ৱাশ্বিংটন,19 ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত ভ্ৰমণৰ পূৰ্বে ভাৰতে আমেৰিকাক উচিত ব্যৱহাৰ নকৰা বুলি ৰসিকতাসূচক মন্তব্য প্ৰকাশ কৰিছে ৷ মঙলবাৰে সাংবাদিকৰ সৈতে হোৱা আছুতীয়া বাৰ্তালাপত ৰাষ্ট্ৰপতিগৰাকীয়ে বিভিন্ন কথা ব্যক্ত কৰে ৷ তাৰে এক অংশ এনেধৰণৰ-
প্ৰশ্নঃ আপোনাৰ ভ্ৰমণৰ পূৰ্বে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰিত হোৱাৰ কোনো সম্ভাৱনা আছে নেকি?
ৰাষ্ট্ৰপতিঃ আমি ভাৰতৰ সৈতে ব্যৱসায়িক চুক্তি স্বাক্ষৰিত কৰিম যদিও ভৱিষ্যতৰ বাবে মই বৃহৎ পৰিকল্পনা প্ৰস্তুত কৰি সংৰক্ষণ কৰি থৈছো ৷ আমি ভাৰতৰ সৈতে এক বৃহৎ চুক্তি স্বাক্ষৰিত কৰিম যি পূৰ্বে হোৱা নাই ৷ কিন্তু এয়া নিৰ্বাচনৰ পূৰ্বে হ’ব বুলি আজিয়েই ক’ব পৰা নাযাব ৷ আমি ভাৰতৰ পৰা আশানুৰূপ ব্যৱহাৰ পোৱা নাই ৷ তথাপিও মোডীজী মোৰ প্ৰিয় ৷ মোডীজীয়ে বিমানবন্দৰৰ পৰা ষ্টেডিয়ামলৈ হ’বলগীয়া শোভাযাত্ৰাত প্ৰায় 7 সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিব বুলি কৈছে ৷ মটেৰাত নিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামখন মুকলিৰ বাবে মই উৎসুক ৷ আপোনালোকেও ইয়াত অংশগ্ৰহণ কৰি নিশ্চয় আনন্দ লাভ কৰিব ৷