নিউজ ডেস্ক, 9 ছেপ্তেম্বৰঃ সপোনৰ পথ কাঁইটীয়া হ'লেও তাক পোৱাৰ হাবিয়াস আকাশৰ সমান ওখ ৷ এই কথাকে প্ৰমাণ কৰি দেখুৱালে উৰিষ্যাৰ এগৰাকী যুৱতীয়ে ৷ ৰাজ্যখনৰ অতিকে পিচপৰা তথা মাও-অধ্যুষিত মালকানগিৰি জিলাৰ এই যুৱতীগৰাকী হৈছে অনুপ্ৰিয়া লাক্ৰা ৷ মাত্ৰ 23 বছৰ বয়সতে এগৰাকী বৈমানিক হিচাপে স্বীকৃতি লাভ কৰে অনুপ্ৰিয়াই ৷ অনুপ্ৰিয়াৰ সাফল্যত গৰ্বিত পিতৃ-মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসী ৷
সৰুৰে পৰাই মেধাৱী অনুপ্ৰিয়াই 2012 চনত অভিযান্ত্ৰিকতাৰ শিক্ষা আধাতে সাং কৰি বিমান চালনা শিক্ষানুষ্ঠানত নিজকে ভৰ্তি কৰায় ৷ অৰ্থনৈতিক অসুবিধা থকা স্বত্বেও পিতৃ-মাতৃয়ে কোনোদিনে অনুপ্ৰিয়াৰ সপোনত বাধা আহিবলৈ দিয়া নাছিল ৷ পিতৃ উৰিষ্যাৰ আৰক্ষী বিভাগৰ এগৰাকী হাবিলদাৰ হোৱাৰ লগতে মাতৃ এগৰাকী গৃহিনী ৷ কিন্তু পিতৃ-মাতৃৰ লগতে নিজৰ অধ্যৱসায় আৰু কষ্টৰ ফলতে এইদৰে নিজৰ সপোন সাৰ্থক কৰিবলৈ সক্ষম হয় অনুপ্ৰিয়া লাক্ৰাই ৷
শেহতীয়াকৈ বৈমানিকৰ পাঠ্যক্ৰম শেষ কৰা অনুপ্ৰিয়াই শীঘ্ৰেই এটা ব্যক্তিগত বিমান পৰিবহন সংস্থাত এগৰাকী সহযোগী বৈমানিক হিচাপে যোগদান কৰিব ৷