টেলিফোনিক বাৰ্তালাপটো যিয়ে পাকিস্তানৰ মিছাৰ চৰিত্ৰ উদঙাই দিছিল...
পাকিস্তানে যুদ্ধ আৰম্ভ হোৱাৰ সময়ৰ পৰাই তেওঁলোকৰ সৈনিকে অনুপ্ৰৱেশ কৰাতো খণ্ডন কৰি আহিছে আৰু কাৰ্গিলত ইয়াক জেহাদীৰ দ্বাৰা সংঘটিত কৰা বুলি কৈ আহিছে ৷
কিন্তু পাকিস্তানৰ সেনাপ্ৰধান জেন. পাৰভেজ মুশ্বাৰফ আৰু লেফ. জেন. মহম্মদ আজিজ খানৰ মাজত হোৱা এটা টেলিফোনিক বাৰ্তালাপে তেওঁলোকৰ মিছলীয়া চৰিত্ৰ উদঙাই দিয়ে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানৰ মিছা ফাদিল হয় ৷
![The telephone conversation that nailed Pakistani lies about intrusions](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8176031_ss.jpg)
সমগ্ৰ ঘটনাটো...
প্ৰথমটো বাৰ্তালাপ, 1999 চনৰ 26 মে'ত চীন ভ্ৰমণৰত জেন. পাৰভেজ মুশ্বাৰফ আৰু পাকিস্তানত থকা লেফ. জেন. মহম্মদ আজিজ খানৰ মাজত হৈছিল ৷
দ্বিতীয়টো বাৰ্তালাপ, 1999 চনৰ 29 মে'ত জেন. পাৰভেজ মুশ্বাৰফ আৰু লেফ. জেন. মহম্মদ আজিজ খানৰ মাজত হৈছিল ৷
পাকিস্তানী সেনা প্ৰধান জেন. মুশ্বাৰফ, যিয়ে চীন ভ্ৰমণত আছিল আৰু তেওঁৰ দ্বিতীয় অধিকাৰী লেফ. জেন. মহম্মদ আজিজ খান যিয়ে ৰাৱালপিণ্ডিৰ পৰা টেলিফোনত কথা পাতিছিল, তেওঁলোকৰ বাৰ্তা ধৰা পেলোৱা হৈছিল ৷
![The telephone conversation that nailed Pakistani lies about intrusions](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8176031_nn.jpg)
এই বাৰ্তালাপৰ প্ৰতিলিপি যাক RAWৰ দ্বাৰা বাণীবদ্ধ কৰা হৈছিল, ভাৰত চৰকাৰে 11 জুনত এই বাৰ্তালাপ ফাদিল কৰিছিল আৰু সমগ্ৰ বিশ্বকে পাকিস্তানৰ বিষয়ে জনাই দিয়া হৈছিল ৷ ইয়াক ৰাজহুৱা কৰাৰ এসপ্তাহ পূৰ্বে ইয়াৰ প্ৰতিলিপি আৰু ট্ৰানস্ক্ৰীপ্ট পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক আমোলাতান্ত্ৰিক মাধ্যমেৰে গতাই দিয়া হৈছিল ৷
![The telephone conversation that nailed Pakistani lies about intrusions](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8176031_ll.jpg)
এই বাৰ্তালাপত কাৰ্গিলৰ বিষয়ে উল্লেখ আছিল, পাকিস্তানৰ বৈদেশিক মন্ত্ৰী চৰটাজ আজিজে চিন্তা দূৰ কৰিবলৈ ভাৰতলৈ আহিব বিছাৰিছিল, মুশ্বাৰফৰ নিৰ্দেশ, জ্যেষ্ঠ সামৰিক বিষয়াৰ সৈতে মুজাহিদীনৰ সম্পৰ্ক আৰু কাৰ্যদায়িত্ব ৷ এই টেপত শ্বৰীফক মুশ্বাৰফে জানিবলগীয়া বিষয়খিনিহে অৱগত কৰোৱাৰ বিষয়েও উল্লেখ আছিল ৷
![The telephone conversation that nailed Pakistani lies about intrusions](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8176031_pp.jpg)
এই ট্ৰানস্ক্ৰীপ্টে পাকিস্তানী সেনাৰ সামৰিক দিশটো উদঙাই দিছিল, তেওঁলোকৰ পৰা জব্দ কৰা তথ্যপাতিয়ে পাকিস্তানী সেনাক যে, কাৰ্গিল দখল কৰিবলৈ নিৰ্দেশনা আহিছিল তাক প্ৰমাণ কৰিছিল ৷
উৎস : কাৰ্গিল ফ্ৰম ছাৰপ্ৰাইজ টু ভিক্টৰি (কিতাপ), লেখক ভিপি মালিক ( সেইসময়ৰ স্থল সেনাপ্ৰধান )
লগতে পঢ়ক :