বিশ্ব স্বাস্থ্য সংস্থাই Predicted impact of the COVID-19 pandemic on global tuberculosis deaths in 2020 শীৰ্ষক এখন গৱেষণা পত্ৰ প্ৰকাশ কৰে ।
এই গৱেষণা পত্ৰ মুখ্যতঃ মহামাৰী যক্ষ্মাৰ বিষয়ে আৰু 2020 বৰ্ষত যক্ষ্মাৰ ফলত মৃত্যু হোৱা লোকৰ চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত হোৱা অভাৱৰ বিষয়ে উল্লেখ আছে ।
এক গৱেষণাত প্ৰকাশ পায় যে, Covid-19ৰ প্ৰতিৰোধৰ বাবে লোৱা বিভিন্ন পদক্ষেপ যেনে, লক্ ডাউন আৰু স্বাস্থ্যকৰ্মী সকলৰ স্থানান্তৰৰ বাবে যক্ষ্মা ৰোগী সকলৰ ক্ষেত্ৰত লোৱা বিভিন্ন কৰণীয়ত প্ৰভাৱ পেলাইছে ।
যোৱা তিনি মাহত সমগ্ৰ বিশ্বতে যক্ষ্মা ৰোগৰ অৱস্থিতি ধৰা পৰাৰ হাৰ 25 শতাংশ নিম্নগামী হৈছে । ইয়াৰ ফলত আনুমানিক 1 লাখ 90 হাজাৰ যক্ষ্মা ৰোগজনিত মৃত্যুৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ।
যদি এয়াই হয় তেন্তে 2020 চনত 1.66 মিলিয়ন যক্ষ্মাজনিত মৃত্যু সমগ্ৰ বিশ্বতে সংঘটিত হ'ব পাৰে ।
- ভাৰতবৰ্ষত 22 মাৰ্চৰ 3 সপ্তাহ পিচত যক্ষ্মা ৰোগৰ অৱস্থিতি ধৰা পৰাৰ হাৰ 75 শতাংশ নিম্নগামী হৈছে (প্ৰায় 11367 গৰাকী প্ৰতি সপ্তাহত) কিন্তু 2020 চনৰ প্ৰথম ভাগত প্ৰায় 45875 গৰাকী যক্ষ্মা ৰোগী ধৰা পৰিছে ।
- এই নিম্নগামী হাৰে প্ৰমাণ কৰে যে, যক্ষ্মা ৰোগী নিৰীক্ষণৰ যি প্ৰক্ৰিয়া সেয়া বাধাগ্ৰস্ত হৈছে, স্বাস্থ্যকৰ্মীসকলক আন কামত (যেনে COVID) নিয়োজিত কৰা হৈছে আৰু যক্ষ্মা ৰোগীৰ পৰীক্ষা কৰাৰ সংখ্যা অৱনমিত হৈছে ।
- উপৰোক্ত ধাৰণাৰ পৰা নিশ্চিতভাৱে ক'ব পাৰি যে, যক্ষ্মা ৰোগ চিনাক্তকৰণৰ চলিত যি প্ৰক্ৰিয়া সেইয়া যদি আগৰ দৰে নহয়, তেন্তে ই ৰোগীৰ ওপৰত অতিকৈ বিৰূপ প্ৰভাৱ পেলাব ।
- ৰাষ্ট্ৰীয় যক্ষ্মা নিৰূপন আৰু চিনাক্তকৰণৰ প্ৰক্ৰিয়াক জৰুৰীকালীন স্বাস্থ্যসেৱা সমূহৰ ভিতৰত সন্নিবিষ্ট কৰাতো অতিকৈ প্ৰয়োজনীয়, বিশেষকৈ কৰ'ণা মহামাৰীৰ এনে ত্ৰাসৰ সময়ত ।
- গৱেষণা পত্ৰখনে উল্লেখ কৰে যে, যদি যক্ষ্মা ৰোগৰ বিষয়ে সময়োচিত ব্যৱস্থা লোৱা নহয়, তেন্তে ই এই ৰোগৰ চিকিৎসা ব্যৱস্থাক আৰু 5 বছৰলৈ পিছুৱাই নিব আৰু যক্ষ্মা ৰোগজনিত মৃত্যুৰ হাৰ 2015 চনৰ সমহাৰ চুবগৈ ।
- যিহেতু ভাৰতবৰ্ষত যক্ষ্মাজনিত মৃত্যুৰ হাৰ সবাতোকৈ বেছি গতিকে, যক্ষ্মা ৰোগীসকলেই হ'ব সবাতোকৈ অধিক ক্ষতিগ্ৰস্ত ।
উৎস: https://www.medrxiv.org/content/10.1101/2020.04.28.20079582v1https://www.medrxiv.org/content/10.1101/2020.04.28.20079582v1.full.pdf