ETV Bharat / bharat

বায়ুুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত : নিহত পাইলট

author img

By

Published : Feb 24, 2020, 10:53 PM IST

Updated : Feb 25, 2020, 9:44 AM IST

পঞ্জাৱৰ পাটিয়ালা চহৰত সংঘটিত হোৱা এক বিমান দুৰ্ঘটনাত ভাৰতীয় বায়ুসেনাৰ এগৰাকী বৈমানিক নিহত হোৱাৰ লগতে এগৰাকী এনচিচি কেডেট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

বায়ুুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত : নিহত পাইলট
বায়ুুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত : নিহত পাইলট

নিউজ ডেস্ক, 24 ফেব্ৰুৱাৰী : ভাৰতীয় বায়ুসেনাৰ প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা এখন বিমান দুৰ্ঘটনাত পতিত হয় ৷ সোমবাৰে পঞ্জাৱৰ পাটিয়ালা চহৰত এনচিচি কেডেটৰ প্ৰশিক্ষণৰ বাবে ব্যৱহৃত হোৱা এখন বিমান ভূপতিত হোৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত ভাৰতীয় বায়ুসেনাৰ এগৰাকী বৈমানিক শ্বহীদ হোৱাৰ লগতে এগৰাকী এনচিচি কেডেট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

ভাৰতীয় বায়ুসেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নিহত ভাৰতীয় বায়ুসেনাৰ বিষয়াগৰাকী উইং কামাণ্ডাৰ জিএছ সীমা বুলি জানিব পৰা গৈছে ৷ আনহাতে আঘাতপ্ৰাপ্ত এনচিচি কেডেটগৰাকী বিপিন কুমাৰ যাদৱ বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত ভাৰতীয় বায়ুসেনাই এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ৷ আনহাতে বায়ুসেনা বিষয়াগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে ৷

Last Updated : Feb 25, 2020, 9:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.