ETV Bharat / bharat

তেলেংগানাত উত্তৰ পূৰ্বাঞ্চলৰ যুৱকক দুৰ্ব্যৱহাৰ কৰা শ্ব'পিং মলৰ সুৰক্ষা কৰ্মীক গ্ৰেপ্তাৰ

তেলেংগানাত বৈষম্যতাৰ বলি দুই মণিপুৰী যুৱক ৷ বুধবাৰে তেলেংগানাত মণিপুৰৰ দুজন যুৱকক দুৰ্ব্যৱহাৰ কৰে এখন প্ৰতিষ্ঠিত শ্ব'পিং মলৰ সুৰক্ষা কৰ্মীয়ে ৷ গোটেই ঘটনাটো ভিডিঅ' আকাৰে টুইট যোগে প্ৰকাশ পোৱাত বিষয়টো সন্দৰ্ভত ৰিটুইট কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ৷ অৱশেষত দুৰ্ব্যৱহাৰ কৰা সুৰক্ষা কৰ্মী আৰু মেনেজাৰক গ্ৰেপ্তাৰ কৰে ৰাছাক'ণ্ডা আৰক্ষীয়ে ৷

author img

By

Published : Apr 9, 2020, 7:32 PM IST

telangana manipur duo face racial abuse, denied entry at super market
তেলেংগানাত উত্তৰ পূৰ্বাঞ্চলৰ যুৱকক দুৰ্ব্যৱহাৰ কৰা শ্ব'পিং মলৰ সুৰক্ষা কৰ্মীক গ্ৰেপ্তাৰ

নিউজ ডেস্ক,9 এপ্ৰিলঃ বহিঃৰাজ্যত নিজকে ভাৰতীয় বুলি বাৰে বাৰে প্ৰমাণ দিব লগা হয় উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ৷ বাৰে বাৰে বৈষম্যতাৰ বলি হয় উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতী ৷

দিল্লীত উত্তৰ-পূবৰ এগৰাকী যুৱতীৰ গাত পিক পেলাই যুৱতী গৰাকীক কৰ'ণা আখ্যা দিয়াৰ দৰে ঘটনাৰ কিছুদিন পিছতেই তেলেংগানাত পুনৰ সংঘটিত হ'ল বৈষম্যৰ ঘটনা ৷ তেলেংগানাৰ এখন প্ৰতিষ্ঠিত শ্ব'পিং মলত সংঘটিত হয় এই বৈষম্যৰ ঘটনা ৷ শ্ব'পিং মলৰ সুৰক্ষা কৰ্মীয়ে উত্তৰ পূৰ্বাঞ্চলৰ তথা মণিপুৰৰ দুজন যুৱকক অনা ভাৰতীয় দোহাই দি সোমাবলৈ দিয়া নাছিল শ্ব'পিং মলৰ ভিতৰত ৷ যুৱক দুজনে আধাৰ কাৰ্ড দেখুওৱাৰ পিছতো ভাৰতীয় বুলি বিশ্বাস নকৰিলে শ্ব'পিং মলখনৰ সুৰক্ষা কৰ্মীয়ে ৷ খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈ যোৱা দুই যুৱকক খালী হাতে উভতাই পঠালে তেলেংগানাৰ ভনস্থলীপুৰমৰ প্ৰতিষ্ঠিত শ্ব'পিং মলখনৰ সুৰক্ষা কৰ্মীয়ে ৷

  • Two of my friends were denied entry today to buy groceries at Starmarket Vanastalipuram,Hyderabad. Reason? They look like a foreginer and not an Indian.

    Even after producing their Aadhar Card, they were denied entry and were sent back home empty handed. (1/3) #SayNoToRacism pic.twitter.com/QsLC5F1Wd7

    — 𝙹𝚘𝚗𝚊𝚑 (जोनाह) (@jtrichao) April 8, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ঘটনাটো ঘটি থকা অৱস্থাতে এগৰাকীয়ে ভিডিঅ' কৰে সমগ্ৰ ঘটনাৰ ৷ পিছত ভিডিঅ'টো টুইট যোগে প্ৰকাশ কৰাত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই সন্দৰ্ভত ৰিটুইট কৰি বিষয়টো গুৰুত্ব সহকাৰে লয় ৷ অৱশেষত বৃহস্পতিবাৰে এজাহাৰৰ ভিত্তিত শ্ব'পিং মলখনৰ সুৰক্ষা কৰ্মী আৰু মেনেজাৰ জনক গ্ৰেপ্তাৰ কৰে ৰাছাক'ণ্ডা আৰক্ষীয়ে ৷

লগতে পঢ়কঃলক ডাউনঃ এইবাৰ ৰঙালীয়ে ৰং সানিব নোৱাৰে শিল্পীৰ জীৱনত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.