লেখ্য যে, বিগত কিছুদিন ধৰি আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বত আমেৰিকা-আফ্ৰিকা জৰ্জ ফ্লয়ড নামৰ এজন ২৫ বছৰীয়া যুৱকৰ মৃত্যুৰ পাচতে আৰম্ভ হয় বৰ্ণবৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ । এই বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে শিক্ষক দুগৰাকীয়ে প্ৰাক-প্ৰাথমিকৰ ছাত্ৰ-ছাত্ৰীক ক'লা ৰঙৰ ছবি থকা এজন ব্যক্তিক কুৎসিত আৰু বগা ৰঙৰ এগৰাকী মহিলাক ধুনীয়া বুলি পাঠদান কৰাই । যাৰ ফলত অনলাইন যোগে হৈ থকা পাঠদানৰ সময়তে অভিভাৱকে শিক্ষক দুগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে । আৰু অভিযোগৰ ভিত্তিতে নিলম্বন কৰা হয় শিক্ষক দুগৰাকীক ।

আনহাতে, ঘটনা সন্দৰ্ভত পশ্চিম বংগৰ শিক্ষা মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে কয় যে,এইখন পাঠ্যপুথি পশ্চিম বংগৰ শিক্ষা বিভাগৰ দ্বাৰা সম্পাদন কৰা পাঠ্যপুথিত অন্তৰ্ভুক্ত নহয় । এই পাঠ্যপুঠিখন বিদ্যালয়খনৰ পৰাই প্ৰস্তুত কৰা হৈছে । আমি এনে একো কাম সহ্য নকৰো যিয়ে শিশুসকলৰ ভৱিষ্যতৰ ওপৰত প্ৰভাৱ পেলায় ।

লগতে চাওকঃ কৰ'ণাত আক্ৰান্ত মহানগৰীত এজন CISF জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.