ETV Bharat / bharat

লকডাউনে সংকটত পেলোৱা ট্ৰাক চালকে দাবী কৰিলে সাহাৰ্য পেকেজ - সাহাৰ্য পেকেজৰ দাবী AIMTC ৰ

প্ৰায় 1 কোটি ট্ৰাক চালকৰ জীৱনলৈ সংকট কঢ়িয়াই আনিছে লকডাউনে ৷ সেয়েহে তেওঁলোকৰ বাবে সাহাৰ্য পেকেজৰ দাবী AIMTC ৰ ৷

প্ৰায় 1 কোটি ট্ৰাক চালকৰ জীৱনলৈ সংকট
ট্ৰাক চালকে দাবী কৰিলে সাহাৰ্য পেকেজ
author img

By

Published : Apr 10, 2020, 11:58 PM IST

নেশ্য়নেল ডেস্ক, 10 এপ্ৰিল : লকডাউনে প্ৰায় 1 কোটি ট্ৰাক চালকৰ জীৱনলৈ সংকট কঢ়িয়াই অনাৰ ফলত শুকুৰবাৰে চৰকাৰক সাহাৰ্য পেকেজৰ দাবী জনাইছে ট্ৰাক চালক সন্থাই ৷

উল্লেখ্য যে, 1 কোটি ট্ৰাক চালকৰ প্ৰায় 90 শতাংশই লকডাউনৰ ফলত কৰ্মহীনতাত ভুগিব লগা হৈছে ৷

প্ৰায় 4 লাখ ট্ৰাক চালক আৰু প্ৰায় 40,000 কোটি টকাৰ সামগ্ৰী বৰ্তমানেও দেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈছে ৷ এই কথা প্ৰকাশ কৰে সৰ্ব ভাৰতীয় মটৰ পৰিৱহণ সন্থাৰ (AIMTC) সভাপতি কুলতৰণ সিং অটৱালে ৷

অটৱালে কয় যে, পৰিস্থিতি এনে পৰ্যায় পোৱাৰ ফলত ট্ৰাক চালকসকলক উদ্ধাৰ কৰাৰ লগতে সাহাৰ্য পেকেজ ঘোষণা কৰিব লাগে ৷ পৰিৱহণ খণ্ডটোৱে এনে সংকটৰ সন্মুখীন হোৱাৰ ফলত এই জীৱিকাৰ সৈতে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত 20 কোটি লোকৰ জীৱনলৈ ভাবুকি আহি পৰিছে ৷

উল্লেখ্য যে, বহুসংখ্যক ট্ৰাক চালক খাদ্য়ৰ অভাৱত ভোগাৰ তথ্য লাভ কৰা হৈছে ৷ হিমাচল প্ৰদেশৰ এজন ট্ৰাক চালকে কয় যে, "মই ঠাণ্ডা আৰু ভোকত মৰি যাম ৷"

AIMTC ৰ সাধাৰণ সচিব নবীন গুপ্তাই কয় যে,দেশৰ সকলো ট্ৰাক চালকসকলৰ প্ৰতি দিনৰ হিচাপত গড়ে 2,200 কোটি টকাৰ লোকচান হৈছে ৷

গুপ্তাই লগতে কয়, "আমি প্ৰধানমন্ত্ৰী মোডী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক এই ট্ৰাক আৰু বাছ চালকসকলক প্ৰতি মাহে 15,000 টকাকৈ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছো ৷"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.