কলিকতা, 23 জুনঃ শনিবাৰে পশ্চিমবংগৰ কলিকতাত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ কৰ্মীৰ মাজত সংঘটিত হোৱা গুলিয়াগুলী সংঘষত তিনিজন ব্যক্তি গুৰুতৰভাৱে আহত হয় ৷ পশ্চিমবংগৰ বাংকুৰা জিলাৰ পঞ্চচায়াৰত সংঘটিত হয় এই ঘটনা ৷ আহতসকলক বাংকুৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷
ৰাজ্যখনৰ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক মন্ত্ৰী সুভেন্দু অধিকাৰীৰ নেতৃত্বত উলিওৱা এই ৰেলীত বিজেপি কৰ্মীয়ে "জয় শ্ৰী ৰাম" ধ্বনিৰে পৰিবেশ উত্তাল কৰাৰ পিছতে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷