মধ্যপ্ৰদেশ,3 জানুৱাৰীঃ মধ্যপ্ৰদেশত শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত হয় এক বিমান দুৰ্ঘটনা ৷ জবলপুৰৰ সাগৰ জিলাত সংঘটিত হয় উক্ত বিমান দুৰ্ঘটনা ৷ ৰহলী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢানা বিমানবন্দৰত অৱতৰণৰ পূৰ্বে দুৰ্ঘটনাত পতিত হয় বিমানখন ৷ দুৰ্ঘটনাটোত দুগৰাকী প্ৰশিক্ষণৰত পাইলটে মৃত্যুবৰণ কৰে ৷ উল্লেখ্য যে,বিমানখনত থকা দুই পাইলটে সেই সময়ত প্ৰশিক্ষণ লৈ আছিল ৷
ঘটনাৰ বিৱৰণী মতে,পীয়ুস সিংহ চণ্ডেল আৰু অশোক মকৱানা নামৰ পাইলট দুজনে ঘন কুঁৱলীৰ বাবে গতিপথ নেদেখি বিমানখন অৱতৰণৰ চেষ্টা চলায় ৷ কিন্তু দুৰ্ভাগ্যক্ৰমে বিমানবন্দৰৰ ৰাণৱে ষ্পষ্টকৈ দেখা নোপোৱাত খেতিপথাৰত অৱতৰণ কৰিবলগীয়া হয় বিমানখন ৷ যাৰ ফলত বিমানখন দুৰ্ঘটনাত পতিত হয় ৷ গুৰুতৰভাৱে আহত পাইলট দুজনক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷
প্ৰশিক্ষণৰ বাবে অনা বিমানখন ঢানাস্থিত চায়েন্স এভিয়েচন একাডেমীৰ আছিল ৷ ৰহলী বিধানসভা সমষ্টিৰ বিধায়ক তথা বিৰোধী নেতা গোপাল ভাৰ্গৱ আৰু মুখ্যমন্ত্ৰী কমলনাথে টুইটাৰযোগে দুৰ্ঘটনাটোৰ বিষয়ে শোক প্ৰকাশ কৰে ৷