ETV Bharat / bharat

নতুন শিক্ষানীতিৰ জৰিয়তে শিক্ষা ব্যৱস্থা সলনিৰ সম্ভাৱনা - কোভিড 19

নতুন শিক্ষানীতিয়ে কোভিড 19 ৰ বাবে সৃষ্টি হোৱা সংকটক সুযোগলৈ পৰিৱৰ্তন কৰাৰ যথেষ্ট সম্ভাৱনা আছে ৷ বৈদ্ধিক জ্ঞানৰ লগতে অৰ্থ ব্যৱস্থাত, কোনো এখন দেশৰ বিকাশ শিক্ষাখণ্ডত ইয়াৰ বিনিয়োগ আৰু ৰণনীতিৰ সংযোগ ঘটোৱাতো অত্যন্ত আৱশ্যক হৈ পৰিছে ৷ এই সকলোবোৰ নামাকৰণ অনুপাতে (জিইআৰ) ৰ বৃদ্ধি নাইবা যুৱ শক্তিয়েহে সম্পূৰ্ণ বিকশিত ৰাষ্ট্ৰলৈ পৰিণত কৰিব পাৰিব ৷

The new education policy could be a game changer Etv Bharat news
নতুন শিক্ষানীতিৰ কাৰ্যকৰীকৰণ
author img

By

Published : Aug 3, 2020, 4:41 PM IST

নিউজ ডেস্ক,3 আগষ্ট: নতুন শিক্ষা নীতিৰ কাৰ্যকৰীকৰণে সমগ্ৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ বৈদ্ধিক জ্ঞানৰ লগতে অৰ্থ ব্যৱস্থাত, কোনো এখন দেশৰ বিকাশ শিক্ষাখণ্ডত ইয়াৰ বিনিয়োগ আৰু ৰণনীতিৰ সংযোগ ঘটোৱাতো অত্যন্ত আৱশ্যক হৈ পৰিছে ৷ এই সকলোবোৰ নামাকৰণ অনুপাতে (জিইআৰ) ৰ বৃদ্ধি নাইবা যুৱ শক্তিয়েহে সম্পূৰ্ণ বিকশিত ৰাষ্ট্ৰলৈ পৰিণত কৰিব পাৰিব ৷ বহু প্ৰতীক্ষিত নতুন শিক্ষানীতি ৰ মাধ্যমেৰে শিক্ষা পদ্ধতিৰ নবীকৰণ কৰিবলৈ লোৱা ভাৰত চৰকাৰৰ এই সিদ্ধান্ত গ্ৰহণযোগ্য ৷ দীঘলীয়া পৰামৰ্শ গ্ৰহণৰ অন্তত ডা৹ কস্তুৰীৰংগনেৰ মাৰ্গদৰ্শন অনুসৰি বহুকেইজন বিশিষ্ট ব্যক্তিৰ দ্বাৰা এক নীতিৰ দস্তাৱেজ তৈয়াৰ কৰা হৈছিল ৷ উক্ত দস্তাৱেজৰ আধাৰতে বিস্তৃতভাৱে কিছু নীতি গ্ৰহণ কৰা হয় ৷ অৱশেষত এই নীতি কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা অনুমোদিত হোৱাত পৰৱৰ্তী সময়ত শীঘ্ৰে সংসদত উত্থাপন কৰা হ’ব ৷

পলম কিন্তু প্ৰত্যাখ্যান নহয়:

এয়া বিশ্বাস কৰাতো কঠিন যে বৃহৎ নীতিৰে পৰিচালিত দেশসমূহৰ শিক্ষা নীতি সঠিক ৰূপত প্ৰতিষ্ঠা কৰোতে প্ৰায় তিনি দশক সময়ৰ প্ৰয়োজন হৈছিল ৷ এই বৃহৎ সময়ৰ কলেৱৰৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ পৰিৱৰ্তন সাধন হৈছে ৷ কম্পিউটাৰত সংযোগ কৰা প্ৰযুক্তি বিদ্যা, শক্তিশালী পৰিচালনাৰে আৰামদায়ক যাত্ৰাৰ নিৰ্ভৰতা বৃদ্ধি হৈছে ৷ যুৱশক্তিৰ মাজৰ প্ৰয়োজনীয় অপৰিহাৰ্য পৰিৱৰ্তনৰ প্ৰতি কঠোৰ দৃষ্টি নিক্ষেপ কৰিছে চৰকাৰে ৷ সমিতিয়ে বৰ্তমান প্ৰজন্মৰ সপোন পূৰ কৰিবলৈ এই বিষয়ত গুৰুত্ব আৰোপ কৰি এনইপি প্ৰস্তুতকৰণত সাৱধানতা পূৰ্বক কাম কৰিছে ৷ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ স্বাৰ্থৰ লগতে অন্য দেশলৈ যুৱসকলে নগৈ নিজ দেশতে উন্নত শিক্ষা গ্ৰহণ কৰাৰ বাবে এই নীতি গ্ৰহণৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে ৷

শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা ব্যৱহাৰত গুৰুত্ব:

বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ স্তৰীয় শিক্ষাত নতুন শিক্ষা নীতি গ্ৰহণৰ লগে লগে বহুকেইটা পৰিৱৰ্তনে দেখা দিব ৷ বিশেষকৈ বিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত কমেও পঞ্চম শ্ৰেণীলৈকে মাতৃভাষাৰ ব্যৱহাৰ বাধ্যতামূলক হ’ব ৷ সম্ভৱ হ’লে ইয়াক উচ্চস্তৰৰ শ্ৰেণীসমূহতো কাৰ্যকৰী কৰা হ’ব ৷ বিশেষকৈ তেলেগুভাষী ৰাজ্যসমূহত জনপ্ৰিয় ইণ্টাৰমিডিয়েট শিক্ষা, এতিয়াৰে পৰা প্ৰতি বিদ্যালয়ৰে শিক্ষাৰ অন্তৰ্ভূক্ত হ’ব ৷ বহু কেইখন সৰু দেশে প্ৰচলিত মুখ্য ভাষাটো শিক্ষাখণ্ডত কাৰ্যকৰী কৰি বহুক্ষেত্ৰত লাভৰ সন্মুখীন হৈছে ৷ জাপান, জাৰ্মানী, ফ্ৰান্স, কোৰিয়া, চীন আদিৰ দৰে দেশ ইয়াৰ উৎকৃষ্ট উদাহৰণ ৷

উচ্চ শিক্ষাৰ ক্ষেত্ৰত অনুমোদিত উপযোগী গুণাত্মক পৰিৱৰ্তন:

ব্যাপক পৰিৱৰ্তন সমিতিৰ দ্বাৰা প্ৰস্তাৱিত তথা কেবিনেটৰ দ্বাৰা অনুমোদিত শিক্ষাৰ্থীৰ বাবে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এই নীতিয়ে বিশাল পৰিৱৰ্তন সাধন কৰিব ৷ প্ৰাক্​ স্নাতক শিক্ষাৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰত সময়সীমা তিনিৰ পৰা চাৰি বছৰলৈ নিৰ্ধাৰিত হোৱাৰ সম্ভাৱনা থকাৰ উপৰিও স্নাতকোত্তৰ শিক্ষাৰ ক্ষেত্ৰত এই সীমা এবছৰ নতুবা দুবছৰ হ’ব পাৰে ৷ চাৰি বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰা শিক্ষাৰ্থী পিএইচডি ডিগ্ৰীৰ বাবে পোনপটীয়াকৈ যোগ্য বিবেচিত হ’ব ৷ অৰ্থাৎ একে সময়তে চাৰি বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলেই প্ৰজেক্টৰ লগতে ৰিপ’ৰ্ট তৈয়াৰ কৰিবলৈ শিকিব ৷

শিক্ষাৰ উৎকৃষ্ট কেন্দ্ৰৰ নিৰ্মাণ:

শক্তিশালী শিক্ষা কেন্দ্ৰ নিৰ্মাণ কৰাতো চৰকাৰৰ অন্যতম লক্ষ্য ৷ মহাবিদ্যালয়ৰ স্তৰসমূহত এই ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব ৷ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ৷ এনে উন্নত মানদণ্ড সম্পন্ন শিক্ষানুষ্ঠানৰ যাৰ বুনিয়াদী ভেটি সুদৃঢ় সেয়াহে এইক্ষেত্ৰত উপযুক্ত বিবেচিত হ’ব ৷ এই যোজনাৰ অধীনত ভাৰতৰ তক্ষশিলা আৰু নালন্দাৰ সময়তে স্থাপিত ইঅ’ই যোজনা পুনৰ কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে ৷

কোভিড 19 ৰ বাবে সৃষ্টি হোৱা সংকটক সুযোগলৈ পৰিৱৰ্তন:

এনইপি ৰ অধীনত প্ৰযোজ্য হ’বলগীয়া নতুন শিক্ষা নীতিৰ জৰিয়তে কৰ’ণা ভাইৰাছ সংকট হিচাপে নহয় সুযোগ হিচাপেহে গ্ৰহণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ কৰ’ণা ভাইৰাছে সমগ্ৰ বিশ্বৰে শিক্ষাখণ্ডত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে এটা শিক্ষা বৰ্ষ বিনষ্ট কৰাৰ প্ৰতি ধাৱমান হৈছিল ৷ সেয়ে নতুন শিক্ষা নীতি গ্ৰহণেৰে শিক্ষাখণ্ডত ব্যাপক পৰিৱৰ্তন সাধন কৰাৰ লগতে এক ন দিগন্তৰ সূচনা কৰিবলৈ চেষ্টা কৰা হৈছে ৷

লগতে চাওকঃ COVID-19ৰ ভেকচিনৰ ক্ষেত্ৰত দ্বিতীয় আৰু তৃতীয় স্তৰৰ মানৱ ক্লিনিকেল পৰীক্ষাৰ অনুমতি DCGIৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.