ETV Bharat / bharat

প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবে তেলেংগানাৰ পৰা চলিব ৪০খনকৈ ৰেল

author img

By

Published : May 5, 2020, 2:15 PM IST

তেলেংগানাৰ চৰকাৰে ৰাজ্যখনত কাম কৰি থকা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে সপ্তাহৰ প্ৰতিটো দিন ধৰি আগন্তুক এসপ্তাহৰ বাবে ৪০ খন ৰেলৰ ব্যৱস্থা কৰিছে । সোমবাৰে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৱে এই কথা প্ৰকাশ কৰিছে ।

তেলেংগানাৰ পৰা চলিব ৪০খনকৈ ৰেল
তেলেংগানাৰ পৰা চলিব ৪০খনকৈ ৰেল

নিউজ ডেস্ক, ৫ মে' : লকডাউনৰ ফলত তেলেংগানাত আৱদ্ধ হৈ থকা বহিঃৰাজ্যৰ লোক তথা প্ৰব্ৰজনকাৰী লোকৰ বাবে বিশেষ ঘোষণা কৰিছে ৰাজ্যখনৰ চৰকাৰে । সোমবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৱে প্ৰকাশ কৰা অনুসৰি, আগন্তুক এসপ্তাহলৈ ৰাজ্যখনৰ পৰা প্ৰতিদিনে চলাচল কৰিব ৪০খন বিশেষ ৰেল । ৰাজ্যখনত আৱদ্ধ হৈ পৰা বহিঃৰাজ্যৰ লোকসকলক নিজ নিজ ৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ তেলেংগানা চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ।

মঙলবাৰৰ পৰা হায়দৰাবাদ, ৱাৰাংগল, খাম্মাম, ৰামাগুণ্ডম, ডামাৰাছাৰলা আৰু অন্যান্য ষ্টেচনৰ পৰা বিহাৰ, উৰিষ্যা, ঝাৰখণ্ড, পশ্চিমবংগ আৰু অন্যান্য ৰাজ্যসমূহলৈ চলাচল কৰিব এই বিশেষ ৪০খন ৰেল । দক্ষিণ মধ্য ৰেলৱেৰ সাধাৰণ প্ৰৱন্ধক গজানন মাল্যৰ সৈতে সোমবাৰে এই বিষয়ত আলোচনাত মিলিত হৈছিল মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাও । মুখ্যমন্ত্ৰীৰ সৈতে এই সভাত উপস্থিত আছিল স্বাস্থ্য মন্ত্ৰী ইটেলা ৰাজেন্দৰ, মুখ্য সচিব সোমেশ কুমাৰ, আৰক্ষী সঞ্চালকপ্ৰধান মহেন্দৰ ৰেড্ডীৰ লগতে অন্যান্য বিষয়াসকল ।

তেলেংগানাত আৱদ্ধ হৈ থকা বহিঃৰাজ্যৰ লোকসকলৰ ভ্ৰমণৰ সকলো দিশ চোৱাচিতা কৰিবলৈ ৰাজ্য চৰকাৰে দুগৰাকী বিষয়াক দায়িত্ব প্ৰদান কৰিছে । সৰ্বভাৰতীয় অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া সন্দীপ চুলতানিয়া আৰু সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া জিতেন্দৰ ৰেড্ডীক এইসকল লোকৰ ভ্ৰমণৰ সকলো দিশ চোৱাচিতা কৰিবলৈ কোৱা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.