ETV Bharat / bharat

ভাৰত-আমেৰিকাৰ অপৰিহাৰ্য সম্পৰ্ক - আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰথমটো ভাৰত ভ্ৰমণে ভাৰত-আমেৰিকাৰ সম্পৰ্কত এক নতুন সমীকৰণ গঢ়ি তুলিব বুলি আশা কৰা হৈছে ৷ বৈদেশিক নীতি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰা অনুসৰি, এইক্ষেত্ৰত দুয়োখন দেশে দীৰ্ঘদুৰত্ব অতিক্ৰম কৰি আজিৰ অৱস্থাত উপনীত হোৱাৰ লগতে দুয়োখন দেশে এখনে সিখনৰ পৰিপূৰক হিচাপে কাম কৰিব ৷

The Indispensable Indo-US partnership
ভাৰত-আমেৰিকাৰ অপৰিহাৰ্য সম্পৰ্ক
author img

By

Published : Feb 22, 2020, 4:48 PM IST

নিউজ ডেস্ক, 22 ফেব্ৰুৱাৰী : 1950 চনৰ ভাৰত বিৰোধী স্থিতিৰ পৰা 2005 চনত ভাৰত বন্ধু হোৱালৈ আমেৰিকা-ভাৰতৰ সম্পৰ্কই বহুকেইটা দিশ সম্পূৰ্ণ কৰি এক অপৰিহাৰ্য সম্পৰ্ক হিচাপে বিবেচিত হৈছে ৷ দুয়োখন দেশৰ বহুটো নীতি নিৰ্ধাৰকে বিশ্বৰ দুয়োখন বৃহৎ গণতন্ত্ৰৰ সম্পৰ্ক প্ৰাকৃতিক বুলি উল্লেখ কৰিছে ৷ সময়ে সময়ে ভাৰতলৈ অহা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভ্ৰমণে এই সম্পৰ্ক আৰু অধিক শক্তিশালী হিচাপে গঢ়ি তুলিছে ৷ ভাৰতে আমেৰিকাৰ ছফটৱেৰ, গৱেষণা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা ক্ষেত্ৰখনত আগবঢ়াই অহা অৱদানক আমেৰিকাই স্বীকৃতি প্ৰদান কৰিছে ৷ ইয়াৰ বিপৰীতে আমেৰিকাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদ, পাৰমানৱিক সহযোগিতা আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনত ভাৰতক পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৷

লগতে পঢ়কঃ 70 লাখ নহয় ! এক লাখ লোকে হে অংশগ্ৰহণ কৰিব ট্ৰাপৰ পদযাত্ৰাত

আমেৰিকাৰ দক্ষিণ এছিয়া নীতি : 2000 চনত প্ৰথমটো ভাৰত ভ্ৰমণলৈ আহিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিন্টন ৷ তেওঁৰ এই ভ্ৰমণে ভাৰতৰ 1998 চনৰ পাৰমানৱিক পৰীক্ষণৰ পিচৰ পৰিস্থিতি অৱসান ঘটোৱাৰ লগতে নতুন দিল্লীৰ সৈতে Comprehensive Test Ban Treatyত স্বাক্ষৰ কৰিছিল ৷ তেওঁৰ এই ভ্ৰমণতে ভাৰত আমেৰিকাৰ মাজত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ফৰাম (Indo-US Science and Technology Forum) গঠন কৰা হৈছিল ৷ এই ভ্ৰমণৰ সময়তে আমেৰিকাৰ শীতল যুদ্ধৰ সংগী পাকিস্তানৰ বিপৰীতে ভাৰতলৈ আঞ্চলিক সহযোগিতা বৃদ্ধি কৰিছিল আমেৰিকাই ৷

লগতে পঢ়কঃ গুৰুত্বপূৰ্ণ ভাৰত-আমেৰিকা চুক্তি হ’ব ভাৰতলৈ আমেৰিকাৰ কিলাৰ ড্ৰ'ণৰ আগমণৰ পথিকৃত

ভাৰত-আমেৰিকাৰ পাৰমানৱিক চুক্তি : আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বে 2006 চনত ভাৰত ভ্ৰমণ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ সৈতে নিৰাপত্তা আৰু অৰ্থনৈতিক জোঁটবন্ধনৰ বাবে অসামৰিক পাৰমানৱিক চুক্তি চূড়ান্ত কৰা হৈছিল ৷ 2007 চনত সম্পন্ন হোৱা এই চুক্তিয়ে ভাৰতক Nonproliferation Treatyৰ বাহিৰত থকা একমাত্ৰ দেশ হিচাপে মান্যতা দিছিল যিয়ে পাৰমানৱিক ক্ষমতা আৰু পাৰমানৱিক ব্যৱসায়ত অনুমতি প্ৰদান কৰিছিল ৷ 2007ৰ Mangoes-for-Motorcycles চুক্তিয়ে দুয়োখন দেশৰ মাজৰ ব্যৱসায়িক চুক্তিক অধিক শক্তিশালী ৰূপে গঢ় দিয়ে ৷ ফলৰ বজাৰত ভাৰতক আৰোপ কৰা 18 বছৰীয়া নিষেধাজ্ঞাৰ অৱসান ঘটাই ভাৰতৰ আম আমেৰিকালৈ ৰপ্তানি কৰা হৈছিল ৷ 2006 চনত মনমোহন সিং আৰু বুশ্বৰ মাজত সম্পাদিত চুক্তি অনুসৰি তিনিবছৰত দুয়োখন দেশৰ ব্যৱসায় দুগুন কৰি তোলাৰ বাবে এই নিষেধাজ্ঞা উঠাই লোৱা হৈছিল ৷ ইয়াৰ বিপৰীতে নতুন দিল্লীয়ে কৈছিল আমেৰিকাৰ হাৰ্লে ডেভিডছন মটৰচাইকেলৰ ওপৰত থকা নিষেধাজ্ঞা সীমিত কৰি দিয়াৰ কথা ৷ আমেৰিকাৰ Bureau of Economic Analysisৰ তথ্য অনুসৰি, দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সামগ্ৰী আৰু সেৱা ব্যৱসায় 2006 চনৰ 45 বিলিয়ন আমেৰিকান ডলাৰৰ পৰা 2010 চনত ইয়াক 70 বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি কৰা হয় ৷

লগতে পঢ়কঃ এক প্ৰতিৰক্ষা চুক্তি সাক্ষৰৰ সম্ভাৱনা ভাৰত-আমেৰিকাৰ

কূটনৈতিক কথোপকথন : নতুন দিল্লী আৰু ৱাশ্বিংটনে 2010 চনত প্ৰথমবাৰলৈ ভাৰত-আমেৰিকা কূটনৈতিক সংলাপত উপনীত হয় ৷ ভাৰতীয় আমোলাৰ এটা উচ্চ পৰ্যায়ৰ দলে ৱাশ্বিংটন ভ্ৰমণ কৰাৰ লগতে দলটোৰ এই ভ্ৰমণৰ পিচতে সেইসময়ৰ ছেক্ৰেটাৰী অৱ ষ্টেটচ হিলাৰী ক্লিন্টনে দুয়োখন দেশৰ সম্পৰ্ক "এক অপৰিহাৰ্য বন্ধুত্ব" আখ্যা দিয়ে ৷ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই এই বন্ধুত্বক "একৈশ শতিকাৰ এক নিশ্চয়কামী বন্ধুত্ব" আখ্যা দিয়ে ৷ ইয়াৰ পৰৱৰ্তী বৰ্ষৰ পৰাই দুয়োখন দেশেই এই সংলাপ প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে ৷

লগতে পঢ়কঃ ট্ৰাম্পৰ তিনিঘন্টীয়া গুজৰাট ভ্ৰমণত ব্যয় হ’ব 85 কোটি টকা

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰত সন্দৰ্ভত আমেৰিকাৰ স্থিতি : 2010 চনত ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই ভাৰতৰ সংসদক সম্বোধন কৰে আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী সদস্যপদ দিয়াৰ কথা উল্লেখ কৰে ৷ এই ভ্ৰমণৰ সময়তে দুয়োখন দেশে 14.9 বিলিয়ন আমেৰিকান ডলাৰৰ বাণিজ্যিক চুক্তিত উপনীত হয় ৷ অৱশ্যে ভাৰতীয় বজাৰলৈ আমেৰিকাৰ আগ্ৰাসন আৰু অসামৰিক পাৰমানৱিক নীতিয়ে এই চুক্তিক আৱৰি ৰাখে ৷

লগতে পঢ়কঃ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণক লৈ হোৱাইট হাউচত আলোচনা চক্ৰ

ওবামাৰ দ্বিতীয় ভাৰত ভ্ৰমণ : 2015 চনৰ গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে দ্বিতীয়বাৰলৈ ভাৰত ভ্ৰমণলৈ আহে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামা ৷ তেওঁ বিশ্বৰ সৰ্ববৃহৎ দুখন গণতন্ত্ৰৰ মাজৰ সম্পৰ্কক আদৰণি জনায় "আমেৰিকা ভাৰতৰ সৰ্বশ্ৰেষ্ঠ বন্ধু" আখ্যা দিয়ে ৷ ওবামা আৰু নৰেন্দ্ৰ মোডীয়ে ভাৰত-আমেৰিকাৰ মাজৰ পাৰমানৱিক বিষয়ত, ভাৰত-আমেৰিকা অসামৰিক পাৰমানৱিক চুক্তিক লৈ গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ায় ৷ ইয়াৰ পৰৱৰ্তী ছমাহ পিচতে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব এশ্বটন কাৰ্টাৰ আৰু ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰে 10বছৰীয়া ভাৰত-আমেৰিকা প্ৰতিৰক্ষা ফ্ৰেমৱৰ্ক চুক্তি পুনৰনৱীকৰণ কৰিবলৈ নথিত স্বাক্ষৰ কৰে ৷

লগতে পঢ়কঃ ড‘নাল্ড ট্ৰাম্পে উদ্বোধন নকৰে গুজৰাটৰ ম’টেৰা ষ্টেডিয়াম

প্ৰতিৰক্ষা বন্ধুত্ব : 2016 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণত, আমেৰিকাই ভাৰতক মুখ্য প্ৰতিৰক্ষা সহযোগী দেশ হিচাপে ঘোষণা কৰে, যিটো বিশ্বৰ আন কোনো দেশকে প্ৰদান কৰা নাই আমেৰিকাই ৷ 2015 চনত পুনৰ 10 বছৰৰ বাবে নৱীকৰণ কৰা প্ৰতিৰক্ষা চুক্তি, 2018 চনৰ আগষ্ট মাহত আইনত পৰিনত কৰি, নতুন দিল্লীক আমেৰিকাৰ চুক্তি সহযোগী হিচাপে প্ৰতিৰক্ষা প্ৰযুক্তিকে ধৰি অন্য়ান্য বিষয়ত অগ্ৰাধিকাৰ প্ৰদান কৰে ৷ মোডীয়ে আমেৰিকাৰ কংগ্ৰেছত এক ভাষণ প্ৰদান কৰি দুয়োখন দেশৰ মাজৰ বৰ্ধিত আমোলাতান্ত্ৰিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ কথা উল্লেখ কৰে ৷ দুমাহ পিচত, আমেৰিকা আৰু ভাৰতে এক চুক্তি স্বাক্ষৰ কৰি প্ৰায় দশকযোৰা অপেক্ষাৰ অন্তত দুয়োখন দেশৰ মাজত অত্যধিক সামৰিক সহযোগিতাত উপনীত হয় ৷

লগতে পঢ়কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থা : ৰাষ্ট্ৰপতিৰ নিৰাপত্তা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.