নিউজ ডেস্ক, 26 অক্টোবৰঃ বিগত 21 অক্টোবৰত অসম চৰকাৰৰ কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত 2021 চনৰ 1 জানুৱাৰীৰ পৰা যি সকলে ব্যক্তিৰ দুটাতকৈ অধিক সন্তান থাকিব তেওঁলোকে চৰকাৰী চাকৰি নোপোৱাৰ লগতে চৰকাৰী চাকৰিতো আবেদন কৰিব নোৱাৰিব ৷ কেবিনেটৰ সিদ্ধান্তৰ পাচতেই বিষয়টো সমগ্ৰ দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ৷ কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল যে,অসম দেশৰ ভিতৰত একমাত্ৰ ৰাজ্য নহয় যি এই নীতি গ্ৰহণ কৰিছে ৷ ইয়াৰ পূৰ্বেও বিহাৰ,হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ,হাৰিয়ানা,অন্ধ্ৰঃপ্ৰদেশ,ৰাজস্থান,ওড়িশা,চট্টিশগড়,গুজাৰাট,মহাৰাষ্ট্ৰ, উত্তৰাখণ্ডত কিছু পৰিমাণে পৰ্যন্ত এই নীতি গ্ৰহণ কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত মধ্য প্ৰদেশ,চট্টিশগড়, হাৰিয়ানা, হিমাচল প্ৰদেশে দুটা সন্তানৰ নীতি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰে ৷
ভাৰতৰ অন্য ৰাজ্যত দুটা সন্তানৰ নীতিঃ
ৰাজস্থানঃ ৰাজস্থানত দুটাতকৈ অধিক সন্তান থকা ব্যক্তিক চৰকাৰী চাকৰিৰ ক্ষেত্ৰত উপযুক্ত নহয় বুলি গণ্য কৰা হৈছিল ৷ ৰাজস্থান পঞ্চায়ত ৰাজ অধিনিয়ম 1994 অনুসৰি,যিসকল ব্যক্তিৰ দুটাতকৈ অধিক সন্তান থাকিব তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব ৷ কিন্তু পৰৱৰ্তী সময়ত বসন্ধুৰা ৰাজে নেতৃত্বাধীন বিজেপি চৰকাৰে এই নীতি প্ৰত্যাহাৰ কৰে ৷
মধ্য প্ৰদেশ আৰু চট্টিশগড়ঃ 2001 চনত মধ্য প্ৰদেশ আৰু চট্টিশগড়ত এই নীতি গ্ৰহণ কৰা হৈছিল ৷ সেই অনুসৰি দুটাতকৈ অধিক সন্তান থকা ব্যক্তিয়ে চৰকাৰী চাকৰি কিম্বা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব ৷ কিন্তু 2005 চনত দুয়োখন ৰাজ্যই এই নীতিৰ প্ৰত্যাহাৰ কৰে ৷
গুজৰাটঃ 2005 চনত গুজৰাটত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে গুজৰাট স্থানীয় প্ৰশাসন অধিনিয়ম গ্ৰহণ কৰে ৷ অধিনিয়ম অনুসৰি দুটাতকৈ অধিক সন্তান থকা ব্যক্তি পঞ্চায়ত,পৌৰসভাৰ নিৰ্বাচনৰ বাবে অযোগ্য বুলি ঘোষণা কৰা হ'ব ৷
মহাৰাষ্ট্ৰঃ মহাৰাষ্ট্ৰ জিলা পৰিষদ আৰু পঞ্চায়ত সমিতি অধিনিয়ম অনুসৰি, যিসকল ব্যক্তিৰ দুটাতকৈ অধিক সন্তান থাকিব তেওঁলোক পঞ্চায়ত,পৌৰসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব ৷ মহাৰাষ্ট্ৰ লোকসেৱা আয়োগ সৰু পৰিয়াল 2005 চনৰ অধিনিয়ম অনুসৰি যি সকল ব্যক্তিৰ দুটাতকৈ অধিক সন্তান থাকিব তেওঁলোক ৰাজ্য চৰকাৰৰ যিকোনো পদৰ বাবে অযোগ্য বুলি গ্ৰহণ কৰা হ'ব ৷ আনহাতে, যিসকল মহিলাৰ দুটাতকৈ অধিক সন্তান থাকিব তেওঁলোক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ পৰাও বঞ্চিত থাকিব ৷
উত্তৰাখণ্ডঃ উত্তৰাখণ্ড বিধানসভাতো এই সন্দৰ্ভত প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ কিন্তু চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ত এক আবেদন জনোৱা হয় ৷ তাৰ পাচতেই দুটাতকৈ অধিক সন্তান থকা বিধেয়কখন জিলা পঞ্চায়ত আৰু খণ্ড উন্নয়ন বিষয়াৰ সদস্য পদৰ বাবে প্ৰযোজ্য হ'ব বুলি ৰায়দান কৰে উচ্চ ন্যায়ালয়ে ৷
কৰ্ণাটকঃ কৰ্ণাটক গ্ৰাম্য স্বৰাজ আৰু পঞ্চায়ত ৰাজ অধিনিয়ম 1993 অনুসৰি, দুটাতকৈ অধিক সন্তান থকা ব্যক্তি স্থানীয় শাখা নিৰ্বাচনৰ বাবে যোগ্য নহয় বুলি গ্ৰহণ কৰা হ'ব ৷ লগতে উক্ত আইন অনুসৰি যদি কোনো ব্যক্তিৰ অনাময় শৌচাগাৰ নাথাকে তেন্তে সেই ব্যক্তিজনো নিৰ্বাচনত কোনো ধৰণৰ প্ৰতিদ্বন্দিতা আগবঢা়ব নোৱাৰিব ৷
ওড়িশাঃ ওড়িশাত যি সকল ব্যক্তিৰ দুটাতকৈ অধিক সন্তান তেওঁলোক জিলা পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব নোৱাৰিব ৷
সৌজন্যঃ ইণ্ডিয়ান এক্সপ্ৰেছ, টাইমছ অফ ইণ্ডিয়া, ইণ্ডিয়া টুদে মেগাজিন ৷