ETV Bharat / bharat

ব্যাঘ্ৰপিয়ল 2018 : চাৰি বছৰত দুগুণ বৃদ্ধি

ব্যাঘ্ৰ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ব্যাঘ্ৰ প্ৰকল্পৰ প্ৰতিবেদন দাখিল কৰিছে ৷ এই প্ৰতিবেদন অনুসৰি, 2019ত দেশত বাঘৰ সংখ্যা 2977 টালৈ বৃদ্ধি পাইছে ৷

ব্যাঘ্ৰপিয়ল 2018 : চাৰি বছৰত দুগুণ বৃদ্ধি
author img

By

Published : Jul 29, 2019, 6:01 PM IST

নেশ্বনেল ডেস্ক, 29 জুলাই : সমগ্ৰ বিশ্বতে 29 জুলাইৰ দিনটো ব্যাঘ্ৰ দিৱস হিচাপে পালন কৰা হৈছে ৷ এই দিৱসৰ সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে ব্যাঘ্ৰ প্ৰকল্পৰ প্ৰতিবেদন দাখিল কৰিছে ৷ এই প্ৰতিবেদন অনুসৰি,2019 ত দেশত বাঘৰ সংখ্যা 2977 টালৈ বৃদ্ধি পাইছে ৷ উল্লেখ্য যে, 2014 চনত এই সংখ্যা আছিল 1400 টা ৷

ব্যাঘ্ৰপিয়ল 2018 : চাৰি বছৰত দুগুণ বৃদ্ধি

এই দিৱস উপলক্ষে মোডীয়ে ব্যাঘ্ৰ সুৰক্ষা আঁচনিৰ সৈতে জড়িত প্ৰতিজন লোককে ধন্যবাদ জনোৱাৰ লগতে ভাৰতক বাঘৰ সৰ্ববৃহৎ আৰু সুৰক্ষিত বাসস্থান হিচাপে অভিহিত কৰে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, ৰাছিয়াৰ ছেইন্ট পিটাৰ্ছবাৰ্গত 9 বছৰ আগতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে, 2022 চনত বাঘৰ সংখ্যা দুগুণলৈ বৃদ্ধি কৰাৰ চেষ্টা কৰা হ'ব ৷ কিন্তু ভাৰতে চাৰি বছৰ আগতেই এই লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ল মন্তব্য কৰে মোডীয়ে ৷

বাঘৰ সংৰক্ষণ আৰু শ্ৰীবৃদ্ধিৰ বাবে তেওঁ দুখনকৈ বলীউদৰ চিনেমাৰ উদাহৰণ দি কয় যে, বাঘ সংৰক্ষণৰ এই লক্ষ্যটো 'এক থা টাইগাৰ' (এসময়ত এটা বাঘ আছিল)ৰ পৰা আৰম্ভ হৈ 'টাইগাৰ জিন্দা হ্যে' (বাঘটো জীয়াই আছে)ত শেষ হৈ যোৱা উচিত নহয় আৰু এই ক্ষেত্ৰত বহু চেষ্টাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে ৷ লগতে তেওঁ কয় যে,ভাৰতে দেশৰ জনসাধাৰণ আৰু জীৱ-জন্তুৰ বাবে উৎকৃষ্ট মানদণ্ডৰ বাসস্থান তৈয়াৰ কৰাত কোনো ক্ৰটি নাৰাখে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.