ETV Bharat / bharat

কাৰ্গিল যুদ্ধত প্ৰতিকূল বতৰ আৰু ভূ-ভাগৰ প্ৰত্যাহ্বান

author img

By

Published : Jul 26, 2020, 7:32 PM IST

কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ ভূমিত খাপ পিটি থকা পাকিস্তানী সেনাৰ উপৰিও ভাৰতীয় সেনাই বহুটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ৷ যেনে, ভূ-ভাগৰ প্ৰত্যাহ্বান, বতৰ আৰু যুদ্ধনীতিত প্ৰভাৱ আৰু উচ্চতাত হোৱা ৰোগ ৷

কাৰ্গিল যুদ্ধ
কাৰ্গিল যুদ্ধত প্ৰতিকূল বতৰ আৰু ভূ-ভাগৰ প্ৰত্যাহ্বান

কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ ভূমিত খাপ পিটি থকা পাকিস্তানী সেনাৰ উপৰিও ভাৰতীয় সেনাই বহুটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ৷

ভূ-ভাগৰ প্ৰত্যাহ্বান

= 18-21,000 ফুট ওখ পৰ্বতৰ শৃংগৰ লগতে 10-11,000 ফুট উচ্চতাৰ উপত্যকা ৷

= সমগ্ৰ অঞ্চলটোৰ অধিকাংশই তীক্ষ্ণ পাহাৰীয়া শৃংগৰ লগতে ওখোৰা-মোখোৰা আছিল, য'ত খোজ কঢ়াটো দুৰ ঠিয় হোৱাটো অসম্ভৱ আছিল ৷

= প্ৰতিটো খণ্ডতে ইয়াৰ মাটি গ্ৰেভেল আৰু তললৈ নামি অহা শিলেৰে পৰিপূৰ্ণ আছিল ৷

= গ্ৰীষ্মকালত ইয়াত সেউজীয়াৰ অভাৱৰ লগতে অতি ওখ উচ্চতাই ইয়াত উশাহ-নিশাহ লোৱাটো কষ্টকৰ কৰি তুলিছিল ৷

= ইয়ে সৈনিকসকলৰ যুদ্ধক্ষমতাত সাংঘাটিকভাৱে প্ৰভাৱ পেলাইছিল ৷

= এই অঞ্চলটোৱে প্ৰতিৰক্ষাকাৰীৰ ফালে আছিল, আক্ৰমণকাৰীৰ বাবে ই অতিশয় কষ্টকৰ আছিল ৷

= অঞ্চলটোত জীৱনৰ অভাৱ, ঠেক পথেৰে আক্ৰমণ, সীমিত আৰু কষ্টকৰ পথে আক্ৰমণকাৰী বাহিনীক অধিক ক্ষতি কৰিছিল ৷

বতৰ আৰু যুদ্ধনীতিত ইয়াৰ প্ৰভাৱ

= পাতল আৰু শীতল বতৰৰ লগতে ওখোৰা-মোখোৰা পাহাৰে এই উচ্চতাত এজনক জীয়াই থকাত যথেষ্ট কষ্টকৰ হয় ৷

= অধিক উচ্চতাই সমগ্ৰ অঞ্চলটোৰে উষ্ণতা কম কৰি তোলে ৷ অঞ্চলটোৰ প্ৰতি শ মিটাৰ উচ্চতাত 1 ডিগ্ৰীকৈ উষ্ণতা কমি আহে ৷

= ড্ৰাছক স্বাস্থ্যগত অসুবিধাৰ ক্ষেত্ৰত দ্বিতীয়খন চহৰ হিচাপে গণ্য কৰা হয়, য'ত শীতকালত উষ্ণতা -60 ডিগ্ৰীলৈ কমি আহে ৷

= একেদৰেই কাৰ্গিলত এই উষ্ণতা -30 ডিগ্ৰীলৈ কমি আহে ৷

= বতাহৰ গতিয়ে এইটো ওখোৰা-মোখোৰা অঞ্চলৰ উষ্ণতাত তীব্ৰতৰ হয় আৰু শৰীৰ কপাই তোলে ৷ ইয়াৰ শীতৰ বাবেই এইটো অঞ্চলক শীতল মৰুভূমি হিচাপে জনা যায় ৷

= অধিক উচ্চতাৰ পৰিৱেশে সৈনিকৰ লগতে যুদ্ধৰ সামগ্ৰীসমূহটো বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে ৷ অক্সিজেনৰ পৰিমান কম হোৱাৰ ফলত ই মানসিকভাৱেও ক্ষতিগ্ৰস্ত কৰে ৷

= ইয়াৰ বায়ুমণ্ডলে সৈনিকসকলৰ মৃত্যুৰ হাৰ বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ যুদ্ধ কৰা ক্ষমতাৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে ৷ এইটো অঞ্চলৰ সৈতে মিলি যোৱাৰ অনুশীলনে ইয়াত জীয়াই থকাৰ সক্ষমতা প্ৰদান কৰে ৷ বায়ুৰ চাপ কম হোৱাৰ ফলত অস্ত্ৰৰ লগতে যুদ্ধবিমানৰ সক্ষমতা আৰু লক্ষ্যতো প্ৰভাৱিত কৰে ৷

= শীতল বতৰে মানুহৰ লগতে সামগ্ৰীকো অক্ষম কৰি তোলে ৷ পাহাৰীয়া পৰিৱেশে ইয়াৰ যুদ্ধনীতি অধিক কষ্টসাধ্য কৰি তোলে, আৰু ইয়াৰ ফলত ভূমিভাগত চলাচল কৰাটো অধিক প্ৰত্যাহ্বানমুলক হৈ পৰে ৷

উচ্চতাত হোৱা বেমাৰ

= হাইপোক্সিয়া- 5,000 ফুট উচ্চতাত এই বেমাৰে দেখা দিয়ে ৷ ইয়াৰ ফলত শৰীৰৰ কোষবোৰলৈ অক্সিজেনৰ যোগান কম হয় ৷ হাইপোক্সিয়াৰ ফলত যথেষ্ট বেমাৰৰ সৃষ্টি হয় আৰু ইয়াৰে কিছুমান মাৰাত্মক হৈ পৰাৰ লগতে মানসিক স্বাস্থ্যটো প্ৰভাৱ বিস্তাৰ কৰে ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে একিউট মাউন্টেইন ছিনড্ৰম ৷

= হাপে- আমাৰ হৃদযন্ত্ৰলৈ জুলীয়া পদাৰ্থৰ উপস্থিতিয়ে অধিক উচ্চতাত মৃত্য়ুৰ অন্যতম কাৰণ হৈ পৰে ৷ শুকান কাহ আৰু কষ্টকৰ উশাহ-নিশাহ ইয়াৰ লক্ষণ ৷

= সাগৰপৃষ্ঠৰ উচ্চতাৰ পৰা 8,000 ফুট উচ্চতাত অধিক সময় থাকিলে ই মাৰাত্মক হিচাপে দেখা দিব পাৰে ৷ ইয়াৰ ফলত মুৰৰ বিষ আৰু মুৰ ঘুৰোৱা আদিয়ে দেখা দিব পাৰে ৷ ইয়াৰ বলি হোৱা অধিকাংশই পেশীৰ দুৰ্বলতা, অভোক আদি লক্ষণ দেখা দিয়ে ৷

লগতে পঢ়ক : ইৰান সম্পৰ্কত আমেৰিকাৰ সন্মুখত শিৰনত নহওঁ- ভাৰতীয় দূতাবাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.