নিউজ ডেস্ক, 25নৱেম্বৰঃ 2003চনৰ চাদিক জামালক ভুৱা এনকাউন্টাৰত হত্যাৰ লগত দুজনকৈ আৰক্ষী জড়িত থকাৰ অভিযোগত কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআইৰ এক বিশেষ ন্যায়ালয়ে তেওঁলোকৰ বিৰুদ্ধে থকা গোচৰত পৰ্যাপ্ত পৰিমাণে তথ্য নথকাৰ বাবে গোচৰটোৰ পৰা মুক্তি প্ৰদান কৰে ৷
মঙলবাৰে চিবিআইৰ এখন বিশেষ ন্যায়লয়ে এক আদেশৰ জৰিয়তে ঘোষণা কৰে যে, পি এল মবামি নামৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু আনগৰাকী আৰক্ষী কনিষ্টবল এ এছ যাদবে চলিত বছৰৰ আগষ্ট মাহতে চিবিআইৰ বিশেষ আদালতত গোচৰটোৰ পৰা মুক্তিৰ এক আবেদন দাখিল কৰিছিল ৷ আবেদনl তেওঁলোকে উল্লেখ কৰিছিল, চিবিআইয়ে সমগ্ৰ ঘটনাটোৰ বিষয়ে ভূলকৈ চাৰ্জশ্বিট দাখিল কৰিছে ৷
উল্লেখযোগ্য যে, লস্কৰ-ই-তৈয়বাৰ সদস্য জামালৰ বিৰুদ্ধে তদান্তিন গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপি দলৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতাক হত্যা কৰাৰ ষড়যন্ত ৰচনা কৰাৰ অভিযোগ আছিল ৷ 2003 চনৰ 13 জানুৱাৰীত আহমেদাবাদত নৌৰদা অঞ্চলত আৰক্ষীৰে হোৱা এক সংঘৰ্ষত চাদিকৰ ম়ত্যু হৈছিল ৷
ইপিনে চাদিকৰ ভাতৃ চব্বিৰ জামালে সমগ্ৰ ঘটনাৰ বিষয়ে উল্লেখ কৰি গুজৰাট উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷ উচ্চ ন্যায়ালয়ে সমগ্ৰ বিষয়টো অনুসন্ধান কৰিবলৈ গোচৰটো কেন্দ্ৰীয় অনুসন্ধাকাৰী সংস্থা চমুকৈ চিবিআইৰ হাতলৈ অপৰ্ণ কৰিছিল ৷
অভিযুক্ত আৰক্ষীৰ লোক দুজনে আদালতত দাখিল কৰাৰ এক আবেদনৰ পিছতেই মঙলবাৰে চিবিআইৰ ন্যায়াধীশ বি এ দবেয়ে তেওঁলোকৰ বিৰুদ্ধে পৰ্যাপ্ত পৰিমাণৰ তথ্য নথকা আৰু গোচৰটো মনে সজা তথা এটা মিছা গোচৰ তেঁওলোকৰ বিৰুদ্ধে ৰুজো কৰা হৈছিল বুলি স্পষ্টকৈ উল্লেখ কৰে ৷
উল্লেখযোগ্য যে, গুজৰাট উচ্চ ন্যায়ালয়ে সমগ্ৰ ঘটনাটোৰ বিষয়ে যেতিয়া চিবিআইক তদন্তৰ ভাৰ অপৰ্ণ কৰিছিল তেতিয়া চিবিআইয়ে চাৰ্জশ্বিটত উল্লেখ কৰিছিল যে, আৰক্ষীৰ দলটোৱে সমগ্ৰ এনকাউন্টাৰৰ ঘটনাটো পূৰ্ব পৰিকল্পনাৰে চাদিকক 2003 চনৰ 13 জানুৱাৰীত হত্যা কৰিছিল ৷
লগতে পঢ়কঃএদিনত 1 লাখ কোভিড প্ৰতিষেধক দিবলৈ সাজু এপ’ল’ হাস্পতাল