ETV Bharat / bharat

70 বছৰৰ পাচত দান্তেৱাৰাৰ নক্সাল এলেকাত প্ৰথমবাৰ উৰিল ত্ৰিৰংগা - গণৰাজ্য দিৱস

ইন্দ্ৰাৱতী নৈৰ উপকণ্ঠৰ অঞ্চল সমূহ হৈছে মাওবাদীৰ ঘাটি ৷ এই অঞ্চলৰ লোকসকলে নাজানিছিল কেনেকৈ পালন কৰা হয় গণৰাজ্য দিৱস কিম্বা স্বাধীনতা দিৱস ৷ তেওঁলোকৰ বাবে এই দুটা বিশেষ দিন মানে ক’লা পতাকা উৰুওৱা দিন ৷ কিন্তু এইবাৰ তেনে নহ’ল ৷

RUPUBLIC DAY
RUPUBLIC DAY
author img

By

Published : Jan 27, 2021, 11:32 AM IST

নিউজ ডেস্ক, 27 জানুৱাৰী : 1950 চনৰ পৰা 26 জানুৱাৰী দিনটো ভাৰতে গণৰাজ্য দিৱস পালন কৰি আহিছে ৷ কিন্তু ভাৰতৰ এনে বহু অঞ্চল আছে য’ত বৰ্জন কৰা হয় স্বাধীনতা দিৱস অথবা গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৷ উত্তৰ-পূৰ্বাঞ্চলৰ কথাই কোৱা হওক বা নক্সাল অধ্যুষিত অঞ্চলৰ কথাই কোৱা হওক ৷ সন্ত্ৰাসৰ সমস্যাৰে ভাৰক্ৰান্ত এই এলেকাৰ লোক সকলে শংকাৰ মাজেৰে পালন কৰিব লগীয়া হয় এই দুটা দিৱস ৷

তেনে এটা অঞ্চল হৈছে ছত্তিশগড়ৰ ইন্দ্ৰাৱতী নদীৰ সমীপৰ পাহুনহাৰ গাঁও ৷ এই গাঁওখন আছিল মাওবাদীৰ ঘাটি স্বৰূপ ৷ স্বাধীনতা দিৱস অথবা গণৰাজ্য দিৱসত ত্ৰিৰংগাৰ পৰিৱৰ্তে ক’লা পতাকাহে উৰিছিল গাঁওখনত ৷ কিন্তু চলিত বৰ্ষত ব্যতিক্ৰম দেখা গ’ল গাঁওখনত ৷ প্ৰথমবাৰৰ বাবে পাহুনহাৰত গণৰাজ্য দিৱসত উৰিল ত্ৰিৰংগ পতাকা ৷ গণৰাজ্য দিৱসৰ সোৱাদ লভিলে গাঁওখনৰ বৃদ্ধৰ পৰা শিশুলৈ সকলোৱে ৷ কিয়নো ইয়াৰ আগতে গণৰাজ্য দিৱস মানে তেওঁলোকৰ বাবে আছিল ক’লা পতাকা উৰুৱা এটা দিন ৷

ইন্দ্ৰাৱতী নৈৰ উপকণ্ঠৰ এই সমগ্ৰ অঞ্চলটো মাওবাদীৰে ভৰি থকা ৷ দান্তেৱাৰাৰ জিলাৰ অন্তৰ্গত এই অঞ্চলৰ লোকসকল চৰকাৰী আঁচনিৰ সুফল লাভৰ পৰা বঞ্চিত হৈ আছিল আৰু গাঁৱৰ গাঁওবুঢ়া গৰাকীয়ে এই ক্ষেত্ৰত পদক্ষেপ ল’বলৈ গৈ নিজৰ প্ৰাণ হেৰুৱাইছিল ৷ দান্তেৱাৰাৰ আৰক্ষী অধীক্ষক অভিষেক পল্লৱে কয় যে, ‘‘মাওবাদী সকলে প্ৰতিবাৰেই গাঁওবাসীৰ উপস্থিতিত স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত ক’লা পতাকা উত্তোলন কৰে ৷ কিন্তু এইবছৰ তেনে নহ’ল ৷’’ জিলা প্ৰশাসনে উৎসাহ যোগোৱাৰ মনোবৃত্তিৰে মৃত গাঁওবুঢ়াৰ পুত্ৰ কেশৱ কাশ্যপৰ দ্বাৰা পতাকা উত্তোলন কৰোওৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে গাঁৱৰ শিশু আৰু কিশোৰ-কিশোৰীৰ মাজত শিক্ষণ সঁজুলি বিতৰণ কৰে ৷

আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে কয় যে, এইয়া হৈছে দান্তেৱাৰাৰ পট পৰিৱৰ্তন ৷ এই গাঁওখনক উন্নত অঞ্চল আৰু চহৰাঞ্চলৰ সৈতে সংযোগ কৰাৰ বাবে এখন দলঙো নিৰ্মাণ কৰা হৈছে ৷ এই পৰিৱৰ্তনক লৈ যথেষ্ট উৎসাহিত হোৱা দেখা গৈছে গাঁওবাসীক ৷ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ যুৱকক আৰক্ষী বিভাগত চালক হিচাপে নিযুক্তি দিয়াৰ বাবে প্ৰশাসনে চিন্তা কৰা বুলিও উল্লেখ কৰে আৰক্ষী আধীক্ষকগৰাকীয়ে ৷ আৰক্ষীৰ সৈতে মুক্ত মনেৰে সহযোগ কৰি তেওঁলোকে নিজৰ অঞ্চলটোৰ উন্নয় কৰিব পাৰে বুলি আৰক্ষী অধীক্ষক অভিষেক পল্লৱে জনায় ৷

দান্তেৱাৰা জিলাৰ লোকসকলে সদায় আৰক্ষী নিৱেশ, পথ আৰু দলং নিৰ্মাণ আদিৰ বিৰুদ্ধে মাওবাদীৰ উদ্যোগত প্ৰতিবাদ চলি থকাই দেখি আহিছে ৷ এই বৰ্ষত গাঁওবাসীয়ে হাতত ত্ৰিৰংগা লৈ প্ৰায় 2/3 কি.মি. দীঘল সমদল উলিয়াই ৷ নক্সাল অধ্যূষিত অঞ্চলত ৰাষ্ট্ৰীয় পতাকা লৈ এয়াই প্ৰথম সমদল ৷

লগতে পঢ়ক : গণৰাজ্য দিৱসৰ দিনাই হিংসাত্মক হৈ পৰিল লালকিল্লাৰ চৌহদ

For All Latest Updates

TAGGED:

RUPUBLIC DAY
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.