ত্ৰিপুৰা,23 জানুৱাৰী : শুকুৰবাৰে পশ্চিম ত্ৰিপুৰাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালত (Additional Sessions Court) ৰ এক ঐতিহাসিক সিদ্ধান্ত ৷ ২০১৩ চনৰ শ্বাহজাহান মিঞাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰত আদালতে প্ৰদান কৰিছে এক ৰায়দান ৷ ২০১৩ চনৰ এই হত্যাকাণ্ডৰ গোচৰত আদালতে শুক্ৰবাৰে এগৰাকী মহিলাসহ চাৰিজন হত্যাকাৰীক আজীৱন কাৰাদণ্ড প্ৰদান কৰিছে ৷
এই হত্যাকাণ্ডৰ গোচৰত মুঠ ১৩ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগ নামা দাখিল কৰা হৈছিল আদালতত ৷ তেওঁলোকৰ ভিতৰত আদালতত চাৰিজন অভিযুক্তক দোষী বুলি চিনাক্ত কৰা হৈছিল ৷ আনহাতে বাকী কেইজন ব্যক্তিৰ বিৰুদ্ধে থকা অভিযোগ আদালতৰ দ্বাৰা খাৰিচ কৰা হৈছিল ৷ ২০১৩ চনৰ পৰাই দোষীক শাস্তি প্ৰদান কৰাৰ বাবে আদালতৰ মজিয়ালৈ সঘনে তাত-বাটি কৰিব লগা হৈছিল শ্বাহজাহান মিঞাৰ পৰিয়ালে ৷ অৱশেষত প্ৰায় 6 বছৰৰ মূৰত ন্য়ায় পালে শ্বাহজাহান মিঞাৰ পৰিয়ালে ৷
২০১৩ চনৰ ২৭ ছেপ্টেম্বৰতেই সংঘটিত হোৱা এই হত্যাকাণ্ডটোৰ লগত জড়িত অভিযুক্তকেইজনৰ ভিতৰত আদালতে দোষী সাব্যস্ত কৰা লোক কেইজন হৈছে জৰিনা বেগম, ৰফিক মিঞা, মাজিদ খান আৰু সাজল মিঞা ৷
উক্ত গোচৰ সম্বন্ধে অধিবক্তা আৰবিন্দ দেৱে মন্তব্য কৰিছে যে, এই হত্যাকাণ্ডৰ সম্বন্ধে আদালতে মুঠ ১৮ জন ব্যক্তিৰ বিবৃতি লিপিবদ্ধ কৰিছিল ৷
উল্লেখ্য যে, শুকুবাৰে সত্ৰ ন্যায়াধীশৰ আদালতত ন্যায়াধীশ গোবিন্দ দাসে দোষী চাৰীজনক আজীৱন কাৰাদণ্ড প্ৰদান কৰাৰ ৰায় দান দিছিল ৷