নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : টিআৰপি গোচৰত দেওবাৰে গ্ৰেপ্তাৰ হোৱা ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ মুখ্য কাৰ্যবাহী বিষয়াৰ জামিন আবেদন গৃহীত কৰিছে মুম্বাইৰ এখন আদালতে । মুম্বাই আৰক্ষীৰ অপৰাধ চোৰাংচোৱা বিভাগে নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৰিপাব্লিকৰ চিইঅ ভিকাশ খানচান্দনীক ।
খানচান্দনীৰ অধিবক্তা নীতিন প্ৰধানে জনোৱা অনুসৰি, মেট্ৰ’পলিটান মেজিষ্ট্ৰেটৰ আদালতে ৫০,০০০ টকাৰ বিনিময়ত খানচান্দনীৰ জামিন গৃহীত কৰে ।
ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্চ কাউন্সিলে হানসা ৰিচাৰ্চ এজেন্সিৰ জৰিয়তে দাখিল কৰা টিআৰপি অভিযোগৰ ভিত্তিতে মুম্বাই আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে অনুসন্ধান আৰম্ভ কৰিছিল । ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্চ কাউন্সিলে হানসা ৰিচাৰ্চ এজেন্সিক বেৰোমিটাৰ স্থাপন আৰু চোৱাচিতা কৰাৰ বাবে নিযুক্ত কৰিছিল । সেই অনুসৰি, বেৰোমিটাৰ স্থাপন কৰা কিছুসংখ্যক পৰিয়ালক অভিযুক্ত চেনেলসমূহে ধন প্ৰদান কৰি নিজৰ টিআৰপি বৃদ্ধি কৰিছিল ।
শেহতীয়াকৈ দাখিল কৰা অভিযোগনামা অনুসৰি, হানসাৰ এগৰাকী বিষয়াই বক্স চিনেমা, ফক্ট মাৰাথী, মহা মুভি আৰু ৰিপাব্লিক টিভিৰ হৈ পৰিয়ালসমূহক ধন প্ৰদান কৰিছিল । অৱশ্যে ৰিপাব্লিক টিভিয়ে এই অভিযোগ খণ্ডন কৰি আহিছে । বৰ্তমানলৈ এই অভিযোগত ১৩গৰাকীকৈ ব্যক্তিক আটক কৰিছে মুম্বাই আৰক্ষীয়ে ।
লগতে পঢ়ক :180 কিলোমিটাৰ বেতন দৌৰি বিজয় দিৱস পালন বিএছএফ জোৱানৰ