নিউজ ডেস্ক, ২৮ জুন : আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰা'ম্পৰ ভাতৃয়ে এখন আদালতক জনোৱা অনুসৰি, নিউয়ৰ্ক চহৰৰ এজন ন্যায়ধীশৰ দ্ধাৰা তেওঁৰ প্ৰথম মন্তব্য শুনাৰ পিচত ৰাষ্ট্ৰপতিৰ ভাগিনীয়েকৰ সকলোবোৰ গ্ৰন্থ প্ৰকাশৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে ।
ৰবাৰ্ট ট্ৰা'ম্পৰ অধিবক্তাই জনোৱা অনুসৰি, ভাগিন মেৰি ট্ৰা'ম্পে দুই দশক পূৰ্বে ট্ৰা'ম্প পৰিয়ালৰ সদস্যৰ সৈতে এখন আইনী বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল । যাৰ অধীনত এক গোপনীয়তাৰ ভিত্তিত প্ৰকাশৰ ক্ষেত্ৰত নিষেধাজ্ঞ জাৰি কৰিছিল । লগতে উল্লেখিত চুক্তিত মেৰি ট্ৰা'ম্পে আথিক নিস্পত্তি কৰাৰ কথাও উল্লেখ কৰিছে ।

নিউয়ৰ্ক চহৰৰ চৰোগ্ৰতচ আদালতৰ বিচাৰপতি পীটৰ কেলিয়ে বৃহস্পতিবাৰে ৰবাৰ্ট ট্ৰা'ম্পৰ নিষেধাজ্ঞৰ অনুৰোধ খাৰিজ কৰে আৰু জনাই যে, আদালতৰ শুনানীৰ বাবে ক্ষেত্ৰধিকাৰৰ অভাৱ হৈছে । তাৰ পিচতে ৰবাৰ্ট ট্ৰা'ম্পৰ অধিবক্তাই শুকুৰবাৰে উক্ত বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন জনাই ।
ৰবাৰ্ট ট্ৰাম্পৰ প্ৰধান এন্তটি চালৰ্চ হাবাৰ্ডয়ে শনিবাৰে এক বিবৃতিত প্ৰকাশ কৰিছে যে, মেৰি টা'ম্পে ২০ বছৰৰ পৰা চুক্তিৰ পুৰস্কাৰ সংগ্ৰহ কৰিছে । যাৰ জৰিয়তে চুক্তি উলংঘনৰ চেষ্টা চলাইছে । লগতে তেওঁ জনাই যে, স্বেচ্ছাসেবী চুক্তি কাৰ্যকৰী কৰা আমাৰ আইনী ব্যৱস্থাৰ স্তম্ভ ।
উল্লেখযোগ্য যে, মেৰী টা'ম্প হৈছে ফ্ৰেড ট্ৰা'ম্পৰ কন্যা । যি গৰাকী ব্যক্তিৰ ১৯৮১ চনত মৃত্যু হৈছিল । সেই সম্পৰ্কত এখন অনলাইন গ্ৰন্থ “ Too Much and Never Enough ” যিখন গ্ৰন্থত আঘাত বিনাশকাৰী আৰু দুখ সম্পৰ্কত আলোকপাত কৰা হৈছিল ।
গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত আদালতৰ নিৰ্দেশনা অনুসৰি, মনোবিজ্ঞানিক দৃষ্টি ভংগীৰ জৰিয়তে ব্যক্তিগত জীৱনৰ বহু তথ্য গ্ৰন্থখনত আলোকপাত কৰা হৈছিল । যাৰবাবে প্ৰকাশৰ ক্ষেত্ৰত নিষেধাজ্ঞ আৰোপ কৰিবলৈ ট্ৰাম্পৰ ভাতৃয়ে আদালতক অনুৰোধ জনাইছে ।