ETV Bharat / bharat

ৰাতিপুৱা 9 বজাৰ শীৰ্ষ দহ বাতৰি

author img

By

Published : Nov 17, 2020, 9:01 AM IST

ৰাতিপুৱা 9 বজাৰ শীৰ্ষ বাতৰিসমূহ .....

ৰাতিপুৱা 9 বজাৰ শীৰ্ষ দহ বাতৰি
ৰাতিপুৱা 9 বজাৰ শীৰ্ষ দহ বাতৰি

নতুন সংসদ ভৱন নিৰ্মাণৰ কাম আৰম্ভ

কেন্দ্ৰীয় সংসদ ভৱনৰ নিৰ্মাণকাৰ্য ইতিমধ্যে আৰম্ভ হৈছে ৷ সংসদ ভৱনৰ সীমাৰ বেৰসমূহত বেৰিকেড প্ৰদান কৰাৰ লগতে ধূলি আৰু প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ জাল তৰি দিয়া হৈছে ৷ নিৰ্মাণকাৰ্যৰ কাম আগন্তুক ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব আৰু 2022ৰ অক্টোবৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব ৷

ভূ-স্বৰ্গত চলিত বৰ্ষৰ প্ৰথমজাক তুষাৰপাতঃ আনন্দিত পৰ্যটক

জম্মু-কাশ্মীৰৰ ৰামবন জিলাত চলিত বৰ্ষৰ প্ৰথমজাক তুষাৰ পাত পৰা পৰিলক্ষিত হৈছে ৷ যাৰ ফলত জিলাখনৰ অধিকাংশ ৰাজপথ আৰু সমগ্ৰ যোগাযোগ ব্যৱস্থাৰ লগতে জনজীৱন ব্যাহত হৈ পৰিছে ৷ ইপিনে বিভিন্ন দেশী-বিদেশী পৰ্যটকে নাথাটাপ ক্ষেত্ৰত এই তুষাৰপাতৰ বাবে আনন্দ লাভ কাৰও পৰিলক্ষিত হৈছে ৷

পঞ্চভূতত বিলীন হৰধন ৰায়ৰ নশ্বৰদেহ

শ্বহীদ হৰধন ৰায়ক ৰাষ্ট্ৰীয় মৰ্যদা প্ৰদানৰ অন্তত সম্পন্ন কৰা হয় শেষকৃত্য ৷ ফুটকীবাৰীৰ সহস্ৰ জনতাই অশ্ৰুসিক্ত নয়নেৰে বিদাই দিয়ে বীৰ জোৱানগৰাকীক ৷ লোকচক্ষুৰ সমুখতে পঞ্চভূতত বিলীন হৈ যায় অসম সন্তানগৰাকী ৷

বিজেপিৰ পৰা নিলম্বিত হ’ল বিতৰ্কিত নেত্ৰী দীপাঞ্জলী কাকতি

ভাৰতীয় জনতা পাৰ্টিৰ পৰা নিলম্বন হ'ল বিতৰ্কিত নেত্ৰী দীপাঞ্জলী কাকতি ৷ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক ডাঃ ৰাজদ্বীপ ৰায়ে এক প্ৰেছ বিবৃতি যোগে জনালে এই কথা ৷ কৰ্মৰত অৱস্থাত আৰক্ষীক শাৰীৰিক ভাৱে অপদস্থ কৰাৰ লগতে একাধিক গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল দীপাঞ্জলী কাকতিৰ বিৰুদ্ধে ৷ অপকৰ্মৰ বিৰুদ্ধে থানাত ৰুজু হৈছিল একাধিক গোচৰ ৷ তাৰ পাছতে দলৰ পৰা নিলম্বন কৰে নেত্ৰী গৰাকীক ৷

কিয় স্তিমিত হ'ল JEE পৰীক্ষাৰ কেলেংকাৰীৰ তদন্ত?

JEE পৰীক্ষাৰ কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত পশ্চিম আৰক্ষী জিলাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত সুপ্ৰতিভ লাল বৰুৱাৰ মন্তব্য ৷ কেলেংকাৰীৰ সৈতে জড়িত আন আন অভিযুক্তৰ সন্ধানত অভিযান চলি থকা বুলি সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে উপ আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷

বৰপেটাত পৰাগ ভূঞাক শ্ৰদ্ধাঞ্জলি বৰনগৰ প্ৰেছ ক্লাৱৰ

বৰপেটা জিলাৰ জনীয়াৰ বৰনগৰ প্ৰেছ ক্লাবত সোমবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি তিনিচুকীয়াৰ কাকপথাৰৰ প্ৰতিদিন টাইমৰ সাংবাদিক পৰাগ ভূঞাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ সহযোগত বৰনগৰ প্ৰেছ ক্লাবে ৷ অনুষ্ঠানৰ আৰম্ভণিতে পৰাগ ভূঞাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, পুষ্পাঞ্জলি আৰু বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

কৰ’ণা ভাইৰাচৰ বাবে নেজেল ড্ৰপ প্ৰস্তুত কৰি আছে ভাৰত বায়’টেকেঃ ড৹ কৃষ্ণ এল্লা

ভাৰত বায়’টেকৰ অধ্যক্ষ আৰু মেনেজিং ডাইৰেক্টৰ কৃষ্ণ এল্লাই কয়, সম্প্ৰতি ভাৰত বায়’টেক ইন্টাৰনেশ্যনেল লিমিটেডৰ বায়’ চেফটি পৰ্যায় 3ৰ সুবিধাসমূহৰ সম্প্ৰতি সীমিত ক্ষমতাহে আছে কিন্তু আশা কৰা হৈছে আগন্তুক বৰ্ষত ই এক বিলিয়ন ড’জত উপস্থিত হ’বলৈ সক্ষম হ’ব ৷

সপ্তমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ নীতিশ কুমাৰৰ

সোমবাৰে বিহাৰৰ 37 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে নীতিশ কুমাৰে ৷ সপ্তমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লয় নীতিশ কুমাৰ ৷ বিহাৰৰ ৰাজ্যপাল ফাগু চৌহানে নীতিশ কুমাৰক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷ নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ জে পি নড্ডা ৷ তদুপৰি এই সমাৰোহত উপস্থিত থকাৰ পৰা বিৰত থাকে ৰাষ্ট্ৰীয় জনতা দলে ৷

ড'পিঙৰ ইতিবাচক ফলাফলৰ বাবে দুবছৰলৈ নিষিদ্ধ ছাইনা

অষ্ট্ৰেলিয়াৰ সাতোৰবিদ ছাইনা জেকক সোমবাৰে দুৰ্ঘটনাজনিত ড'পিঙৰ বাবে দোষী সাব্যস্ত কৰা হয় আৰু দুবছৰৰ বাবে নিষেধাজ্ঞা জাৰি কৰা হয় ৷ খেলুৱৈগৰাকীৰ এই নিষেধাজ্ঞা টকিঅ' অলিম্পিক আৰম্ভ হোৱাৰ কেইদিনমান পূৰ্বে শেষ হ’ব ৷ ক্ৰীড়াৰ বাবে গঠিত বিশেষ ন্যায়ালয়ে ছাইনা জেকে ভুলবশত নিচাজাতীয় সামগ্ৰী সেৱন কৰাৰ কথা উল্লেখ কৰে ৷ জেকে এই ৰায়ক প্ৰত্যাহ্বান জনায় চিএএছত পৃথক আপীল কৰিব পাৰে ।

‘ছালাং’ ছবিখনে সকলো পিতৃ-মাতৃ আৰু সন্তানক অনুপ্ৰেৰণা যোগাবঃ অজয় দেৱগন

আমাজন প্ৰাইম ভিডিঅ’ত মুক্তিলাভ কৰা ৰাজকুমাৰ ৰাও অভিনীত 'Chhalaang' ছবিখন এখন অনুপ্ৰেৰণামূলক ছবি বুলি মন্তব্য অভিনেতা তথা ছবি নিৰ্মাতা অজয় দেৱগনৰ ৷ এই ছবিখনে ল’ৰা-ছোৱালীৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃলৈও এক বাৰ্তা প্ৰেৰণ কৰিছে বুলি মন্তব্য আগবঢ়ায় অজয় দেৱগনে ৷

লগতে পঢ়ক : দিনটোৰ শীৰ্ষ দহ বাতৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.