ETV Bharat / bharat

আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি পদত মনোনীত কমলা হেৰিছৰে কি সম্পৰ্ক তামিলনাডুৰ এখন গাঁৱৰ - ডিজিটেল বেনাৰ

তামিলনাডুৰ পৈংগানাডুৰ কৃষি প্ৰধান নোন্দেস্ক্ৰীপ্ট গাঁওখন সম্প্ৰতি চৰ্চাত, কিয়নো আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন 2020ৰ বাবে ডেম’ক্ৰেটিক পাৰ্টীৰ দ্বাৰা উপ-ৰাষ্ট্ৰপতি পদত মনোনীত হোৱা কমলা হেৰিছৰ এই গাঁওখনতেই ককাকৰ ঘৰ ৷

Tamil Nadu village in spotlight
চৰ্চাত তামিলনাডুৰ এখন গাঁও
author img

By

Published : Aug 16, 2020, 9:42 PM IST

নিউজ ডেস্ক, 16 আগষ্ট: আমেৰিকাৰ সংসদীয় নিৰ্বাচন 2020ৰ বাবে ডেম’ক্ৰেটিক পাৰ্টীৰ দ্বাৰা আমেৰিকান চিনেটৰ কমলা হেৰিছ উপ-ৰাষ্ট্ৰপতি পদত মনোনীত হোৱাৰ পাচত তামিলনাডুৰ এখন গাঁৱৰ কথা চৰ্চিত হৈ পৰিছে ৷ তামিলনাডুৰ নোন্দেস্ক্ৰীপ্ট গাঁওখনৰ কথা পোহৰলৈ আহিছে, কিয়নো এই গাঁওখনতেই হেৰিছৰ ককাকৰ ঘৰ ৷

পৈংগানাডুৰ এই কৃষি প্ৰধান গাঁওখন তিৰুৱৰুৰ জিলাৰ সমীপৰ কাবেৰী ডেল্টাত অৱস্থিত ৷ নিৰ্বাচনত হেৰিছৰ জয়ৰ বাবে তেওঁক সমৰ্থন কৰি গাঁওখনত ডিজিটেল বেনাৰ লগোৱাৰ লগতে সম্পূৰ্ণ গাঁওখন সজাই-পৰাই তুলিছে ৷ লগতে হেৰিছক লৈ গাঁওবাসী গৰ্বিত হৈছে ৷

এই গাঁওখনৰেই গৌৰৱ কমলা হেৰিছ ৷ হেৰিছৰ মাতৃ শ্যামলা পিভি গোপালনৰ কন্যা আছিল, যিয়ে স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰ পাচতে হেৰিছৰ মাতৃয়ে উচ্চ শ্ৰেণীৰ অসামৰিক সেৱিকা হিচাপে দুৰ্নীতিৰ বিৰুদ্ধে কাম কৰিছিল ৷ হেৰিছৰ আইতাক কাষৰীয়া থুলাসেনথিৰাপুৰাম গাঁৱৰ বাসিন্দা আছিল ৷ আইতাকৰ গাঁৱতো হেৰিছৰ জয়ৰ বাবে ডিজিটেল বেনাৰ লগায় গাঁওবাসীয়ে ৷

যদিও হেৰিছৰ পূৰ্বপুৰুষসকলে গাঁওখনৰ পৰা গুচি গৈছিল, কিন্তু তথাপিও গাঁওখনত থকা মন্দিৰৰ সৈতে তেওঁলোকে সম্পৰ্ক ৰক্ষা কৰি আহিছে ৷

গোপালন আৰু তেওঁৰ পৰিয়ালে মন্দিৰৰ পুনঃনিৰ্মাণৰ বাবে বৰঙণি দান দিছিল ৷ আগন্তুক নিৰ্বাচনত হেৰিছৰ জয়ৰ অৰ্থে গাঁওবাসীয়ে চেভুহা পেৰুমল মন্দিৰত প্ৰাৰ্থনা অব্যাহত ৰাখিছে ৷

শেহতীয়াকৈ ভগৱান বিষ্ণুৰ শ্ৰী ধৰ্মস্থান মন্দিৰত হেৰিছৰ জয়ৰ বাবে পূজা সম্পন্ন কৰা হয় ৷ মন্দিৰ প্ৰশাসনৰ মুখ্য বিষয়াই সদৰি কৰা মতে, কমলা হেৰিছৰ পৰিয়ালে এতিয়াও মন্দিৰৰ বাবে সাংস্কৃতিক মূল্য প্ৰদান কৰে ৷ লগতে তেওঁৰ পৰিয়ালে মন্দিৰৰ পুনঃগঠনৰ বাবে বৰঙণি আগবঢ়াইছে ৷

আনহাতে, গাঁওবাসীয়ে হেৰিছৰ পৰিয়ালে প্ৰদান কৰা দান-বৰঙণিৰ তথ্য প্ৰচাৰৰ হেতু গাঁও, মন্দিৰ, তেওঁৰ মামাকৰ বাসগৃহ আৰু মন্দিৰৰ পত্ৰিকাৰ ফটো চ’ছিয়েল মিডিয়াযোগে প্ৰচাৰ কৰে ৷

মঙলবাৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনিত হোৱা 55 বৰ্ষীয় কমলা হেৰিছৰ পিতৃ জামাইকাৰ আফ্ৰিকান আৰু মাতৃ ভাৰতীয় ৷ সম্প্ৰতি হেৰিছ কেলিফ’ৰ্ণিয়াৰ পৰা আমেৰিকান চিনেটৰ পদত নিযুক্ত হৈ আছে ৷

লগতে পঢ়ক: উত্তৰ প্ৰদেশত পুনৰ গ্ৰেপ্তাৰ গেংষ্টাৰ বিকাশ ডুবেৰ সহযোগী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.