ETV Bharat / bharat

কলকাতা পালেহি ক’ৰণা ভাইৰাছ ! - 21 টা বিমানবন্দৰত ক’ৰণা ভাইৰাছক লৈ সতৰ্কতা জাৰি

কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত দুগৰাকী যাত্ৰীৰ শৰীৰত সন্দেহজনক ক’ৰণা ভাইৰাছৰ উপস্থিতি সম্পৰ্কে উত্থাপিত সন্দেহ নসাৎ কৰিছে বেলিয়াঘাটা আই ডি হাস্পতাল কৰ্তৃপক্ষই ৷ বেংককৰ পৰা অহা দুগৰাকী যাত্ৰীক স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত ষ্পষ্ট হয় এই কথা ৷ বিমানবন্দৰ কৰ্তৃপক্ষৰ হৈ এই কথা সদৰী কৰে পৰিচালন সঞ্চালক কৌশিক ভট্টাচাৰ্যই ৷

Two test negative for coronavirus at Kolkata airport
ক’ৰণা ভাইৰাছৰ সন্দেহ নসাৎ বিমানবন্দৰ কৰ্তৃপক্ষৰ
author img

By

Published : Feb 13, 2020, 9:07 PM IST

পশ্চিমবংগ,13 ফেব্ৰুৱাৰীঃ বিশ্বত্ৰাস ক’ৰণা ভাইৰাছৰ আতংক সৰ্বত্ৰে বিৰাজ কৰাৰ পিছত সষ্টম হৈ পৰিছে দেশৰ প্ৰতিটো বিমানবন্দৰ ৷ বৃহস্পতিবাৰে কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত দুগৰাকী যাত্ৰীৰ শৰীৰত সন্দেহজনক ক’ৰণা ভাইৰাছৰ উপস্থিতি সম্পৰ্কে উত্থাপিত সন্দেহ নসাৎ কৰিছে বেলিয়াঘাটা আই ডি হাস্পতাল কৰ্তৃপক্ষই ৷ বেংককৰ পৰা অহা দুগৰাকী যাত্ৰীক স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত ষ্পষ্ট হয় এই কথা ৷ বিমানবন্দৰ কৰ্তৃপক্ষৰ হৈ এই কথা সদৰী কৰে পৰিচালন সঞ্চালক কৌশিক ভট্টাচাৰ্যই ৷ যাত্ৰী দুগৰাকী হিমাদ্ৰী বৰ্মন আৰু নাগেন্দ্ৰ সিং বুলি নতুন দিল্লীৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰে ৷

Two test negative for coronavirus at Kolkata airport
ক’ৰণা ভাইৰাছৰ সন্দেহ নসাৎ বিমানবন্দৰ কৰ্তৃপক্ষৰ

ইয়াৰ পূৰ্বে,অনিতা ওৰাৱোন নামৰ অন্য এগৰাকী যাত্ৰীৰ শৰীৰত জ্বৰৰ লক্ষণ দেখি বিমানবন্দৰ কৰ্তৃপক্ষই ডিঙি পৰীক্ষা কৰোৱায় যদিও ভাইৰাছবিধৰ কোনো লক্ষণ দেখা পোৱা নগ’ল ৷ চীনত সংহাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক ক’ৰণা ভাইৰাছৰ প্ৰভাৱে ত্ৰাসিত কৰিছে বৰ্তমান বিশ্বৰ প্ৰতিজন লোকক ৷ ভাৰততো ইয়াৰ বিৰুদ্ধে সতৰ্কতা জাৰি কৰা হৈছে ৷ দেশৰ মুঠ 21 টা বিমানবন্দৰত ক’ৰণা ভাইৰাছক লৈ সতৰ্কতা জাৰি কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই ৷ ইতিমধ্যে,কলকাতাৰ পৰা চীনলৈ চলা পোনপটীয়া দুখন বিমানৰ যাত্ৰা বাতিল কৰিছে কলকাতা বিমানবন্দৰ কৰ্তৃপক্ষই ৷ বিগত 6 ফেব্ৰুৱাৰীৰ পৰা আগশাৰীৰ বিমান সেৱা ইণ্ডিগ’ই অস্থায়ীৰূপে বন্ধ কৰিছে চীনলৈ যোৱা বিমানসমূহ ৷ 6 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈ বন্ধ থাকিব কলকাতা-গুৱাঙ্গঝাও বিমান সেৱা ৷ লগতে 7ফেব্ৰুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈ বন্ধ থাকিব গুৱাঙ্গঝাও-কলকাতা বিমান সেৱা ৷ চীনা পূৰ্বোত্তৰ এয়াৰলাইঞ্চয়েও ক’ৰণা ভাইৰাছৰ বাবে কলকাতা,কুনমিং,গুৱাঙ্গঝাও,হংকং,ছিংগাপুৰ আৰু বেংককলৈ চলা বিমানসমূহৰ উৰণ বন্ধ ৰাখিছে ৷

লগতে চাওকঃচীনত ক’ৰণা ভাইৰাছৰ সংহাৰীৰূপঃ 1,113 জনলৈ বৃদ্ধি মৃত্যুৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.