নেশ্যনেল ডেস্ক, 18 অক্টোবৰ : 15 অক্টোবৰৰ পৰা হায়দৰাবাদত অব্য়াহত আছে কৃত্ৰিম বানৰ সংহাৰ ৷ ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে বুৰাই পেলাইছে হায়দৰাবাদ ৷ জলমগ্ন সমগ্ৰ হায়দৰাবাদ ৷ শেহতীয়া বান পৰিস্থিতিয়ে ব্য়াহত কৰিছে জন জীৱন ৷
শনিবাৰে হায়দৰাবাদৰ সাংসদ আছাদউদ্দিন অৱেছিয়ে তথ্য় আৰু প্ৰযুক্তি মন্ত্ৰী কে.টি ৰামা ৰাওক সাক্ষাৎ কৰি শেহতীয়া বান পৰিস্থিতিৰ বুজ লয় ৷ কিদৰে বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰি এই বিষয়ে বিতং ভাৱে আলোচনা কৰে ৷
লগতে পঢ়ক :সমুজ্জল ভট্টাচাৰ্যৰ বাবে অগপৰ দুৱাৰ খোলা আছে: সত্যব্ৰত কলিতা