ETV Bharat / bharat

চাইবাৰ অপৰাধীৰ নতুন হাথিয়াৰ টিকটক - চাইবাৰ অপৰাধীৰ নতুন হাথিয়াৰ টিকটক

ভাৰত চৰকাৰে টিকটকসহ 59 টা চীনা এপত নিসেধাজ্ঞা জাৰি কৰিছে ৷ যিসকলে নিয়মিত এই এপটো ব্যৱহাৰ কৰিছিলে তেওঁলোকৰ একাংশই চৰকাৰৰ নিৰ্দেশনা নামানি বেআইনীভাৱে বিভিন্ন পন্থাৰে এই এপটো ডাউনলোড কৰাৰ চেষ্টা চলাই আহিছে

TikTok
চাইবাৰ অপৰাধীৰ নতুন হাথিয়াৰ টিকটক
author img

By

Published : Jul 13, 2020, 2:38 PM IST

নিউজ ডেস্ক, 13 জুলাইঃ চীনৰ ভিডিঅ'-শ্বেয়াৰিং ছ'চিয়েল নেটৱৰ্কিং এপ টিকটক সমগ্ৰ বিশ্বৰ প্ৰায় 800 মিলিয়ন জনসাধাৰণৰ মাজত অতি জনপ্ৰিয় ৷ ভাৰতত প্ৰতিটো বয়সৰ লোকৰ মাজত এই চীনা এপটো প্ৰসিদ্ধ ৷ কিন্তু, সম্প্ৰতি চাইবাৰ অপৰাধৰ এক মাধ্যম হৈ পৰিছে এই চীনা এপটো ৷

ভাৰত চৰকাৰে টিকটকসহ 59 টা চীনা এপত নিসেধাজ্ঞা জাৰি কৰিছে ৷ যিসকলে নিয়মিত এই এপটো ব্যৱহাৰ কৰিছিলে তেওঁলোকৰ একাংশই চৰকাৰৰ নিৰ্দেশনা নামানি বেআইনীভাৱে বিভিন্ন পন্থাৰে এই এপটো ডাউনলোড কৰাৰ চেষ্টা চলাই আহিছে ৷ যিসকলে মৰিহজিও এপটো পুনৰ ডাউনলোড কৰাৰ চেষ্টা চলাইছে সেই একাংশ লোকৰ সুযোগ লৈছে চাইবাৰ অপৰাধীয়ে ৷

TikTok
চাইবাৰ অপৰাধীৰ নতুন হাথিয়াৰ টিকটক

উল্লেখ্য যে, APK সংস্কৰণৰ মাধ্যমেৰে টিকটক ব্যৱহাৰকাৰীসকলে নিসিদ্ধ এই এপটো ডাউনলোড কৰাৰ চেষ্টা চলাইছে ৷ APK এটা এনেকুৱা ফাইল যিটোৰ জৰিয়তে সংশ্লিষ্ট এপ ডাউনলোড কৰাটো সম্ভৱ ৷ অভিযোগ অনুসৰি, কেবাজনো লোকক এই APK লিংক ডাউনলোড কৰিবলৈ SMS প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়কঃ COVID-19: বিশ্বৰ ভিন্ন দেশৰ সাম্প্ৰতিক তথ্য

এই লিংকটোৰ জৰিয়তে টিকটক পুনৰ ডাউনলোড কৰিব পৰা যাব বুলি ইতিমধ্যে ৱাটছ এপটো এটা মেছেজ ভাইৰেল হৈছে ৷ ভাইৰেল মেছেজটোৰ সৈতে যিটো লিংক দিয়া হয় উক্ত লিংকটোৱে টিকটক ডাউনলোড কৰাত সহায় কৰিব বুলি দাবী কৰিছে ৷ কিন্তু তথ্যানুসৰি, এই মেছেজটো সম্পূৰ্ণ ভুৱা ৷ উক্ত লিংকটো অনলাইন বিজ্ঞাপনৰ শৃংখলা বুলি জানিব পৰা গৈছে ৷

চাইবাৰ অপৰাধীৰ নতুন হাথিয়াৰ টিকটক

জনসাধাৰণক সত্যতাৰ সৈতে মুখামুখি কৰিবলৈ ETV ভাৰতে এই লিংক সন্দৰ্ভত সচেতনমূলক বাৰ্তা প্ৰস্তুত কৰি উলিয়াইছে ৷

উল্লেখযোগ্য যে, উক্ত লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ Contact list ৰ নম্বৰসমূহ চাইবাৰ অপৰাধীজনৰ একাউন্টলৈ স্থানান্তৰ হ'ব ৷ বিশেষজ্ঞসকলে প্ৰদান কৰা তথ্য অনুসৰি, একাংশ লোকে ব্যক্তিগত তথ্যসমূহৰ ক্ষেত্ৰত বহুবাৰ আওকাণ কৰা পৰিলক্ষিত হয়, ফলশ্ৰুতিত এপ ব্যৱহাৰকাৰীসকলৰ ফোনৰ পৰা এই malware লিংকসমূহে তথ্যসমূহ সংগ্ৰহ কৰি লয় ৷ টিকটক ব্যৱহাৰকাৰীসকলৰ এই এপটোৰ প্ৰতি থকা আসক্তিৰ সুযোগ লৈ চাইবাৰ অপৰাধীয়ে তেওঁলোকৰ ফোনত malware লিংকটো ডাউনলোড কৰিবলৈ বাধ্য কৰাই আহিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.