ETV Bharat / bharat

প্ৰকৃতি মাতৃলৈ প্ৰতিদানৰ বাবে প্ৰত্যাহ্বান

বিশ্বত গড়ে প্ৰতিজন লোকৰ বিপৰীতে ৪২২ ডাল গছ থকাৰ বিপৰীতে ভাৰতত এই সংখ্যা মাত্ৰ ২৮ । উদ্বেগজনক বিষয় এয়ে যে দেশৰ বিত্তীয় ৰাজধানী হিচাপে জনাজাত মুম্বাইত প্ৰতিজন লোকৰ বিপৰীতে গছৰ সংখ্যা মাত্ৰ চাৰিডাল ।

প্ৰকৃতি মাতৃলৈ প্ৰতিদানৰ বাবে প্ৰত্যাহ্বান
প্ৰকৃতি মাতৃ
author img

By

Published : Nov 26, 2019, 9:27 AM IST

গছ সংৰক্ষণৰ বাবে মনোযোগ আকৰ্ষণ !
“গছেই হৈছে শ্ৰেষ্ঠ শিক্ষক যিয়ে আমাক স্বাৰ্থহীনতা আৰু ত্যাগৰ বিষয়ে শিকায়”--জনধ্যালা পাপ্পায়াশাস্ত্ৰী

যদি স্বাৰ্থহীন সেৱাৰ বিষয়ে এক জীৱন্ত পাঠ কোনোবাই গ্ৰহণ কৰিব বিচাৰে, তাৰ বাবে গছৰ বাহিৰে আন উৎকৃষ্ট উদাহৰণ হ’ব নোৱাৰে । এই জগতৰ প্ৰতিটো জীৱই গছে প্ৰদান কৰা অক্সিজেনৰ ওপৰত নিৰ্ভৰশীল হৈয়ে জীয়াই থাকে । ইয়াৰ উপৰি গছে ফল, পাত, ঔষধ, কাঠ-খৰি আৰু আন জীৱিকাৰ উপায় প্ৰদান কৰে । গতিকে গছ-গছনি অবিহনে পৃথিৱীত জীৱৰ অস্তিত্ব অসম্ভৱ বুলি ক’লেও অতিৰঞ্জিত কৰা নহ’ব ।

প্ৰাচীন পৰম্পৰা আৰু বিশ্বাসৰ ফলত প্ৰকৃতি বা জীৱৰ কোনো ৰূপক পূজা কৰাৰ পৰম্পৰাগত পদ্ধতিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ আগবঢ়া । কিন্তু পৃথিৱীত তীব্ৰ হাৰত গছ-গছনি কটা দেশসমূহৰ তালিকাতো ভাৰত উদ্বেগজনকভাৱে ওপৰত আছে । তদুপৰি দেশৰ প্ৰতিজন লোকৰ বিপৰীতে থকা গছৰ সংখ্যাৰ ক্ষেত্ৰতো আমি আটাইতকৈ তলত আছোঁ ।

তেনে প্ৰেক্ষাপটত ‘গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ’ৰ দৰে অনুষ্ঠান থকাটো আমাৰ বাবে আশীৰ্বাদ স্বৰূপ । এই অনুষ্ঠানটোৱে সমাজৰ সকলো শ্ৰেণীকে সাঙুৰি যেনে বিদ্যালয়ৰ শিক্ষাৰ্থী, ৰাজনৈতিক নেতা, আমোলা, চেলিব্ৰিটী, সাধাৰণ লোক আদিৰ মাজত সজাগতা বৃদ্ধিৰ বাবে চেষ্টা চলাই আহিছে ।

বিপন্ন বনাঞ্চল :
ভাৰতীয় উপ মহাদেশৰ পৰিৱেশ বিচিত্ৰ । যাৰ ফলত দেশৰ ইমূৰৰ পৰা সিমূৰলৈ কাশ্মীৰৰ পৰা কণ্যাকুমাৰীলৈ বিস্তৃত জৈৱ বৈচিত্ৰই আমাক বিভিন্ন ধৰণৰ উদ্ভিদ আৰু জীৱ উপহাৰ দিয়ে । কিন্তু দেশত মানুহৰ সংখ্যাৰ বিপৰীতে উদ্ভিদৰ সংখ্যা হ্ৰাস পোৱাটো দুখৰ বিষয় । বিশ্বত গড়ে প্ৰতিজন লোকৰ বিপৰীতে ৪২২ ডাল গছ থকাৰ বিপৰীতে ভাৰতত এই সংখ্যা মাত্ৰ ২৮ । উদ্বেগজনক বিষয় এয়ে যে দেশৰ বিত্তীয় ৰাজধানী হিচাপে জনাজাত মুম্বাইত প্ৰতিজন লোকৰ বিপৰীতে গছৰ সংখ্যা মাত্ৰ চাৰিডাল ।

সম্পূৰ্ণ স্বচ্ছ আৰু সেউজ দেশৰ তালিকাত প্ৰতিজন লোকৰ বিপৰীতে ৮৯৫৩ ডাল গছেৰে কানাডাই শীৰ্ষ স্থান দখল কৰিছে । তাৰ পাছতে ৪৪৬১ ডাল গছেৰে ৰাছিয়া আৰু ৩২৬৬ ডাল গছেৰে অষ্ট্ৰেলিয়া আছে । এই সংখ্যা ভিন্ন হোৱাৰ আঁৰত বিভিন্ন কাৰণ থাকিব পাৰে । ইয়াৰ ভিতৰত চৰকাৰী নীতিৰ প্ৰভাৱ, পূ্ৰ্বৰে পৰা বিৰাজ কৰা সেউজ পৰিৱেশ, জনসাধাৰণ সজাগতা আৰু সক্ৰিয় অংশগ্ৰহণ আদি হ’ব পাৰে । ইয়াৰে আটাইবোৰ বা অধিকাংশ কাৰণেই ভাৰতত দেখা পোৱা নাযায় । গছ কটাৰ উপৰি নতুনকৈ ৰোপণৰ প্ৰতি অৱহেলা এক উদ্বেগৰ বিষয় । যাৰ ফলত আমাৰ দেশত নিৰ্বনীকৰণৰ হাৰ বৃদ্ধি পাইছে ।

নিৰ্বনীকৰণ কেৱল আমাৰ দেশৰেই চিন্তাৰ কাৰণ নহয়, সমগ্ৰ পৃথিৱীতে ই উচ্চ হাৰত ঘটি আছে । আমেৰিকাৰ এক গৱেষণা প্ৰতিষ্ঠানে চলোৱা সমীক্ষা অনুসৰি প্ৰায় ১০০০ কোটি হেক্টৰ ভূমিৰ গছ-গছনিৰে পৃথিৱীখন পৰিপূৰ্ণ হ’ব লাগে । কিন্তু ১৯৯০ চনৰ পৰা গছ-গছনিৰে পূৰ্ণ ১২.৯ কোটি হেক্টৰ ভূমি পৃথিৱীৰ পৰা নোহোৱা হৈছে আৰু এই হাৰ চিন্তনীয়ভাৱে হ্ৰাস পাই আহিছে । চোৰাং কাঠৰ সৰবৰাহ, চিকাৰ, বনজুই, উদ্যোগীকৰণ, খেতিৰ বাবে বনাঞ্চলৰ মাটি মুকলি কৰা আৰু মানুহে কৰা অনেক ভুলক ইয়াৰ কাৰণ হিচাপে গণ্য কৰিব পাৰি । প্ৰায় ৯০ কোটি মানুহে জীৱিকাৰ বাবে অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰে ।

বিশেষকৈ ভাৰতত আমি উচ্চ হাৰত অৰণ্য হেৰুৱাই আছোঁ । ১৯৮৮ চনৰ ৰাষ্ট্ৰীয় বন নীতি অনুসৰি ভাৰতৰ মুঠ মাটিকালিৰ এক তৃতীয়াংশ বনাঞ্চলেৰে আৱৰা হ’ব লাগে । কিন্তু বৰ্তমান ভাৰতৰ বনাঞ্চলে আৱৰা মাটিকালিৰ হাৰ মাত্ৰ ২৪.৩৯ শতাংশহে । ২০১৭ চনত ভাৰতীয় বন সমীক্ষা সংগঠনে চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে যে বছৰি নিৰ্বনীকৰণৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে । আমাৰ চকুৰ সন্মুখতে জংঘলবোৰ নিঃশেষ হৈ গৈ আছে । দুয়োখন তেলেগু ৰাজ্যও ইয়াৰ ব্যতিক্ৰম নহয় । বৰঞ্চ দেশৰ আন প্ৰান্তৰ তুলনাত দ্ৰুতভাৱে নিৰ্বনীকৰণৰ সমস্যাৰ মুখামুখি ৰাজ্য দুখনে হ’বলগীয়া হৈছে ।

তেলেংগানাৰ ৰাজধানী চহৰ হায়দৰাবাদ সেউজ পৰিৱেশ, হ্ৰদ আৰু আন জলাশয়েৰে পৰিপূৰ্ণ পৰিৱেশ তন্ত্ৰৰ বাবে জনাজাত । দুৰ্ভাগ্যজনকভাৱে এই চহৰখনো এতিয়া নিৰ্বনীকৰণৰ সমস্যাৰ সন্মুখীন হৈছে আৰু ক্ৰমবৰ্দ্ধমান জনসংখ্যাৰ বসতিৰ বাবে ইয়াৰ ৬০ শতাংশ সেউজ আৱৰণ হেৰুৱাই পেলাইছে । আন তেলেগু ৰাজ্যখনতো অনুৰূপ পৰিস্থিতিয়েই বিৰাজ কৰিছে ।

নিৰ্বনীকৰণৰ ফলত এজমাকে ধৰি আন শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰেই অকল সৃষ্টি হোৱা নাই, বাৰিষাৰ সময় চক্ৰৰ সলনি বা জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনৰ যোগেদি কৃষিকৰ্ম আৰু গছ-গছনি, জীৱ-জন্তুৰ ওপৰতো প্ৰভাৱ পেলাইছে । নিৰ্বনীকৰণৰ নেতিবাচক প্ৰভাৱ আৰু সেউজ আৱৰণ হ্ৰাস পোৱাৰ ফলত পৰিৱেশতন্ত্ৰ ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ লগতে খাদ্য আৰু পানীৰ সন্ধানত বন্যপ্ৰাণীসমূহে নিজৰ বাসস্থল ত্যাগ কৰিবলগীয়া হৈছে । মানুহৰ বাবে নিৰ্বনীকৰণে অনা সমস্যাটো হৈছে বৰষুণ বা বৰষুণৰ পানীৰ অভাৱ । যাৰ ফলত সমাজত দুৰ্ভিক্ষ সৃষ্টি হ’ব পাৰে । ইয়াৰ লগতে অক্সিজেনৰ ক্ষেত্ৰতো নিৰ্বনীকৰণে নেতিবাচক প্ৰভাৱ পেলায় ।

এডাল পূৰ্ণাংগ গছে প্ৰতি বছৰে প্ৰায় ২৪ লাখ টকা মূল্যৰ অক্সিজেন বছৰি প্ৰদান কৰে বুলি কোৱা হয় । ইয়াৰ লগতে ০.৫৩ টন কাৰ্বন ডাই অক্সাইড আৰু ১.৯৫ কিল’গ্ৰাম আন প্ৰদূষক গছডালে গ্ৰহণ কৰে । তদুপৰি গছডালে পৃথিৱীৰ গভীৰ বুকুত ১৪০০ গেলন বৰষুণৰ পানী জমা কৰাত সহায় কৰে । এগৰাকী স্বাস্থ্যৱান লোকে প্ৰতিদিনে ৩ চিলিণ্ডাৰ অক্সিজেন গ্ৰহণ কৰে । এই হাৰত যদি লোকজনে সমগ্ৰ জীৱন অক্সিজেন গ্ৰহণ কৰে তেন্তে তেওঁ জীৱনকালত অন্ততঃ তিনিডাল গছ ৰোপণ কৰাৰ লগতে প্ৰতিপালন কৰিব লাগিব । মানুহক সামাজিক আৰু বন্ধুত্বসুলভ প্ৰাণী বুলি কোৱা হয় । কিন্তু ইয়াতে প্ৰশ্ন উত্থাপন হয়-আমাৰ অস্তিত্বৰ মূল কাৰণ গছ-গছনিৰ প্ৰতি আমি কিমান বন্ধুত্বসুলভ আৰু যত্নপৰ?

এয়া আমাৰ সামূহিক দায়িত্ব :
গ্ৰীণ ইণ্ডিয়া চেলেঞ্জৰ দৰে সংগঠনে গছপুলি ৰোপণ তথা মানৱ অস্তিত্বৰ বাবে গছ-গছনিৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ওলাই আহিছে । সংগঠনটোৱে প্ৰতিজন লোককে জীৱন কালত তিনিডাল গছপুলি ৰোপণ কৰাৰ লগতে ডাঙৰ-দীঘল কৰিবলৈ উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে কাম কৰি আহিছে । এয়া হৈছে আমি লাভ কৰা অক্সিজেনৰ বিনিময়ত প্ৰকৃতিৰ প্ৰতি দিয়া এক প্ৰতিদান । এনে সংগঠন কিছুমানৰ প্ৰচেষ্টাতে পৰিৱেশ সংৰক্ষণ আৰু গছপুলি ৰোপণক বৰ্তমান সামাজিক দায়বদ্ধতা হিচাপে স্বীকৃতি দিয়া হৈছে ।

শিক্ষাৰ্থী, শিক্ষক, অধ্যাপক, বিভিন্ন বৃত্তিধাৰী, আমোলা (কেৱল আই এ এছ, আই পি এছ, আই আৰ এছেই নহয় ), ৰাজনীতিবিদ, খেল, সংবাদ মাধ্যম, ছবিজগতৰ চেলিব্ৰিটী আৰু সাধাৰণ নাগৰিকৰ সামূহিক প্ৰচেষ্টাত এতিয়ালৈকে প্ৰায় ৩.৫ কোটি গছপুলি ৰোপণ কৰা হৈছে । ব্যৱসায়ী, অনুষ্ঠান-প্ৰতিষ্ঠানকে ধৰি সমাজৰ সকলো শ্ৰেণীয়েই স্বেচ্ছাই এই অভিনৱ পদক্ষেপত অংশগ্ৰহণ কৰিছে । এই অনুষ্ঠানটোৱে এই শুভ কাৰ্যাৱলী ৩৮ খন দেশলৈ সম্প্ৰসাৰণ কৰিছে আৰু চৰকাৰৰ সহায় অবিহনে কাম কৰি আহিছে । ইয়াৰ জৰিয়তে অনুষ্ঠানটোৰ সদিচ্ছা প্ৰতিফলিত হৈছে ।

সামূহিক দায়বদ্ধতা স্থাপন আৰু তাৎক্ষণিক ফলাফলৰ বাবে গ্ৰীণ ইণ্ডিয়া চেলেঞ্জে সকলো অংশীদাৰ যেনে- চৰকাৰ, এন জি অ' আৰু সাধাৰণ ৰাইজক এখন মঞ্চত অনাৰ বাবে চেষ্টা কৰি আহিছে । এক সুসংহত মানৱ অস্তিত্বৰ বাবে প্ৰয়োজনীয় বিশুদ্ধ বতাহ, পানী আৰু আন প্ৰাকৃতিক সম্পদসমূহ আদায়ৰ সামূহিক লক্ষ্যত উপনীত হ’বৰ বাবে ই নিশ্চয় সহায় কৰিব ।

‘হাৰিতা হাৰাম’ নামেৰে এক আঁচনিৰ জৰিয়তে তেলেংগানা চৰকাৰে ইতিমধ্যে এই পদক্ষেপ গ্ৰহণ কৰিছে । অন্ধ্ৰ প্ৰদেশ চৰকাৰেও তেনে পদক্ষেপ গ্ৰহণৰ দিশে অগ্ৰসৰ হৈছে । তেনে আঁচনিসমূহ যাতে আমাৰ কুশলৰ বাবে সফল হৈ উঠে সেয়া দৃষ্টি ৰখাটো আমাৰ সকলোৰে দায়িত্ব । এই আঁচনিসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰি সাধাৰণ লোকসকলৰ ওচৰলৈ লৈ যোৱাত যাতে যুৱ প্ৰজন্ম আৰু স্বেচ্ছাসেৱকে দায়িত্ব পালন কৰে সেয়া সময়ৰ আহ্বান হিচাপে পৰিগণিত হৈছে ।

গছৰ জিঅ’টেগিঙে বিভিন্ন স্থানত ৰোপণ কৰা গছসমূহৰ বিকাশ আৰু নিৰাপত্তাৰ দিশটো পৰ্যবেক্ষণ কৰাত সহায় কৰিব । ই কেৱল গছপুলি ৰোপণৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ নকৰি আঁচনিসমূহৰ ফলপ্ৰসূতাৰো আভাস দিব । স্থানীয় অনুষ্ঠান, বিদ্যালয়-মহাবিদ্যালয় আদিৰ সহযোগত স্থানীয় প্ৰশাসনে এই গছসমূহ ‘এডপ্ট’ কৰি সামূহিক লক্ষ্যত উপনীত হোৱাৰ হকে কাম কৰিব পাৰে ।

সকলোবোৰ মহানগৰ আৰু চহৰত বৰ্তমান সৃষ্টি হোৱা ভয়াৱহ প্ৰদূষণৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যে নতুন উদ্যান স্থাপন বা পুৰণিবোৰ পৰিচালনা কৰা, গছপুলি ৰোপণ কৰাৰ উদ্দেশ্যে পুঁজি আৱণ্টন দিব লাগে ।

যিবোৰ অঞ্চলত গছ-গছনি কম সেইবোৰ চিনাক্ত কৰিব লাগে । তেনে বিশেষ অঞ্চলবোৰত বনানীকৰণৰ বাবে কৰ্তৃপক্ষই বিশেষ গুৰুত্ব প্ৰদান কৰা উচিত ।

মহান উদ্দেশ্যৰে নিঃস্বাৰ্থভাৱে কাম কৰি অহা সংগঠন আৰু লোকসকলক চিনাক্ত কৰিবলৈ চৰকাৰে আগভাগ ল’ব লাগে । ই আন বহু অনুষ্ঠান-প্ৰতিষ্ঠানক বিশাল পৰিসৰত কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব । বিভিন্ন সময়ত সজাগতামূলক অনুষ্ঠানো পাতিব পাৰি । প্লাষ্টিকৰ সামগ্ৰী যেনে পলিথিন বেগ, প্লাষ্টিক বটল, জাৰ আদিৰ বিনিময়ত বিনামূলীয়া গছপুলি বিতৰণ আদি কাৰ্যসূচীয়ে সাধাৰণ লোকক এনেধৰণৰ অনুষ্ঠানত ভাগ ল’বলৈ উৎসাহিত কৰিব ।

পৰিৱেশ কৰ্মীসকল :
অসমৰ যোৰহাটৰ পৰিৱেশকৰ্মী যাদৱ মলি পায়েং বৰ্তমান ভাৰতৰ ফৰেষ্ট মেন হিচাপে বিখ্যাত । অকলেই তেওঁৰ গাঁৱৰ ওচৰৰ খালী হৈ থকা ১৩০০ একৰ ভূমিত গছপুলি ৰোপণ আৰু নিৰন্তৰ প্ৰতিপালনৰ বাবে তেওঁ বিখ্যাত । জীৱনৰ বিগত তিনিটা দশকে তেওঁ যিদৰে এই কামত নিজকে উচৰ্গা কৰিছে সেয়া সঁচাকৈয়ে আনৰ বাবে প্ৰেৰণাদায়ক । পায়েঙৰ এই কাৰ্যই তেওঁৰ অঞ্চলৰ লোকসকলক দুৰ্ভিক্ষ আৰু আন স্বাস্থ্যজনিত সমস্যাৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিছে । তেওঁলোকে এতিয়া এক স্বচ্ছ আৰু সেউজ জীৱন যাপন কৰে ।

একেদৰে তেলেগু পৰিৱেশকৰ্মী বানজীৱী ৰামায়া দুয়োখন তেলেগু ৰাজ্যৰ বাবে এক আদৰ্শ । ফল আৰু ছাঁ দিব পৰা গছ প্ৰতিপালন কৰাৰ উদ্দেশ্যে ৰামায়াই খাম্মামা জিলাত প্ৰায় এহেজাৰ গছপুলি ৰোপণ কৰিছে । এতিয়া আশীৰ দেওনা পাৰ হ’লেও ৰামায়াই গছপুলি যিকোনো স্থানত ৰোপণ কৰাৰ সুযোগ ত্যাগ নকৰে । ৰামায়াৰ তপস্যাৰ বিষয়ে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপতো অন্তৰ্ভুক্ত হৈছে ।

আহক আমাৰ লগতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সেউজ ভাৰত পুনৰ প্ৰতিষ্ঠাৰ বাবে গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ সংকল্প গ্ৰহণ কৰোঁ ।

আমাৰ জীৱিকা আৰু কল্যাণৰ মূল উৎস প্ৰকৃতি দেৱীক ইয়াৰ বাহিৰে আমি আন কি দিব পাৰোঁ ?

---এম কৰুণা ৰেড্ডী
(গ্ৰীণ ইণ্ডিয়া চেলেঞ্জৰ প্ৰতিষ্ঠাপক)

Intro:Body:Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.