ETV Bharat / bharat

প্লাষ্টিকৰ যুঁজ : "প্লান্ট ফৰ প্লাষ্টিক" আৰু "টিফিন বক্স চেলেঞ্জ" - This Hyderabad engineer gives a sapling in exchange for plastic

ৰামু নামৰ অভিযন্তাগৰাকীয়ে একক ব্যৱহৃত প্লাষ্টিকৰ বিৰুদ্ধে দৃঢ়ভাৱে যুঁজ কৰাৰ বাবে লক্ষ্য স্থিৰ কৰিছে ৷ ইয়াৰ বাবে ৰামুৱে আৰম্ভ কৰিছে "প্লান্ট ফৰ প্লাষ্টিক" আৰু "টিফিন বক্স চেলেঞ্জ" নামৰ বিশেষ পদক্ষেপ ৷

ৰামু নামৰ ইঞ্জিনীয়াৰ
এজন চফ্টৱেৰ ইঞ্জিনীয়াৰৰ প্লাষ্টিক বিৰোধী অভিযান
author img

By

Published : Feb 4, 2020, 5:06 PM IST

নিউজ ডেস্ক, 4 জানুৱাৰী : হায়দৰাবাদত এজন চফ্টৱেৰ ইঞ্জিনীয়াৰৰ প্লাষ্টিক বিৰোধী যুঁজ ফলপ্ৰসূ হ'বলৈ ধৰিছে ৷ ৰামু নামৰ ইঞ্জিনীয়াৰজনে একক ব্যৱহৃত প্লাষ্টিকৰ বিৰুদ্ধে দৃঢ়ভাৱে যুঁজ কৰাৰ বাবে লক্ষ্য স্থিৰ কৰিছে ৷ ইয়াৰ বাবে ৰামুৱে এটা অনুষ্ঠান আৰম্ভ কৰিছে আৰু নাম দিছে "প্লান্ট ফৰ প্লাষ্টিক" অথবা "প্লাষ্টিকৰ বাবে বৃক্ষ ৰোপণ" ৷ ইয়াৰ জৰিয়তে যিয়েই ৰামুক প্লাষ্টিক যোগান ধৰে, তেওঁকেই ৰামুৱে একোটাকৈ গছপুলি উপহাৰ দিয়ে ৷

ৰামু নামৰ ইঞ্জিনীয়াৰ
এজন চফ্টৱেৰ ইঞ্জিনীয়াৰৰ প্লাষ্টিক বিৰোধী অভিযান

এই পদক্ষেপৰ বাবে ৰামুৱে পূৱ গোদাৱৰীৰ কাদিয়াৰ পৰা সহস্ৰাধিক গছপুলি সংগ্ৰহ কৰিছে ৷ ৰামুৱে প্লাষ্টিক যোগানৰ কোনো পৰিমাণ নিৰ্ধাৰণ কৰি দিয়া নাই ৷ ইয়াৰ পৰিৱৰ্তে চিপচৰ বৰ্জিত পেকেট এটাও যদি কোনোবাই দিয়ে, তাৰ বিনিময়ত ৰামুৱে এটি গছপুলি উপহাৰ দিয়ে ৷ সংগৃহীত প্লাষ্টিকসমূহ ৰামুৱে জি এইছ এম চিক পুনঃব্যৱহাৰ তথা নৱীকৰণৰ বাবে বিনামূল্যে যোগান ধৰে ৷

ৰামুৱে তেওঁৰ এই প্লাষ্টিক বিৰোধী যুঁজৰ লক্ষ্যত উপনীত হ'বলৈ আন এক পদক্ষেপ হাতত লৈছে ৷ এই পদক্ষেপৰ নাম "টিফিন বক্স চেলেঞ্জ" ৷ ইয়াৰ জৰিয়তে, ৰামুৱে লোকসকলক প্লাষ্টিকৰ মোনাৰ পৰিৱৰ্তে বজাৰৰ পৰা মঙহ আদি ক্ৰয় কৰি টিফিন বাকচত কঢ়িয়াবলৈ উৎসাহ যোগায় ৷ ৰামুৱে কয় যে, তেওঁ মানুহক মঙহ খাবলৈ বাধা প্ৰদান কৰা নাই, মাত্ৰ পৰিৱেশৰ প্ৰতি আংশিকভাৱে সজাগ হ'বলৈহে অনুৰোধ জনাইছে ৷

ৰামুৱে নিজৰ বন্ধু-বান্ধৱকো এই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ৷ বৰ্তমান এই পদক্ষেপে প্ৰসাৰতা লাভ কৰিবলৈ ধৰিছে আৰু প্ৰতিদিনে বহুলোকে ইয়াক অৱলম্বন কৰিছে ৷ নিজাববীয়াকৈ ৰামু চহৰৰ মাংসৰ দোকানসমূহলৈ যায় আৰু বিক্ৰেতাসকলক এই প্ৰত্যাহ্বানৰ বিষয়ে বুজোৱাৰ লগতে সজাগ কৰে ৷ অৱশ্যে মাংসৰ বিক্ৰেতা সকলে বৰ্তমানেও এই প্ৰত্যাহ্বান সম্পূৰ্ণৰূপে গ্ৰহণ কৰা নাই ৷

আৰু পঢ়ক : চীনত ক'ৰোনা ভাইৰাছত মৃত্যু সংখ্যা 425 জনলৈ বৃদ্ধি, আক্ৰান্ত প্ৰায় 20,438 গৰাকী

Intro:Body:

Plastic story for February 4th

today's gfx, upload both english and unmix

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.