ETV Bharat / bharat

দুই ভুৱা চিকিৎসকে মিলি চলাই আছিল ব্যক্তিগত চিকিৎসালয়

author img

By

Published : Jul 20, 2020, 11:37 AM IST

Updated : Jul 20, 2020, 12:46 PM IST

হায়দৰাবাদত দীৰ্ঘদিনৰ পৰা দুগৰাকী ব্যক্তিয়ে ভুৱা পৰিচয়েৰে চলাই আহিছিল এখন চিকিৎসালয় ৷ মহম্মদ ছোৱাইব সুভানী আৰু মহম্মদ আব্দুল মুজীৱ নামেৰে পৰিচিত ব্যক্তি দুগৰাকীয়ে চহৰখনত অৱস্থিত সমীৰ চিকিৎসালয়ৰ পৰিচালনাৰ দায়িত্বত ন্যস্ত আছিল ৷ সম্প্ৰতি সমগ্ৰ ঘটনা পোহৰলৈ অহাত আৰক্ষীয়ে দুয়োগৰাকী ব্যক্তিকে আটক কৰে ৷

Two fake doctors held in Hyderabad Etv bharat news
হাইদৰাবাদত আটক ভূৱা চিকিৎসক

হায়দৰাবাদ,20 জুলাই: তেলেংগানাৰ ৰাজধানী চহৰ হায়দৰাবাদত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ ৷ যোগ্যতা অবিহনে চহৰখনত দীৰ্ঘদিনৰ পৰা দুগৰাকী ব্যক্তিয়ে ভূৱা পৰিচয়েৰে চলাই আহিছিল এখন চিকিৎসালয় ৷ চিকিৎসকৰ ৰূপত সেৱা আগবঢ়াই অহা ব্যক্তি দুগৰাকীয়ে সাধাৰণ লোকক ভূৱা পৰিচয় প্ৰদান কৰি চলাই আহিছিল চিকিৎসা ৷ মহম্মদ ছোৱাইব সুভানী আৰু মহম্মদ আব্দুল মুজীৱ নামেৰে পৰিচিত ব্যক্তি দুগৰাকীয়ে চহৰখনত অৱস্থিত সমীৰ চিকিৎসালয়খনৰ পৰিচালনাৰ দায়িত্বত ন্যস্ত আছিল ৷ সম্প্ৰতি সমগ্ৰ ঘটনা পোহৰলৈ অহাত আৰক্ষীয়ে দুয়োগৰাকী ব্যক্তিকে আটক কৰে ৷ লগতে মহম্মদ আব্দুল মুজীৱৰ নামত থকা চিকিৎসালয়খনৰ ভুৱা পঞ্জীয়ন পত্ৰৰ লগতে সকলো যাৱতীয় নথিপত্ৰ জব্দ কৰে আৰক্ষীয়ে ৷

গোপন সূত্ৰৰ পম খেদি শনিবাৰে চহৰখনৰ পশ্চিম জ’ন আৰক্ষী আয়ুক্তৰ অভিযানকাৰী দলে ভুৱা ব্যক্তি দুগৰাকীক কৰায়ত্ত কৰে ৷ চিকিৎসালয়খনৰ অধ্যক্ষ সুভানীয়ে 2017 চনত হায়দৰাবাদৰ মেহদীপট্টনামত উক্ত চিকিৎসালয়খন আৰম্ভ কৰে ৷ 2006 চনত বি.কম ডিগ্ৰী সম্পূৰ্ণ নকৰাকৈয়ে অধ্যয়নৰ সামৰণি ঘটোৱা সুভানীয়ে ভুৱা তথ্যৰ ভিত্তিতে এই সকলো কাম সম্পূৰ্ণ কৰিছিল ৷ সুভানীৰ অন্যতম সহযোগী মুজীৱে পূৰ্বে হুমায়ুন নগৰৰ এখন চিকিৎসালয়ত কাম কৰিছিল ৷ দুই বন্ধুৱে মিলি অধিক মুনাফা আদায়ৰ পৰিকল্পনাৰে এই কাম আৰম্ভ কৰিছিল ৷ অভিযানকাৰী আৰক্ষীৰ দলে বিগত 18 জুলাইত অভিযান চলাই সন্দেহজনক সকলো সামগ্ৰী জব্দ কৰাৰ লগতে ছীল কৰে চিকিৎসালয়খন ৷ সম্প্ৰতি সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত আছে ৷

লগতে চাওকঃ বিহাৰত বজ্ৰপাতত পুনৰ 16 জনৰ মৃত্যু

Last Updated : Jul 20, 2020, 12:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.