তিনি সপ্তাহ পূৰ্বে গৃহ মন্ত্ৰালয়ে ভুৱা ৱেবছাইটৰ তালিকা এখন প্ৰকাশ কৰিছিল । দেশত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ আগে-পিছে এইসমূহ ৱেবছাইটে মানচিত্ৰ, ৰিয়েল টাইম ষ্টেটাছ আদি সংযোজন কৰি ভুৱা তথ্য প্ৰদান কৰি আহিছিল ।
ভাৰতৰ ৰাষ্ট্ৰীয় ছাইবাৰ নিৰাপত্তা বিষয়া লেঃ জেনেৰেল ৰাজেশ পাণ্টৰ মতে বিগত দুমাহত কৰ’ণা ভাইৰাছৰ নামত চাৰি হাজাৰতকৈ অধিক প'ৰ্টেলৰ জন্ম হৈছে । কৰ’ণা ভাইৰাছৰ যত্ন তথা চিকিৎসাৰ নামত ছাইবাৰ অপৰাধীয়ে দৈনিক প্ৰেৰণ কৰা ই-মেইলসমূহৰ জালত নপৰিবলৈ নাগৰিকক আহ্বান জনাইছে আমেৰিকা আৰু ব্ৰিটেইনৰ চৰকাৰে ।
আমেৰিকাৰ চোৰাংচোৱা সংস্থা এফ বি আয়ে প্ৰকাশ কৰা মতে কৰ’ণা ভাইৰাছৰ পাচত ছাইবাৰ অপৰাধ ব্যাপক হাৰত বৃদ্ধি পাইছে । ইউৰোপীয়ান ইউনিয়নৰ সভাপতি উৰছুলা ভন্ ডেৰ লিয়েনৰ মতে ঘৰত আবদ্ধ হৈ থকা লোকসকলৰ ভয়-শংকাৰ পৰা মুনাফা ঘটিবলৈ ছাইবাৰ অপৰাধীয়ে চেষ্টা চলাইছে । ইয়ে পৰিস্থিতিৰ ভয়াৱহতাক প্ৰতিফলন কৰে । ইয়াৰ বিপৰীতে ৩৫ খন দেশৰ নিৰাপত্তা বিশেষজ্ঞই ছাইবাৰ অপৰাধীৰ বিৰুদ্ধে এক উমৈহতীয়া যুঁজ আৰম্ভ কৰিছে ৷
ঘৰুৱাভাৱে জনসাধাৰণক সজাগ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব । তিনি বছৰ পূৰ্বে 'Wanna Cry' নামেৰে ১৭৫ খন দেশত ছাইবাৰ অপৰাধীয়ে আক্ৰমণ চলাইছিল । তাৰ লগতে ৰাছিয়া, ইউক্ৰেইন, আমেৰিকা, জাৰ্মানী, জাপান আৰু দক্ষিণ কোৰিয়াত লাখ লাখ ডেবিট কাৰ্ডৰ তথ্য চুৰি হোৱাৰ কথা পোহৰলৈ আহিছে । বহু কেন্দ্ৰৰ ৱেবছাইটসমূহ ছাইবাৰ আক্ৰমণৰ বলি হৈছে । লক্ ডাউনৰ বাবে বিভিন্ন কোম্পানীৰ কৰ্মচাৰীসকলে তেওঁলোকৰ কৰ্তব্য ঘৰৰ পৰাই সম্পাদন কৰি আহিছে ।
লগতে পঢ়ক : অসমীয়া সংস্কৃতিৰ সেন্দুৰীয়া পথ অংকিত কৰা কানুৰাম বৰা...
ঘৰত ব্যৱহৃত কম্পিউটাৰ আৰু লেপটপত কাৰ্যালয়ৰ দৰে তথ্যৰ নিৰাপত্তা নাথাকে । এপ্লিকেশ্বন ব্যৱহাৰৰ জ্ঞানৰ অভাৱ তথা ভুল বা ভুৱা লিংকত ক্লিক কৰাৰ ফলত ছাইবাৰ অপৰাধীয়ে গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিব পাৰে । জুম ভিডিঅ’ এপ ব্যৱহাৰ কৰা দুগৰাকী কম্পিউটাৰ বৃত্তিধাৰীৰ কম্পিউটাৰ হেক কৰি ছাইবাৰ অপৰাধীয়ে বিট কইনৰ ৰূপত বৃহৎ পৰিমাণৰ ধন দাবী কৰাৰ ঘটনা পোহৰলৈ আহিছে ।
কৰ’ণা ভাইৰাছ মালৱেয়াৰৰ সহায়ত ছাইবাৰ অপৰাধীয়ে বহুতৰে কম্পিউটাৰ আৰু স্মাৰ্টফ'নৰ পৰা গুৰুত্বপূৰ্ণ তথ্য চুৰি কৰে । ইয়াৰ ফলত লগে লগে তেওঁলোকৰ বেংক একাউণ্ট শূন্য হৈ পৰে । 'The Prime Minister's Citizen Assistance and Relief in Emergency Situations Fund' বা পি এম কেয়াৰছ সদৃশ লিংক ইন্টাৰনেটত উভৈনদী হোৱাটোৱেই ছাইবাৰ অপৰাধীৰ কৌশলক স্পষ্ট কৰে । অলপতে গুজৰাটৰ COVID-১৯ পুঁজিৰ বাবে বিশ্বৰ সবাতোকৈ ওখ মূৰ্তি হিচাপে বিবেচিত চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তিটো অনলাইনযোগে ৪০০ মিলিয়ন ডলাৰত বিক্ৰী কৰাৰ অভিযোগত আৰক্ষীয়ে গোচৰ ৰুজু কৰে ।
লগতে পঢ়ক : হাইলাকান্দিত ডকাইতিৰ ঘটনাঃ ডকাইতৰ গুলীচালনাত আহত দুজন
লকডাউনৰ পাচত বিনামূলীয়াকৈ চিনেমা চোৱাৰ আশাত বা বিনামূলীয়াকৈ ম’বাইলৰ ৰিচাৰ্জ পোৱাৰ আশাত ছাইবাৰ অপৰাধীয়ে বিলোৱা লিংকসমূহ আনলৈ প্ৰেৰণ কৰি নিৰপৰাধী লোকসকলে নিজৰ লগতে আনকো বিপদত পেলায় । চৰকাৰৰ ছাইবাৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰিহে এই ছাইবাৰ সন্ত্ৰাসবাদ ৰোধ কৰিব পাৰি । ইয়াৰ লগতে ব্যক্তিগতভাৱে প্ৰতিদন নাগৰিকে ছাইবাৰ সুৰক্ষাৰ প্ৰতি সচেতন হ’ব লাগিব ।
লগতে পঢ়ক :
অৰ্থনৈতিক অস্থিৰতাই প্ৰভাৱিত কৰিছে ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ীক ?