ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চিৰ বিৰুদ্ধে পশ্চিমবংগত প্ৰতিবাদ

author img

By

Published : Dec 14, 2019, 2:56 PM IST

Updated : Dec 14, 2019, 3:13 PM IST

নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চি প্ৰত্যাহাৰ কৰাৰ দাবীত মুৰ্শিদাবাদত বিশাল প্ৰতিবাদ ৷ শনিবাৰেও মুৰ্শিদাবাদ আৰু হাওৰা অঞ্চলত দেখা গৈছে চৰম উত্তেজনা ৷

Tension prevails in Bengal
পশ্চিমবংগত উত্তেজনা

নিউজডেস্ক, 14 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনক লৈ শনিবাৰেও উত্তেজনাই বিৰাজ কৰিছে পশ্চিমবংগত ৷ শুকুৰবাৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যখনত প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰাৰ লগতে ভাঙি চূড়মাৰ কৰে ৰে'ল ষ্টেচন ৷ যাৰ ফলত পশ্চিমবংগত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰাৰ লগতে অচল স্তব্ধ হৈ পৰিছে জনজীৱন ৷

Tension prevails in Bengal
নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

শুকুৰবাৰে, নাগৰিকত্ব সংশোধনী আইন আৰু এন আৰ চি প্ৰত্যাহাৰ কৰাৰ দাবীত মুৰ্শিদাবাদত বিশাল প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ প্ৰতিবাদকাৰীয়ে বেলদাংগা ৰে'ল ষ্টেচন ভাঙি চূড়মাৰ কৰাৰ লগতে ৰে'ল কৰ্মচাৰীক পলায়ন কৰিবলৈ বাধ্য কৰে ৷ ষ্টেচনমাষ্টৰৰ কক্ষলৈ জোঁৰ লৈ গৈ প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়াৰ চেষ্টা কৰাৰ লগতে টিকট ঘৰো লুটি নিয়ে ৷ প্ৰতিবাদকাৰীৰ ৰে'ল পথ অৱৰোধৰ ফলত ব্যাহত হৈ পৰে লালগোলা আৰু কৃষ্ণনগৰৰ মাজত ৰে'ল চলাচল ৷

Tension prevails in Bengal
প্ৰতিবাদত স্তব্ধ পশ্চিম বংগ

ইফালে আন এটা বিশাল প্ৰতিবাদকাৰীৰ দলে বেলদাংগাৰ ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলোৱাৰ লগতে বিভিন্ন যান-বাহনৰ ক্ষতি সাধন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীৰ ক্ষোভৰ পৰা সাৰি নগ'ল এম্বুলেঞ্চো ৷ মুৰ্শিদাবাদৰ জালংগী, ৰঘুনাথগঞ্জ, শ্বাহামশ্বেৰগঞ্জ, কান্দি, বাহৰামপুৰ আৰু দমকল আদি অঞ্চলত বৰ্তমানেও ব্যাহত হৈ আছে যান-বাহনৰ চলাচল ৷

লগতে পঢ়ক : ইন্টাৰনেটত বাংলাদেশী হিন্দুৱে ভাৰতীয় সীমা পাৰ কৰা ভুৱা ভিডিঅ' প্ৰচাৰ

আনহতে, হাওৰা জিলাত ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে দক্ষিণ-পূৱ সীমান্ত ৰে'লৱেৰ অন্তৰ্গত উলুবেৰিয়া ষ্টেচনত প্ৰৱেশ কৰি ষ্টেচনটোৰ ব্যাপক ক্ষতি সাধন কৰে ৷ প্ৰথমে প্ৰতিবাদকাৰীয়ে ৰে'লপথ অৱৰোধ কৰে আৰু পৰৱৰ্তী সময়চোৱাত হাওৰা-খড়্গপুৰ সংযোগী ৰে'লপথত চলন্ত ৰে'লত আক্ৰমণ চলাই ৷ হাওৰা-কৰমণ্ডল এক্সপ্ৰেছ আৰু হাওৰা-দিঘা কাণ্ডাৰী এক্সপ্ৰেছৰ বিস্তৰ ক্ষতিসাধন কৰে প্ৰতিবাদকাৰীয়ে ৷

Tension prevails in Bengal
পশ্চিমবংগত উত্তেজনা

পশ্চিমবংগৰ ৰাজ্যপাল জগদীশ ধনকাৰে আইন-শৃংখলা অটুট ৰাখিবলৈ জনতাক আহ্বান জনোৱাৰ লগতে, নাগৰিকত্ব সংশোধনী আইনৰ বাবে সংঘটিত হিংসাত্মক কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷ আনহাতে, ভাৰতীয় জনতা পাৰ্টীয়ে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আৰম্ভ হোৱা প্ৰতিবাদৰ বাবে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকেই জগৰীয়া কৰিছে ৷ পশ্চিমবংগৰ দায়িত্বত থকা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিজয়বৰ্গিয়াৰ অভিয়োগ অনুসৰি ৰাজ্যখনত অনুপ্ৰৱেশকাৰীৰ দ্বাৰা এই লজ্জাজনক কাৰ্য পৰিচালিত হৈছে ৷ পশ্চিমবংগ আৰু উত্তৰ-পূৰ্বাঞ্চলত বিশেষকৈ অসম, ত্ৰিপুৰা আৰু মেঘালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক : অগ্নিগৰ্ভা অসমঃ এই জুই নুমাব কেতিয়া ?

Intro:Body:

Tension prevails in Bengal amid anti-CAA protests

Kolkata, Dec 14 (IANS) Tension prevailed in West Bengal on Saturday, a day after protesters against the Citizenship Amendment Act (CAA) blocked roads and vandalised railway stations, leading to disruptions in vehicular movement and train services.

On Friday, a mob, carrying posters against the CAA and the proposed National Register of Citizens, vandalised the Beldanga railway station of Eastern Railway in Murshidabad district, forcing the railway employees to flee.

The protesters torched the station master's cabin and ransacked the ticket counter before setting it on fire.

They also sat on the track, disrupting train movement between Lalgola and Krishnanagar.

Another large group of protesters obstructed the National highway at Beldanga, burning tyres and damaging vehicles, including an ambulance.

Vehicular traffic was halted at various points of the district, including Jalangi, Raghunathganj, Sahmserganj, Kandi, Baharampur and Domkal.

In Howrah district, angry protesters barged into the Uluberia station under South Eastern Railway and vandalised its premises.

The mob earlier blockaded the track, adversely hitting train movements on the Howrah-Kharagpur section on both up and down lines.

The Howrah-Coromondol Express and the Howrah-Digha Kandari Express were damaged in the attack.

Governor Jagdeep Dhankhar appealed for peace and asked people to believe in the rule of law and the laws passed by Parliament and described the violence as unfortunate.

Meanwhile, the Bharatiya Janata Party (BJP) has blamed Chief Minister Mamata Banerjee, accusing her of spreading lawlessness through her statements opposing the CAA.

BJP National General Secretary in-charge of the state Kailash Vijayvargiya alleged that the "shameful incidents" in Bengal were engineered by the infiltrators.

Besides West Bengal, the northeastern region, especially in the states of Assam, Tripura and now Meghalaya, have witnessed widespread violent protests against the CAA.

Before becoming a law, the CAB was passed by both Lok Sabha and Rajya Sabha to provide Indian nationality to Hindus, Christians, Sikhs, Parsis, Jains and Buddhists fleeing persecution in Pakistan, Afghanistan and Bangladesh with a cut-off date of December 31, 2014.

Conclusion:
Last Updated : Dec 14, 2019, 3:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.