ETV Bharat / bharat

আন মহামাৰীবোৰ ! - মহামাৰী

কৰ’ণাভাইৰাছৰ প্ৰতিষেধক হিচাপে বীজাণুনাশক সমুৱাই দিয়া সম্ভৱ বুলি যেতিয়া ডনাল্ড ট্ৰাম্পে মন্তব্য কৰিছিল তেতিয়া বিজ্ঞানক নাকচ কৰা নেতাসকলৰ দীঘলীয়া তালিকাখনত তেওঁৰ নামো অন্তৰ্ভুক্ত হৈছিল । এই ইতিহাস চাবলৈ হ’লে বিজ্ঞানৰ পিতৃপুৰুষ গেলিলিঅ’ গেলিলিৰ দিনলৈ আমি উভতি যাব লাগিব। ৰোমান কেথ’লিক চাৰ্ছে গেলিলিঅ’ৰ পৃথিৱী তথা মহাকাশ সম্পকীয় মন্তব্যৰ বাবে শাস্তি প্ৰদাৱন কৰিছিল । কিয়নো তেওঁৰ মতবাদ ধৰ্মীয় গ্ৰন্থৰ পৰা পৃথক আছিল । গেলিলিঅ’ এণ্ড চায়েন্স ডিনায়াৰ্ছ নামৰ কিতাপখনত ইজৰাইলী-আমেৰিকান মহাকাশ বিজ্ঞানী মাৰিঅ’ লিভিঅ’ই কৈছে যে, "চৰকাৰী বিজ্ঞানবিৰোধী মানসিকতা, বিজ্ঞান আৰু ধৰ্মৰ মাজত অনাৱশ্যকীয় সংঘাত, মানৱতা আৰু বিজ্ঞানৰ মাজত দূৰত্ব বৃদ্ধি পোৱা বুলি সৃষ্টি হোৱা ধাৰণাৰ মাজতে গেলিল’ৰ কাহিনীয়ে চিন্তাৰ স্বাধীনতাৰ গুৰুত্ব সম্পৰ্কে আমাক সোঁৱৰাই দিয়ে ।"

THE OTHER PENDAMIC
THE OTHER PENDAMIC
author img

By

Published : Apr 30, 2020, 1:12 PM IST

Updated : Apr 30, 2020, 2:17 PM IST

কৰ’ণা ভাইৰাছৰ সংহাৰ চলি থকাৰ মাজতে বিজ্ঞানক নাকচ কৰাৰ দৰে গোলকীয় মহামাৰী এতিয়াও মানুহৰ মাজত আছে । ট্ৰাম্পে কৰ’ণা ভাইৰাছক গোলকীয় মহামাৰী বুলি অস্বীকাৰ কৰাৰ লগতে এয়া সাধাৰণ জ্বৰ-চৰ্দি বুলি আখ্যা দিয়া কাৰ্যক ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইল বলছনাৰোই চেৰ পেলায় । তেওঁৰ মতে নলাত ডুব মাৰিলেও ব্ৰাজিলিয়ানসকলৰ একো নহয় । কাৰণ তেএঁলোকে দেহত ইতিমধ্যে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিছে । আনহাতে নিৰ্বনীকৰণৰ তথ্যক মিছা আখ্যা দি তেওঁ দেশখনৰ মহাকাশ সংস্থাৰ মুৰব্বীজনকো পদচ্যুত কৰিছে ।

ইংলেণ্ডত প্ৰধানমন্ত্ৰী বৰিছ জনছনে নিজে কৰ’ণাভাইৰাছত আক্ৰান্ত হোৱাৰ পূৰ্বে কৰ’ণাভাইৰাছ সম্পৰ্কীয় পাঁচখন গুৰুত্বপূৰ্ণ বৈঠকত অনুপস্থিত আছিল । জলবায়ু পৰিৱৰ্তনত তেওঁৰ সন্দেহবাদৰ দৰে কৰ’ণাভাইৰাছ সম্পৰ্কে গ্ৰহণ কৰা মনোবৃত্তিও অস্বাভাৱিক নহয় । ২০১৯ চনৰ তেওঁৰ নিৰ্বাচনী প্ৰচাৰত আটাইতকৈ অৱদান যোগোৱা দলটোক জলবায়ু বিজ্ঞান নাকচকাৰী দল হিচাপেও আখ্যা দিব পাৰি । কম্বোডিয়ান নেতা হুন ছেনে ৰাইজক মাস্ক পিন্ধাত বাধা দিয়াৰ লগতে শক্তিশালী নৈতিক চৰিত্ৰৰ বাবে তেওঁ কোনো ভাইৰাছৰ দ্বাৰা সংক্ৰমিত নহয় বুলি ভবা মেক্সিকোৰ ৰাষ্ট্ৰপতি এন্ড্ৰেছ অব্ৰেডৰলৈকে সকলো এইটো ক্লাৱতে অন্তৰ্ভুক্ত ।

তেওঁৰ নতুন গ্ৰন্থখনত লিভিঅ’ই আমাক মনত পেলাই দিছে যে গেলিলিঅ’ৰ দিনৰে পৰা আমি এনেধৰণৰ ঘটনাৰ সন্মুখীন হৈ আহিছোঁ । "বিজ্ঞানৰ প্ৰতি শত্ৰুতা আৰু অস্বীকাৰ কৰাৰ যি মানসিকতা আজি আমি দেখা পাইছোঁ, একেই মানসিকতাৰ বিৰুদ্ধে গেলিলিঅ’ই তেতিয়া যুঁজিবলগীয়া হৈছিল । বিজ্ঞানক ধৰ্মীয় গ্ৰন্থৰ ব্যাখ্যাৰ পৰা পৃথক কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টা, ব্যাৱহাৰিক ফলাফলৰ ওপৰত আইন আৰু প্ৰকৃতিৰ অধ্যয়নৰ দ্বাৰা গেলিলিঅ’ই আমাৰ নিজৰ লগতে পৃথিৱীখনৰ দায়িত্ব নিজেই ল’বলৈ কৈ গৈছে । "

ভাৰতো এই নাকচবাদৰ গোলকীয় মহামাৰীৰ পৰা হাত সাৰি থাকিব পৰা নাই । শব্দটো পোন প্ৰথমে ব্যৱহাৰ কৰিছিল বিজ্ঞান লেখক মাৰ্ক হুফনাগালে । জলবায়ু পৰিৱৰ্তন, বিৱৰ্তন, এইচ আই ভিলৈকে সকলোতে নাকচ কৰোঁতাসকলে পাঁচটা কৌশল ব্যৱহাৰ কৰে । সেই কৌশলকেইটা হ’ল- ষড়যন্ত্ৰ, নিৰ্দিষ্টভাৱে একোটা বিষয় নিৰ্বাচন কৰা, ভুৱা বিশেষজ্ঞ, অসম্ভৱ আকাংক্ষা আৰু যুক্তিহীনতা । ডাৰউইনৰ বিৱৰ্তনবাদক এগৰাকী প্ৰাক্তন জ্যেষ্ঠ মন্ত্ৰীয়ে মানিবলৈ অস্বীকাৰ কৰিছিল । টেলিভিশ্বনত জনপ্ৰিয় এগৰাকী আধ্যাত্মিক গুৰুৱে কৈছিল যে এইচ আই ভি যোগৰ দ্বাৰা নিৰাময় কৰিব পাৰি । একেদৰে অসমৰ এগৰাকী বিজেপি বিধায়িকাই গোমূত্ৰৰ দ্বাৰা কৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰি বুলি মন্তব্য কৰিছিল ।

টাটা ইনষ্টিটিউট অৱ্ ফাণ্ডামেণ্টেল ৰিচাৰ্ছৰ অধ্যাপক অৰ্ণৱ ভট্টাচাৰ্যৰ মতে ভুল তথ্য প্ৰচাৰৰ মহামাৰী অতিকৈ বিপজ্জনক । ক্ষতি কৰিব নোৱৰা অথচ মিছা তথ্যৰ পৰা টিভি চেনেল, হোৱাটছ এপ, টুইটাৰ আদিত ভাইৰাছতকৈ দ্ৰুত গতিত বিয়পা জীৱন নাশ কৰিব পৰা ধৰণৰ ভুৱা তথ্য অতিকৈ ভয়ংকৰ । ভট্টাচাৰ্যৰ ভাষাত—"ডনাল্ড ট্ৰাম্পৰ দৰে অবিবেচক মন্তব্য দি আঁতৰি যাব পৰাটো দুৰ্ভাগ্যজনক । এয়া আমেৰিকাই হওক বা ভাৰতেই হওক বিজ্ঞানক অস্বীকাৰ কৰাৰ ক্ষেত্ৰত গঢ়ি উঠা এক সংস্কৃতি । ইয়াৰ বিপৰীতে সংবিধানত বিজ্ঞানমনস্কতাৰ উল্লেখেৰে আমাৰ দেশখনে গৌৰৱবোধ কৰে । কিন্তু জলবায়ু পৰিৱৰ্তনৰ পৰা জি এম শস্য, হোমিঅ’পেথীত বিশ্বাসৰ পৰা অলৌকিক চিকিৎসালৈকে বিজ্ঞানক নস্যাৎ কৰাৰ মানসিকতা নিজেই এক মহামাৰী”৷

সম্পৰ্কবোৰ মিশ্ৰিত কৰি, নিৰ্দিষ্ট তথ্য উত্থাপন কৰি বা নিৰ্দিষ্ট পৰিসংখ্যা চোৱাটো সহজ বিষয় । বিশেষকৈ এনে এক সংস্কৃতিত য’ত জ্যেষ্ঠ আৰু কৰ্তৃপক্ষৰ প্ৰতি অগাধ আনুগত্য আছে তেনে এক পৰিৱেশত কোনো এক মন্তব্যক প্ৰত্যাহ্বান জনোৱাটো একেবাৰেই কঠিন কাম । বিদ্যালয়তে আমাক কিয় বুলি প্ৰশ্ন কৰিবলৈ উৎসাহ যোগোৱা নহয় আৰু বিজ্ঞানক বিদ্যালয়ৰ পৰীক্ষাৰ পাছত পাহৰি যাবলগীয়া বিষয় বুলি ভবাৰ লগতে বাস কৰা পৃথিৱীখনত ইয়াৰ কোনো অৰ্থ নাই বুলি ভবাৰ এই প্ৰক্ৰিয়া তেতিয়াৰ পৰাই আৰম্ভ হয় । বাৰ্টল্ট ব্ৰেখটৰ তেওঁৰ বিখ্যাত নাটক লাইফ অৱ্ গেলিলিঅ’ত লিখিছে, "ভাবিব পৰাটো মানৱ জাতিৰ অন্যতম সুখ" ।

দুখজনকভাৱে আমি এনে এখন দেশত বাস কৰোঁ য’ত আমাৰ দেশৰ নাগৰিকসকলে অতীতৰ প্লাষ্টিক ছাৰ্জাৰী বা শূন্যৰ আৱিষ্কাৰৰ দৰে কথা কয় আৰু দেশীয় ছেটেলাইট প্ৰস্তুত বা কম খৰচী ঔষধ উৎপাদন আদিৰ দৰে সমসাময়িক বৈজ্ঞানিক বিষয়বোৰক গুৰুত্ব প্ৰদান নকৰে । এনেধৰণৰ মানসিকতাৰ বাবে বিশ্বৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ বাজেটৰ ধন ২০১৮ চনত ১৫ বিলিয়ন ডলাৰ হ্ৰাস পাইছে ।বিশ্বৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ইয়াৰ অৱদান ৮০ শতাংশ পৰ্যন্ত হৈ পৰিছে ।

লেখিকা : কাবেৰী বামজাই

ইণ্ডিয়া টুডে'ৰ প্ৰাক্তন সম্পাদক । তেওঁ টাইমছ অৱ্ ইণ্ডিয়া আৰু ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত কৰ্মৰত আছিল । চিভিনিং স্কলাৰশ্বিপ প্ৰাপ্ত এগৰাকী সাংবাদিক । বলীউড টুডে' নামৰ এখন কিতাপৰ লেখিকা । ৱ'মেন ইন ইণ্ডিয়ান ফিল্ম শীৰ্ষক জুবানৰ ছিৰিজৰ দুখন কিতাপৰ লেখিকা । CII National Committee for Women's Empowerment ৰ এগৰাকী সদস্যা হোৱাৰ লগতে সাংবাদ মাধ্যম সম্পৰ্কীয় বক্তা ।

লগতে পঢ়ক : ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ সোণাপুৰৰ ঘাট মাউৰা ভগ্নীত্ৰয়লৈ সহায়ৰ হাত

Last Updated : Apr 30, 2020, 2:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.