ETV Bharat / bharat

নৱেম্বৰত সম্পন্ন হ'ব COVAXINৰ অন্তিম পৰ্যায়ৰ পৰীক্ষণ

author img

By

Published : Oct 7, 2020, 11:00 AM IST

অহা নৱেম্বৰ মাহত আৰম্ভ হ'ব COVAXINৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ পৰীক্ষণ। কৰ'ণা মহামাৰী প্ৰতিৰোধৰ বাবে এই ভেকচিন প্ৰস্তুতৰ বাবে যুটীয়াভাৱে চেষ্টা চলাই আছে ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চ আৰু দেশৰ অগ্ৰণী ঔষধ প্ৰস্ততকাৰী কোম্পানী ভাৰত বায়'টেকে।

নৱেম্বৰত সম্পন্ন হ'ব COVAXINৰ অন্তিম পৰ্যায়ৰ পৰীক্ষণ
নৱেম্বৰত সম্পন্ন হ'ব COVAXINৰ অন্তিম পৰ্যায়ৰ পৰীক্ষণ

নেশ্যনেল ডেস্ক, ৭অক্টোবৰ: সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা COVID-19ৰ প্ৰতিৰোধৰ বাবে ভেকচিন প্ৰস্তুতক লৈ যুটীয়াভাৱে কাম কৰিছে ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চ আৰু ভাৰত বায়'টেকে। চলিত বৰ্ষৰ অহা নৱেম্বৰ মাহত সম্পন্ন হ'ব COVAXINৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ পৰীক্ষণ। এই পৰীক্ষণ নৱেম্বৰ মাহৰ প্ৰথম অথবা দ্বিতীয় সপ্তাহত আৰম্ভ হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে নিজাম ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ এক সূত্ৰই।

নোডেল বিষয়া ডা০ প্ৰভাকৰ ৰেড্ডীয়ে কয় যে, নিজাম ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত ইতিমধ্যে প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সফলভাৱে সম্পন্ন হৈছে। দ্বিতীয় পৰ্যায়ত ১২গৰাকী লোকক ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ বাবে ঔষধ দিয়া হ'ব আৰু আন ৫৫গৰাকী লোকৰ টীকাকৰণ কৰা হ'ব। ১৪দিনৰ অন্তত তেজৰ নমুনা সংগ্ৰহ কৰি ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চলৈ প্ৰেৰণ কৰা হ'ব। ইফালে, চিকিৎসকে প্ৰকাশ কৰিছে যে, প্ৰথম পৰ্যায়ত টীকাকৰণ কৰা ৪৫গৰাকী লোকৰ ফলাফল আশাব্যঞ্জক আছিল।

প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত মুঠ ১০০গৰাকী স্বেচ্ছাসেৱকে অংশ লৈছে বুলি মন্তব্য কৰে ডা০ প্ৰভাকৰ ৰেড্ডীয়ে। বিগত ৬ মাহ ধৰি স্বেচ্ছাসেৱক সকলৰ স্বাস্থ্যৰ ওপৰত চিকিৎসকে গুৰুত্ব আৰোপ কৰি আহিছে। ৰেড্ডীয়ে কয় যে, তৃতীয় পৰ্যায়ৰ পৰীক্ষণত ২০০গৰাকী লোকৰ টীকাকৰণ কৰাৰ সম্ভাৱনা আছে। এই পৰীক্ষণত পূৰ্ণ সহযোগিতা আগবঢ়াইছে ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চ আৰু দেশৰ অগ্ৰণী ঔষধ প্ৰস্ততকাৰী কোম্পানী ভাৰত বায়'টেকে।

COVAXINৰ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ বাবে ভাৰত বায়'টেকে এলহাইদ্ৰক্সিকুইম-২ ব্যৱহাৰ কৰিব। COVAXIN এনে এক ভেকচিন যি SARS-CoV-2ৰ সংক্ৰমণক বাধা দি মহামাৰীৰ কবলৰ পৰা মানুহক মুক্তি দিব। সম্প্ৰতি অনুজ্ঞাপত্ৰ লাভৰ বাবে যো-জা চলাই থকা হৈছে।

লগতে পঢ়ক: বিলাসীপাৰাত আটক 5 জুৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.