নিউজ ডেস্ক, 29 ছেপ্টেম্বৰ : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেশৰ 10খন ৰাজ্যত কোভিড-19ৰ ভয়াৱহতাৰ তথ্য প্ৰকাশ কৰিছে ৷ সেই অনুসৰি, এই দহখন ৰাজ্যত বিগত 24 ঘন্টাত 78 শতাংশ মৃত্যু কোভিডৰ ফলত সংঘটিত হৈছে আৰু মহাৰাষ্ট্ৰত সৰ্বাধিকসংখ্যক মৃত্যুৰ ঘটনা সংঘটিত হৈছে ৷
স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰে, বিগত 24 ঘন্টাত দেশত 776 গৰাকী লোকৰ মৃত্যু হৈছে যাৰ ভিতৰত 78 শতাংশ মৃত্যু দহখন ৰাজ্যত সংঘটিত হৈছে ৷ ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰ শীৰ্ষত থকাৰ লগতে তামিলনাডু(70), কৰ্ণাটক(59), উত্তৰ প্ৰদেশ(58), পশ্চিমবংগ(56), পঞ্জাৱ(46), অন্ধ্ৰপ্ৰদেশ(37), দিল্লী(37) মধ্যপ্ৰদেশ(35) আৰু ছত্তিশগড়(29)ৰ নাম আছে ৷
বিগত 24 ঘন্টাত দেশত 70,589 টা কোভিড-19 সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে আৰু ইয়াৰ ভিতৰত 73 শতাংশৰে 19খন ৰাজ্যতে নতুন ঘটনা পোহৰলৈ আহিছে ৷ সৰ্বাধিকসংখ্যক ৰাজ্যৰ তালিকাত মহাৰাষ্ট্ৰত 11,921টা, কৰ্নাটকত 6892টা, তামিলনাডুত 5589টা, অন্ধ্ৰপ্ৰদেশত 5487টা, কেৰালাত 4538টা, উত্তৰ প্ৰদেশত 3790টা, ছত্তিশগড়ত 3725টা, অসমত 3644টা, উৰিষ্যাত 3235টা আৰু পশ্চিমবংগত 3155টা ঘটনা ধৰা পৰিছে ৷
মঙলবাৰে 84,877গৰাকী আৰোগ্য হোৱাত ভাৰতৰ আৰোগ্যৰ হাৰ বিগত 24 ঘন্টাত 83শতাংশ হৈছে ৷ ভাৰতত আৰোগ্য হোৱা লোকৰ সংখ্যা হৈছেগৈ 51,01,397 গৰাকী ৷ পৰিসংখ্যা অনুসৰি, আৰোগ্য হোৱা তালিকাখনত 73 শতাংশ ঘটনাই মহাৰাষ্ট্ৰ, কৰ্নাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, উত্তৰ প্ৰদেশ, দিল্লী, উৰিষ্যা, কেৰালা, পশ্চিমবংগ আৰু মধ্যপ্ৰদেশৰ নাম আছে ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক 20,000গৰাকীয়ে বিগত 24 ঘন্টাত আৰোগ্য লাভ কৰিছে ৷
লগতে পঢ়ক : COVID-19: বিশ্বৰ ভিন্ন প্ৰান্তৰ শেহতীয়া তথ্য