নিউজ ডেস্ক, ৫ জুলাইঃ বলীউডৰ সদ্য প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুৰত পিতৃ কেকে সিঙৰ নামত এক টুইটাৰ একাউন্ট খুলি কোনো অচিনাক্ত লোকে অভিনেতাগৰাকীৰ মৃত্যুৰ চিবিআই তদন্ত দাবী কৰে ৷ আনহাতে এই ঘটনাৰ পিচতে অভিনেতাগৰাকীৰ পৰিয়ালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, সুশান্ত সিঙৰ পিতৃ কেকে সিঙৰ কোনো টুইটাৰ হেণ্ডেল নাই ৷
উল্লেখ্য যে, পুত্ৰৰ মৃত্যু সন্দৰ্ভত চিবিআই তদন্ত বিচাৰিছে বুলি কেকে সিঙৰ নামত থকা এক ভুৱা টুইটাৰ একাউন্টৰ পৰা শনিবাৰে এক টুইট কৰা হয় ৷ কিন্তু পৰিয়ালৰ লোকে ইয়াক অস্বীকাৰ কৰাৰ লগতে তেওঁৰ পিতৃৰ টুইটাৰ নথকাৰ বিষয়ে জানিবলৈ দিয়ে ৷