নিউজ ডেস্ক, ৬ জুলাই : কৰ'ণা আতংকৰ মাজতে দক্ষিণ কাশ্মীৰৰ কুলগ্ৰামত সন্ত্ৰাসবাদী আৰু ভাৰতীয় সুৰক্ষা বাহিনীৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষত নিহত ২ গৰাকী সন্ত্ৰাসবাদীৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে । এগৰাকী আৰক্ষী বিষয়াই জনোৱা অনুসৰি, দুয়ো গৰাকী সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ পিচত তেওঁলোকৰ তেজৰ নমুনা পৰীক্ষণৰ বাবে পঠোৱা হৈছিল । সোমবাৰে শ্ৰীনগৰৰ চি ডি চিকিৎসালয়ৰ পৰা অহা পৰীক্ষাৰ ৰিপৰ্ট অনুসৰি, নিহত দুয়োগৰাকী লোক মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছিল ।
জানিব পৰা মতে, কুলগ্ৰাম অঞ্চলত সন্ত্ৰাসবাদী আৰু ভাৰতীয় সুৰক্ষা বাহিনীৰ মাজত সৃষ্টি হোৱা গুলিয়াগুলীৰ ফলত ২ গৰাকী সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ভাৰতীয় সুৰক্ষা বাহিনীৰ ১ গৰাকী জোৱান আঘাত প্ৰাপ্ত হৈছিল । নিহত সন্ত্ৰাসবাদী ২ গৰাকীৰ এজন বিদেশী লোক আছিল যিয়ে ছদ্মনামৰে সন্ত্ৰাসবাদীৰ লগত জড়িত আছিল আৰু ১ গৰাকী স্থানীয় লোক আছিল । যাৰ তথ্য আৰক্ষীয়ে প্ৰকাশ কৰা নাই ।
আৰক্ষী গৰাকীয়ে জনোৱা অনুসৰি, সম্পূৰ্ণ কোভিড-১৯ ৰ নীতি-নিয়মৰ মাজৰে তেওঁলোকক উপযুক্ত স্থানত অন্তিম সৎকাৰ কৰা হ'ব ।