ETV Bharat / bharat

COVID-19 : তিহাৰ জেলত আক্ৰান্ত হ'ল প্ৰথমজন ব্যক্তি - COVID-19 : তিহাৰ জেলত আক্ৰান্ত হ'ল প্ৰথমজন ব্যক্তি

তিহাৰ জেলত পোৱা গ'ল প্ৰথমজন কৰ'ণা ভাইৰাছ ৷ এজন সহকাৰী প্ৰবন্ধক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ৷ মহানিৰ্দেশক (জেল) সন্দীপ গোয়েলে প্ৰদান কৰে তথ্য ৷

কৰ'ণা ভাইৰাছ
COVID-19 : তিহাৰ জেলত আক্ৰান্ত হ'ল প্ৰথমজন ব্যক্তি
author img

By

Published : May 25, 2020, 8:51 AM IST

নেশ্যনেল ডেস্ক, 25 মে': তিহাৰ জেলৰ প্ৰথমজন ব্যক্তি আক্ৰান্ত গ'ল মাৰাত্মক কৰ'ণা ভাইৰাছত ৷ জেল কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, 45 বৰ্ষীয় এজন সহকাৰী প্ৰবন্ধক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ 7 নং চেন্ট্ৰেল জেলত কৰ্মৰত সহকাৰী প্ৰবন্ধক গৰাকী তিহাৰ জেলৰ ষ্টাফ ৰেচিডেন্সিয়েল কমপ্লেক্সৰ আৱাসী ৷

মহানিৰ্দেশক (জেল) সন্দীপ গোয়েলে জানিবলৈ দিয়া অনুসৰি, শুকুৰবাৰে আক্ৰান্ত ব্যক্তিগৰাকীয়ে চুটি লৈ নিজ পৰিয়ালক লগ কৰিবৰ বাবে ঘৰলৈ যাব বিচাৰিছিল ৷ এই সময়ছোৱাত তেওঁ কোনো লক্ষণ প্ৰদৰ্শন কৰা নাছিল বুলি কয় গোয়েলে ৷

কিন্তু, ঘৰলৈ যোৱাৰ পূৰ্বে 22 মে'ত তেওঁ অমৰাপলী হাস্পতালত COVID-19 পৰীক্ষণ কৰাইছিল আৰু দেওবাৰে তেওঁক পজিটিভ ঘোষণা কৰা হৈছিল ৷

জেল কৰ্তৃপক্ষৰ মতে, যিহেতু সহকাৰী অধীক্ষক গৰাকী পজিটিভ পোৱা গ'ল সেয়েহে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক বিচাৰি উলিওৱা হৈছে ৷ আন এজন জেল ষ্টাফে আক্ৰান্ত লোকজনৰ সংস্পৰ্শলৈ অহা বুলি জনোৱাত তেওঁৰ পৰীক্ষা কৰা হৈছে যদিও বৰ্তমানলৈকে তেওঁৰ পৰীক্ষাৰ ফলাফল লাভ কৰা নাই ৷ এই লোকজনক বৰ্তমান ঘৰুৱা কোৱাৰান্টাইনলৈ প্ৰেৰণ কৰা হৈছে ৷

তেওঁ উপৰিও আন বহুকেইজন লোকক ঘৰুৱা কোৱাৰান্টাইনলৈ প্ৰেৰণ কৰা হৈছে আৰু তিনিজন কয়দীক আইছ'লেচনত ৰখা হৈছে ৷

সাৱধানতামূলক ব্যৱস্থা হিচাপে আক্ৰান্ত সহকাৰী প্ৰবন্ধক জনৰ ওচৰতে বাস কৰাৰ লগতে দিল্লীৰ বিভিন্ন জেলত কৰ্মৰত 9 জন জেইলাৰেও নিজকে কোৱাৰান্টাইনত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে, কোনো এজন লোকেই বৰ্তমানলৈকে লক্ষণ প্ৰদৰ্শন কৰা নাই আৰু তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কত নিৰীক্ষণ কৰি থকা হৈছে ৷

বৰ্তমানলৈকে ৰোহিনী জেলত 18 জনকৈ লোক COVID-19 ত আক্ৰান্ত হোৱাৰ লগতে যোৱা সপ্তাহত মন্দোলী জেলতো এজন উপ-প্ৰবন্ধক আক্ৰান্ত হৈছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.