ETV Bharat / bharat

সাংবাদিকৰ দেহত কৰ'ণা ভাইৰাছ ! - কৰ'ণা ভাইৰাছ

তামিলনাডুৰ দুজন সংবাদ কৰ্মীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । এজন তামিল ডেইলিৰ সংবাদদাতাৰ বিপৰীতে আনজন তামিল নাডুৰ এটা টেলিভিছন সংবাদ প্ৰতিষ্ঠানৰ সহ সম্পাদক ।

Two journos test positive for coronavirus in TN

author img

By

Published : Apr 20, 2020, 1:24 PM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ দেওবাৰে তামিলনাডুত প্ৰথমবাৰৰ বাবে দুজন সংবাদ কৰ্মীৰ দেহত ধৰা পৰিল কৰ'ণা ভাইৰাছৰ অৱস্থিতি । ৰাজ্যখনত প্ৰথম আক্ৰান্ত ধৰা পৰাৰ এমাহৰ পাচত এই ঘটনা সংঘটিত হৈছে বুলি কৰ্তপক্ষই জানিবলৈ দিয়ে ।

এই আক্ৰান্ত দুজন সংবাদ কৰ্মীৰ এজন তামিল ডেইলিৰ হৈ ৰিপৰ্টাৰ হিচাপে কৰ্মৰত । আনহাতে আনজন এটা তামিল টেলিভিছন সংবাদ প্ৰতিষ্ঠানৰ সহ সম্পাদক (Sub-Editor)। দেওবাৰে দুয়োৰে কৰ'ণা ভাইৰাছৰ পৰীক্ষণ কৰাৰ পাচত ফলাফল ধনাত্মক পোৱা যায় ।

বৰ্তমান সংবাদদাতা জনক ৰাজীৱ গান্ধী চৰকাৰী সাধাৰণ চিকিৎসালয়ত আৰু আনজনক চৰকাৰী ষ্টেনলী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । দুয়োৰে অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসকে । আনহাতে শেহতীয়াকৈ এগৰাকী ৫২ বছৰীয়া আলান্দুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শকৰ দেহতো কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল । তামিলনাডুত প্ৰথমটো কৰ'ণা ভাইৰাছৰ আক্ৰান্তৰ কথা পোহৰলৈ আহিছিল যোৱা ৮ মাৰ্চত । ৰাজ্যখনত বৰ্তমানলৈকে স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি ১৪৭৭ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ১৫ জন । আনহাতে সুস্থ হৈ উঠিবলৈ সক্ষম হৈছে ৪১১ জন লোক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.