ETV Bharat / bharat

কৃষকসকলক পুনঃপ্ৰতিশ্ৰুতিৰ প্ৰয়োজন : এম.এছ স্বামীনাথন - ৰাষ্ট্ৰীয় উদ্যান শস্য উন্নয়ন ব’ৰ্ড

প্ৰমুখ কৃষিবিজ্ঞানী তথা অধ্যাপক এম.এছ স্বামীনাথনৰ কেন্দ্ৰীয় চৰকাৰলৈ অনুৰোধ ৷ দেশত চলি থকা লক ডাউনৰ সময়ত কৃষকসকলৰ জীৱিকা নিৰ্বাহত দেখা দিয়া আৰ্থিক সংকটৰ বাবে তেওঁলোকক পুনঃপ্ৰতিশ্ৰুতিৰ প্ৰয়োজন হৈছে ৷ কৃষকসকলক আৰ্থিকভাৱে সহায় কৰিবলৈ কেন্দ্ৰই অতি সোনকালে ব্যৱস্থা হাতত ল’ব লাগে বুলি শুকুৰবাৰে তেওঁ মন্তব্য প্ৰদান কৰে ৷

কৃষকসকলক পুনঃপ্ৰতিশ্ৰুতিৰ প্ৰয়োজন : এম.এছ স্বামীনাথন

author img

By

Published : Apr 21, 2020, 12:08 PM IST

নিউজ ডেস্ক, 21 এপ্ৰিলঃ বিখ্যাত কৃষিবিজ্ঞানী তথা অধ্যাপক এম.এছ স্বামীনাথনে এই লক ডাউনৰ সময়ছোৱাত কৃষকসকলৰ জীৱিকা নিৰ্বাহত দেখা দিয়া আৰ্থিক সংকটক লৈ চিন্তিত হৈছে ৷ শুকুৰবাৰে এক মন্তব্যৰ জৰিয়তে তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ অনুৰোধ জনায় যে,বৰ্তমান দেশৰ কৃষকসকলক পুনঃপ্ৰতিশ্ৰুতিৰ প্ৰয়োজন ৷ গতিকে অতিশীঘ্ৰেই কেন্দ্ৰই কৃষকসকলৰ আৰ্থিক সমস্যা দূৰ কৰাৰ দিশত গুৰুত্ব প্ৰদান কৰিব লাগে ৷

শস্যৰ ক্ৰয় মূল্য সম্পূৰ্ণ কৰিবলৈ হ’লে ‘বজাৰ হস্তক্ষেপ’ ধাৰণাটো কাৰ্যকৰী কৰা উচিত ৷ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে সমান পৰিমাণে শস্যৰ মূল্যৰ পাৰ্থক্যটোত গুৰুত্ব প্ৰদান কৰিব লাগে আৰু কৃষক সকলক সহায় কৰিব লাগে ৷ লগতে তেওঁলোকক স্থানীয় পৰিবহনৰ ব্যৱস্থা কৰি দিব লাগে যাতে,কৃষিখণ্ডত জড়িত শ্ৰমিকসকলে অহা-যোৱা কৰিব পাৰে ৷

কৃষিক্ষেত্ৰৰ লগত জড়িত যন্ত্ৰ-পাতিসমূহৰ ক্ষেত্ৰত চৰকাৰে অগ্ৰাধিকাৰ দিব লাগে,যাতে কৃষিকাৰ্যত তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰত ব্যৱস্থা ল’ব পাৰে ৷

ইয়াৰোপৰি চৰকাৰে ৰবি শস্য সংগ্ৰহ আৰু ইয়াৰ ৰোপণৰ দিশত গুৰুত্ব দিব লাগে ৷ ৰবি শস্য ক্ৰয় আৰু সংৰক্ষণৰ ক্ষেত্ৰত অতিকৈ আৱশ্যকীয় ৷ এই আৱশ্যকতা পূৰণ কৰিবলৈ নতুন ঋণ প্ৰদান কৰাতো অতি জৰুৰী ৷ কৃষকসকলক ব্যক্তিগত খণ্ডৰ ঋণ প্ৰদানকাৰী আৰু ব্যৱসায়ীৰ পৰা বিত্তীয় সুৰক্ষা প্ৰদান কৰিব লাগে ৷ একেদৰে এই ব্যৱসায়ীসকলক আগন্তুক শস্য উৎপাদনৰ সময়লৈকে সুত নল’বলৈ আদেশ দিব লাগে ৷

প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত কৃষকসকলে 6 হাজাৰ টকাকৈ লাভ কৰি আছে ৷ এই ধনৰাশি 15 হাজাৰলৈ বৃদ্ধি কৰিব পাৰি,য’ত তাৎক্ষণিকভাৱে আধা সংখ্যক ধনৰাশি কৃষকসকলৰ একাউণ্টত জমা কৰিব পৰা যায় ৷ যিবোৰ উৎপাদন সমিতিয়ে কৃষকসকলক উপকৃত কৰে সেইবোৰৰ ওপৰত গুৰুত্ব দিয়া উচিত ৷ শস্যসমূহ চপোৱা আৰু চপোৱাৰ বাবে খৰচ কৰা ধনসমূহ গ্ৰামীণ ৰোজগাৰ যোজনা আঁচনিৰ পৰা ব্যয় কৰিব লাগে ৷

বজাৰসমূহ সম্পূৰ্ণৰূপে সক্ৰিয় নোহোৱালৈকে উৎপাদন কৰা শস্যসমূহ শীতলীকৃত ভঁৰালত ৰখাৰ ব্যৱস্থা কৰিব লাগে ৷ লগতে গাখীৰৰ ভঁৰালসমূহত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (NDDB)য়ে গ্ৰহণ কৰা নিয়মসমূহৰ দৰে উদ্যান শস্যৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় উদ্যান শস্য উন্নয়ন ব’ৰ্ড (NHDB)য়ে ব্যৱস্থা গ্ৰহণ কৰা উচিত ৷

খাৰিফ শস্যসমূহৰ উৎপাদনৰ ক্ষেত্ৰত গ্ৰহণযোগ্য বীজ সৰবৰাহ কৰাৰ দিশত চৰকাৰে গুৰুত্ব প্ৰদান কৰিব লাগে ৷ কৃষিকাৰ্যত মহিলাসকলৰ ভূমিকাৰ ওপৰত লক্ষ্য ৰাখি মহিলাসকলক বিত্তীয় আৰু প্ৰযুক্তিগত সবলীকৰণৰ সুবিধা দিব লাগে ৷ ইয়াৰ লগতে,কৃষকসকলক উন্নতমানৰ শস্য উৎপাদন কৰিবলৈ প্ৰয়োজনীয় তথা সংযোজিত যন্ত্ৰ-পাতি প্ৰদান কৰিব লাগে ৷

লগতে পঢ়ক : কৰ'ণা আতংকঃ ক'ত কি হ'ল আজিলৈকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.