ETV Bharat / bharat

ওড়িশাত অধ্যক্ষৰ স্বামীয়ে ধৰ্ষণ কৰিলে সপ্তম শ্ৰেণীৰ ছাত্ৰীক

author img

By

Published : Dec 7, 2019, 4:21 PM IST

কিশোৰী গৰাকী 3 মাহৰ অন্তসত্বা হোৱাৰ কথা পোহৰলৈ অহাৰ পাচতেই এই ধৰ্ষণৰ তথ্য পোহৰলৈ আহে ৷

Odisha
ছাত্ৰীক ধৰ্ষণ

নিউজ ডেস্ক , 7 ডিচেম্বৰঃ ওড়িশাৰ কোৰাপোট জিলাত এগৰাকী অধ্যক্ষৰ স্বামীয়ে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক বহু মাহৰ পৰা ধৰ্ষণ কৰি অহাৰ তথ্য পোহৰলৈ আহিছে ৷ কিশোৰী গৰাকী 3 মাহৰ অন্তসত্বা হোৱাৰ পাছতে পাচতে এই ধৰ্ষণৰ তথ্য পোহৰলৈ আহে ৷

এই ধৰ্ষণকাণ্ডৰ তথ্য পোহৰলৈ অহাৰ পাচতে বিভাগীয় আৱাসগৃহৰ পৰা অভিযুক্ত ধৰ্ষণকাৰীজনক গ্ৰেপ্তাৰ কৰা হয় ৷ 60 উৰ্ধৰ এই লোকজনে পত্নীৰ সৈতে অনুসূচিত জাতি আৰু জনজাতিৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে সংৰক্ষিত বিভাগীয় আৱাসগৃহত বাস কৰিছিল ৷ জেপ'ৰৰ মহকুমা আৰক্ষী বিষয়া বৰুণ গুনটুপল্লিয়ে জনোৱা অনুসৰি অভিযুক্তজনে কিশোৰী গৰাকীক নিজৰ বিভাগীয় আৱাসগৃহলৈ নি বহুবাৰ ধৰ্ষণ কৰে ৷ ইমানেই নহয়, অভিযুক্ত জনে কিশোৰী গৰাকীক গৰমৰ বন্ধৰ সময়ত নিজৰ বাসগৃহলৈ নি বহু বাৰ ধৰ্ষণ কৰে বুলিও জনাই আৰক্ষী বিষয়া গৰাকীয়ে ৷ অৱশ্যে অভিযুক্তজনৰ পত্নীয়ে এই ঘটনাৰ বিষয়ে কোনো উমান পোৱা নাছিল বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷

ইপিনে আৰক্ষীয়ে আইপিচি , পক্স' আইনৰ অধীনত অভিযুক্ত গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ জিলা শিশু সংৰক্ষণ বিষয়া ৰাজশ্ৰী দাসে জনোৱা অনুসৰি স্বাস্থ্য পৰীক্ষাৰ অন্তত কিশোৰী গৰাকীক শিশু যত্ন প্ৰতিষ্ঠানত ৰখা হ'ব ৷ জিলা কল্যান বিষয়া মধুষ্মিতা মহাপাত্ৰই জনোৱা অনুসৰি অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে তদন্ত কৰা হ'ব কিয়নো উক্ত বিভাগীয় আৱাসগৃটোত কোনো পুৰুষ থকাৰ অনুমতি নাছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.