নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ গুলিত নিহত হৈছে দুগৰাকী সন্ত্ৰাসবাদীৰ লগতে এগৰাকী সহযোগী । জম্মু-কাশ্মীৰৰ পুলৱামাত সংঘটিত হোৱা গুলিয়াগুলিত নিহত হয় এগৰাকী সহযোগীকে ধৰি তিনিটাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী । স্থানীয় আৰক্ষীয়ে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে এই কথা ।
জিলাখনৰ অৱন্তিপুৰাৰ গোৰিপুৰা অঞ্চলত সন্দেহজনক সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিৰুদ্ধে যোৱানিশাই তথ্য লাভ কৰে সেনাৰ চোৰাংচোৱাই । ইয়াৰ পিচতেই নিশাৰ পৰাই সমগ্ৰ অঞ্চলটো ঘেৰি লৈ সেনা-চিআৰপিএফ আৰু আৰক্ষীয়ে অভিযান আৰম্ভ কৰে । অভিযানৰ সময়ত পুৱতি নিশা অভিযানকাৰী দলৰ সৈতে মুখামুখি হয় সন্ত্ৰাসবাদীৰ দলটো । অভিযানকাৰী দলটোৰ সৈতে হোৱা গুলিচালনাত দুটাকৈ সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে তেওঁলোকৰ এগৰাকী সহযোগী নিহত হয় বুলি স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰিছে । ইতিমধ্যে সমগ্ৰ অঞ্চলটো ঘেৰি লৈ অভিযানকাৰী দলে অব্যাহত ৰাখিছে অভিযান ।
বিগত সপ্তাহতো দক্ষিণ কাশ্মীৰৰ ছোপিয়ান জিলাত সেনা-আৰক্ষীৰে সৈতে হোৱা মুখামুখি সংঘৰ্ষত চাৰিটাকৈ সন্ত্ৰাসবাদী নিহত হৈছিল । আনহাতে বিগত দুদিনত জম্মু-কাশ্মীৰৰ কুলগাম আৰু ছোপিয়ানত দুগৰাকীকৈ আৰক্ষীক অপহৰণ কৰি নিছিল সন্ত্ৰাসবাদীয়ে । অৱশ্যে আৰক্ষী আৰু সেনাৰ অভিযানত দুয়োগৰাকীয়ে সুকলমে উদ্ধাৰ কৰা হয় ।
লগতে পঢ়কঃ ৰোহিংগীয়াক স্থান প্ৰদান নকৰে বাংলাদেশে : আব্দুল মমেন