ETV Bharat / bharat

পকা পকা আম, নাম অমিত শ্বাহ - Video Story

বজাৰলৈ আহি আছে অমিত শ্বাহ, অমিতাভ বচ্চন, ঐশ্বৰ্য ৰায় বচ্চন, শচীন তেণ্ডুলকাৰ, অখিলেশ যাদৱ আৰু এপিজে আব্দুল কালামৰ নামত আম ৷ পদ্মশ্ৰী বঁটাপ্ৰাপক উদ্যানবিদ হাজি কালিমুল্লাহ খানে নিজৰ বাগিছাৰ এবিধ বিশেষ আমক নাম দিছে "অমিত শ্বাহ" ৷

অমিত শ্বাহৰ নামৰ আম খাবলৈ সাজু থাকক
author img

By

Published : Jun 16, 2019, 11:17 AM IST

নিউজ ডেস্ক, 16 জুনঃ আম খাই ভাল পোৱাসকল সাজু থাকক ৷ বজাৰলৈ আহি আছে অমিত শ্বাহ, অমিতাভ বচ্চন, ঐশ্বৰ্য ৰায় বচ্চন, শচীন তেণ্ডুলকাৰ, অখিলেশ যাদৱ আৰু এপিজে আব্দুল কালামৰ নামত আম ৷ পদ্মশ্ৰী বঁটাপ্ৰাপক উদ্যানবিদ হাজি কালিমুল্লাহ খানে নিজৰ বাগিছাৰ এবিধ বিশেষ আমক নাম দিছে "অমিত শ্বাহ" ৷ ভাৰতৰ "মেংগো মেন" নামে খ্যাত উদ্যানবিদজনৰ এই আমক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে ৷

অমিত শ্বাহৰ নামৰ আম খাবলৈ সাজু থাকক

পদ্মশ্ৰী তথা উদ্যানবিদ শ্ৰীহাজি কালিমুল্লাহ খানে নিজৰ বাগিছাত ৰোপন কৰিছে এই বিশেষ আম ৷ লক্ষ্নৌস্থিত নিজ বাগিছাত ৰোপন কৰা আমৰ গছত এতিয়া লাগিছে "অমিত শ্বাহ" ৷ ইয়াৰ উপৰিও পদ্মশ্ৰী সন্মানপ্ৰাপ্ত উদ্যানবিদগৰাকীয়ে আন পাঁচবিধ আমৰ নাম ৰাখিছে ক্ৰমে , অমিতাভ বচ্চন, ঐশ্বৰ্য ৰায় বচ্চন, শচীন তেণ্ডুলকাৰ, অখিলেশ যাদৱ আৰু এপিজে আব্দুল কালাম ৷

ইতিমধ্যে এইসমূহ আম পকিবলৈ আৰম্ভ কৰিছে আৰু সেয়েহে ইয়াক বিভিন্ন নাম দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ এই বিষয়ে নিজৰ মত প্ৰকাশ কৰি তেওঁ কয় যে, "মানুহ থাকক বা নাথাকক, ফল থাকিব ৷ মই মানুহৰ নামেৰে আমৰ নাম ৰাখিছো কাৰণ তেওঁলোক নোহোৱা হ'লেও মানুহে আমৰ নামেৰে তেওঁলোকক মনত ৰাখিব ৷" আমসমূহ প্ৰথমে নামৰগৰাকীক প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে ৷

Intro:Body:

mangp man 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.