নেশ্যনেল ডেস্ক, 21 জুনঃ আজি ষষ্ঠ আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন জনায় ৷ লাডাখৰ গলৱান উপত্যকাৰ নিয়ন্ত্ৰণ ৰেখাত (LAC) 15 জুনত চীনৰ বিৰুদ্ধে সংঘৰ্ষৰ মাজতে একতাৰ লগতে ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণ কৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷
কৰ'ণা ভাইৰাছৰ সময়ত সৰ্বাধিক অসুৰক্ষিত দেহৰ অংশ আমাৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াক যোগাভ্যাসৰ জৰিয়তে শক্তিশালী কৰি ৰাখিবলৈ সকলোকে অনুৰোধ জনাই প্ৰধানমন্ত্ৰী মোডীয়ে ৷ এই সম্বোধনত প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশবাসীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে আন্তৰাষ্ট্ৰীয় যোগ দিৱসক ঐক্যৰ দিৱস বুলি উল্লেখ কৰে ৷
তেওঁ কয় যে, যোগাভ্যাসৰ জৰিয়তে এখন স্বাস্থ্যকৰ ধৰিত্ৰী গঠন হ'ব ৷ মোডীয়ে কয়, "যোগাভ্যাসে একতা আৰু মানৱতাৰ বান্ধোনক দৃঢ় কৰিব ৷ যোগাভ্যাসে বৈষম্যৰ সৃষ্টি নকৰে ৷ জাতি, ধৰ্ম, বৰ্ণ, লিংগ, ধৰ্মীয় বিশ্বাস আৰু ৰাষ্ট্ৰৰ সীমা পাৰ কৰি যোগাভ্যাসে সমন্বয়ৰ সৃষ্টি কৰে ৷ যিকোনো লোকে যোগাভ্যাসৰ অভ্যাস কৰা উচিত ৷"
"আমাৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াক শক্তিশালী কৰিবলৈ প্ৰণায়মৰ দৰে যোগাভ্যাস কৰা উচিত ৷ সচেতন নাগৰিক হিচাপে আমি একত্ৰিত পৰিয়াল আৰু সমাজ হৈ আগবাঢ়িম ৷ ঘৰত পৰিয়ালৰ সৈতে আমি যোগাভ্যাস কৰিম ৷ আমি নিশ্চিতভাৱে সফল হ'ম, আমি নিশ্চিতভাৱে জয়ী হ'ম ৷"
লগতে পঢ়ক : শূণ্য ডিগ্ৰীৰো কম তাপমাত্ৰাত যোগাভ্যাস আইটিবিপি জোৱানৰ