নিউজ ডেস্ক, ৫জুলাই: ইটিভি ভাৰতৰ আঞ্চলিক সম্পাদক ব্ৰজ মোহন সিঙৰে হোৱা এক আছুতীয়া সক্ষাৎকাৰত পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যগুৰু সোনাল মানসিঙে কয় যে, মহামাৰী ক'ভিড-১৯ৰ অজুহাতত চলিত বৰ্ষত দিল্লী বিশ্ববিদ্যালয়ৰ সংৰক্ষিত ECA(এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটি) কোটাত কোনো ধৰণৰ নামভৰ্তি নকৰাৰ সিদ্ধান্ত শীঘ্ৰেই উঠাই লোৱা উচিত ।
নৃত্য গুৰুগৰাকীয়ে আন এটা বিষয়ৰ প্ৰসংগ উল্লেখ কৰি কয় যে, স্বাধীনতাৰ পাছত কি ধৰণে মহিলাৰ স্বাধীনতাৰ পৰিভাষা সলনি কৰা হ'ল । এটা ৰাজনৈতিক পৰিয়ালৰ পৰা অহাৰ পাছতো তেওঁ কিন্তু ৰাজনীতিলৈ অগ্ৰসৰ নহ'ল । কিয়নো তেওঁ মৃদুভাষী নহয় আৰু আনক সন্তুষ্ট কৰিবৰ বাবে কথা কব নোৱাৰে।
